অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বেংছতা

বেংছতা (Bengsata) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক অপূৰ্ব কুমাৰ শইকীয়াৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত হৈছিল। প্ৰকাশন গোষ্ঠী আছিল আঁক-বাক। গ্ৰন্থখনে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ৪ মে’ ২০২৬ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বেংছতা (Bengsata) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক অপূৰ্ব কুমাৰ শইকীয়াৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত হৈছিল। প্ৰকাশন গোষ্ঠী আছিল আঁক-বাক। গ্ৰন্থখনে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।১ গল্প-সংকলনখনিত মুঠতে ঊনৈশটা গল্প সন্নিৱিষ্ট হৈছে।২

গল্পকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: অপূৰ্ব কুমাৰ শইকীয়া

অপূৰ্ব কুমাৰ শইকীয়া বৃত্তিগতভাৱে এগৰাকী চিকিৎসক। তেখেতৰ জন্ম হয় ১৯৬২ চনত। জন্ম স্থান নগাঁও। তেখেতে ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। তেখেতৰ গ্ৰন্থ সমূহ হৈছে: ১) গল্প সংকলন: ব্যৰ্থ নায়ক (১৯৯৮), বিষয়ঃ প্ৰেমৰ সংবিধান (২০০০),মাটি আখৰা (২০০৩),বজাৰত এদিন (২০০৭), লিংগমুক্ত পৃথিৱীৰ সাধু এটা (২০১১), বেংছতা (২০১৬), চ’তৰ উৰহী (২০১৯) ২) প্ৰৱন্ধ সংকলন: অসমীয়া মানুহৰ জিন (২০১৬) ৩) সম্পাদনা: দেশী-বিদেশী গল্প সম্ভাৰ(২০২১)

গ্ৰন্থৰ চমু পৰিচিতি

বেংছতাত ভিন্ন বিষয়ৰ মুঠতে ঊনৈশটা গল্প সন্নিৱিষ্ট হৈছে।২ সেইকেইটা হৈছে-

  1. বেংছতা
  2. ওলমা বাদুলী
  3. নীলা চৰাই
  4. বিচ্ছিন্নতাবাদৰ গল্প
  5. হৃদয়
  6. এটা গল্পৰ জন্ম বৃত্তান্ত
  7. তৰা দ্বীপ ইত্যাদি
  8. বান্দৰ
  9. বাঁও বাট
  10. ব্ৰহ্মাণ্ড-সংগীত
  11. ৰোগ
  12. জীৱনৰ জ্যামিতি
  13. এটা সন্দেহৰ দাম
  14. মোট
  15. প্ৰভু তুমি প্ৰথম পুৰুষ
  16. বিজ্ঞাপনৰ পৃথিৱী
  17. মই
  18. দেহ ব্যৱসায়
  19. জুমুঠি

তথ্যসূত্ৰ

  1. ↑ ‘বেংছতা’ৰ স্ৰষ্টা অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমি বঁটা. নিউজ লাইভ
  2. ↑ BENGSATA বেংছতা: অপূৰ্ব কুমাৰ শইকীয়া (AANK-BAAK)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেংছতা” প্ৰবন্ধৰ সংশোধন ৬০৪৩৬১ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।