যোগাযোগ কলা গ্ৰন্থখনৰ লিখক নীৰাজনা মহন্ত বেজবৰা। বনলতা প্ৰকাশনৰ পৰা ২০০৫ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত এই গ্ৰন্থখনত যোগাযোগৰ সামগ্ৰিক ধাৰণা, সংজ্ঞা, ইয়াৰ বিভাজন, পদ্ধতি, ভাষিক যোগাযোগ, ভাষাভিন্ন যোগাযোগ, জনসম্পৰ্ক ৰক্ষাৰ লগতে আনুষ্ঠানিক, অনানুষ্ঠানিক যোগাযোগৰ উদাহৰণ, গৱেষণা-পত্ৰ আৰু প্ৰবন্ধ লিখাৰ ধৰণ, ইয়াৰ নীতি-নিয়ম, ৰেডিঅ’ লেখন, চিনেমা আৰু টেলিভিছনৰ বাবে লেখন আদি বিষয়সমূহ সামৰি লোৱা হৈছে।১
লেখকৰ পৰিচয়
নীৰাজনা মহন্ত বেজবৰা (Nirajana Mahanta Bezborah) হৈছে এগৰাকী অসমীয়া সাহিত্যিক, অনুবাদক, অধ্যাপক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। বিংশ শতিকাৰ শেষৰফালে তুলনামূলক ভাৰতীয় সাহিত্য বিষয়ত গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰা নীৰাজনা মহন্ত বেজবৰা বৰ্তমান সময়ত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ বিষয়ৰ এগৰাকী অগ্ৰণী গৱেষক। সেইদৰে অসমীয়া অনুবাদ সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতৰ নামটো প্ৰতিনিধিত্বমূলক।২
গ্ৰন্থ বিৱৰণ
গ্ৰন্থখনত সৰ্বমুঠ দুটা খণ্ড আছে। ইয়াৰে প্ৰথম খণ্ডটোৰ নাম যোগাযোগৰ কৌশল আৰু দ্বিতীয় খণ্ডটোৰ নাম যোগাযোগৰ মাধ্যম।৩
প্ৰথম খণ্ডটোৰ বিষয়বস্তুসমূহ হ’ল ১. প্ৰস্তাৱনা, ১.১ পৰিচয়, ১.২ যোগাযোগৰ পদ্ধতি, ১.৩ যোগাযোগৰ শ্ৰেণী বিভাজন, ১.৪ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক যোগাযোগ, ২. ভাষিক যোগাযোগ, ২.১ যোগাযোগ আৰু ভাষা, ২.২ ভাষা প্ৰয়োগৰ কলা-কৌশল, ২.২.১ শব্দ, ২.২.২ বাক্য গাঁথনি, ২.৩ লিখিত যোগাযোগত অনুচ্ছেদ, ২.৩.১ অনুচ্ছেদ বিভাজন, ২.৩.২ অনুচ্ছেদ গঠন, ২.৩.৩ অনুচ্ছেদৰ দৈৰ্ঘ্য, ২.৩.৪ অনুচ্ছেদ নিৰ্মাণৰ কিছুমান কলা-কৌশল, ২.৪ লিখিত যোগাযোগত বিৰাম চিহ্ন, ২.৫ লিখিত যোগাযোগত অন্যান্য নিৰ্দেশক চিহ্ন, ২.৬ উৎকৃষ্ট লেখন আৰু লেখক, ২.৬.১ লেখক, ২.৬.২ ভাল লেখনৰ সাধাৰণ কৌশল, ২.৬.৩ ভাল লেখনৰ গুণাৱলী, ৩. ভাষাভিন্ন যোগাযোগ, ৩.১ শৰীৰ-ভাষা সম্পৰ্কীয়, (ব্যক্তিগত বাহ্যিক ৰূপ, দেহভংগী, অংগ সংকেত, মুখভংগী, চাক্ষুষ অভিব্যক্তি), ৩.২ স্থানিক দূৰত্ব সম্পৰ্কীয়, ৩.৩ বাছনিক লক্ষণ, (মাতৰ তীব্ৰতা, বেগ, কণ্ঠস্বৰৰ কম্পন, উচ্চাৰণৰ স্পষ্টতা, উচ্চাৰণৰ শুদ্ধতা, স্বৰ নিয়ন্ত্ৰণ, সাময়িক বিৰতি), ৩.৪ সময়নিষ্ঠা সম্পৰ্কীয়, ৪. জনসম্পৰ্ক ৰক্ষা আৰু যোগাযোগ, ৫. কেইবিধমান আনুষ্ঠানিক যোগাযোগ, ৫.১ সাক্ষাৎকাৰ, (কোনো পদত নিযুক্তি বা কোনো পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সাক্ষাৎকাৰ, তথ্য আহৰণৰ বাবে সাক্ষাৎকাৰ), ৫.২ সামুহিক যোগাযোগ, ৫.২.১ সভা বা মিটিং, ৫.২.২ আলোচনাচক্ৰ আৰু অধিবেশন, ৫.২.৩ সামূহিক আলোচনা, ৫.৩ গৱেষণা-পত্ৰ আৰু প্ৰবন্ধ
দ্বিতীয় খণ্ডটোৰ বিষয়বস্তুসমূহ হ’ল- ১. প্ৰস্তাৱনা, ১.১ আলেখ লেখন, ১.২ পাঠকৰ বাবে লেখন আৰু শ্ৰোতা-দৰ্শকৰ বাবে লেখন, ২. ৰেডিঅ' লেখন, ২.১ ৰেডিঅ' লেখনৰ সুবিধা আৰু অসুবিধা, ২.২ ৰেডিঅ' লেখনৰ প্ৰকাৰ, ২.৩ ৰেডিঅ' লেখনৰ কলা-কৌশল, ২.৩.১ বাতৰি, ২.৩.২ কথিকা, ২.৩.৩ ৰেডিঅ' আলোচনা, ২.৩.৪ ৰেডিঅ' নাটক, ২.৩.৫ ৰূপক বা আলেখ্য, ৩. চিনেমা আৰু টেলিভিছনৰ বাবে লেখন, ৩.১ দৃশ্য-শ্ৰব্য মাধ্যম, ৩.২ মঞ্চ, চিনেমা আৰু টেলিভিছনৰ বাবে নাট্য লেখনৰ পাৰ্থক্য, ৩.৩ চিত্ৰনাট্য লেখন, ৩.৩.১ পৰিচয়, ৩.৩.২ চিত্ৰনাট্য লেখনৰ কৌশলবিধি, (দৃশ্য-শ্ৰব্য কল্পনা; অনিশ্চিত বৰ্তমান কালত উপস্থাপন; সাধাৰণ লেখন আৰু চিত্ৰনাট্য লেখন; চিত্ৰনাট্যৰ ভাষা:শ্বট, দৃশ্য, ছিকুৱেন্স; চিত্ৰনাট্য লেখনত লেখকৰ সীমাবদ্ধতা), ৩.৩.৩ সাহিত্যৰ দৃশ্য-শ্ৰব্য মাধ্যমলৈ ৰূপান্তৰ, ৩.৪ সামৰণি
পৰিশিষ্ট অধ্যায়ত সন্নিৱিষ্ট বিষয়বস্তুসমূহ হ’ল- ১.প্ৰাসংগিক শব্দাৱলী
তথ্যসূত্ৰ
- ↑ নীৰাজনা মহন্ত বেজবৰা. (২০০৫). যোগাযোগ কলা. বনলতা
- ↑ Nirajana Mahanta Bezborah. বিশ্ববিদ্যালয়ৰ ৱেবচাইট
- ↑ gargaoncollege-opac.koha.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগাযোগ কলা” প্ৰবন্ধৰ সংশোধন ৪৪৯৯৭৯ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।