অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

যথাৰীতি (গ্ৰন্থ)

যথাৰীতি হৈছে সমালোচক প্ৰভাত বৰাৰ এখন অতিশয় গুৰুত্বপূৰ্ণ সাহিত্য-সমালোচনাধৰ্মী প্ৰবন্ধ সংকলন। প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যতত্ত্বৰ আলোকত অসমীয়া সাহিত্যৰ লগতে বিশ্বসাহিত্যৰ বিবিধ প্ৰসংগই এই গ্ৰন্থখনত ঠাই পাইছে।

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৫ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

যথাৰীতি হৈছে সমালোচক প্ৰভাত বৰাৰ এখন অতিশয় গুৰুত্বপূৰ্ণ সাহিত্য-সমালোচনাধৰ্মী প্ৰবন্ধ সংকলন। প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যতত্ত্বৰ আলোকত অসমীয়া সাহিত্যৰ লগতে বিশ্বসাহিত্যৰ বিবিধ প্ৰসংগই এই গ্ৰন্থখনত ঠাই পাইছে।

গ্ৰন্থকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: প্ৰভাত বৰা

অসমীয়া সাহিত্য-সমালোচনাৰ ক্ষেত্ৰখনলৈ বিশিষ্ট বৰঙণি যোগোৱা সমালোচক প্ৰভাত বৰাই স্কুলীয়া আৰু কলেজীয়া শিক্ষা শিৱসাগৰতে সম্পন্ন কৰি পৰবৰ্তীসময়ত উচ্চশিক্ষাৰ বাবে এলাহাবাদ বিশ্ববিদ্যালয়লৈ যায় আৰু প্ৰফেছৰ বি. ডি. এন. সাহায়, প্ৰফেছৰ ৱাই. পি. সাহায় আদি প্ৰসিদ্ধ শিক্ষাগুৰুৰ সান্নিধ্যত গুৰুমন্ত্ৰ লাভ কৰে। অধ্যয়নৰ বিস্তাৰ আৰু গভীৰতাৰ সত্ত্বেও স্বভাৱজাত আলস্যৰ বাবেই প্ৰভাত বৰাৰ প্ৰকাশিত ৰচনাৰ সংখ্যা যথেষ্ট কম। তথাপি সাহিত্য-সমালোচনামূলক ৰচনাসমূহৰ ফালৰ পৰা প্ৰভাত বৰা অসমীয়া আধুনিক সাহিত্যৰ যুগটোত হীৰেন গোহাঁই ৰ পাছতে এখন গুৰুত্বপূৰ্ণ স্থান পাবলগীয়া সমালোচক।১

গ্ৰন্থখনৰ অন্তৰ্গত প্ৰবন্ধসমূহ

যথাৰীতি ৰ আলোচ্য বিষয়ক ক্ৰমে ক, খ, গ, ঘ এই চাৰিটা উপবিভাগত ভাগ কৰা হৈছে আৰু এই উপবিভাগসমূহত ক্ৰমে অসমীয়া সাহিত্য, পাশ্চাত্য সাহিত্য,সাক্ষাত্কাৰ আৰু সোঁৱৰণী লেখাই ঠাই পাইছে। এই বিভাগকেইটাত সামৰি লোৱা প্ৰবন্ধবোৰ হৈছে--

ক

  • আনন্দৰাম ঢেকিয়াল ফুকন: অসমত আধুনিক ঐতিহ্যৰ বিস্তাৰ
  • ৰসবাজ বেজবৰৱা আৰু আধুনিক অসমীয়া সাহিত্যৰ ঐতিহ্য
  • চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বীণ-ব'ৰাগী'
  • কীৰ্তন: এটি টোকা
  • বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস দুখনৰ বাটচ'ৰাত
  • মুনীন বৰকটকী: সাহিত্য আৰু ঐতিহ্য
  • ফৰাচী কাব্য-ঐতিহ্যৰ আঁত ধৰি অজিৎ বৰুৱাৰ কবিতাৰ বিষয়ে যৎকিঞ্চিৎ
  • এখন প্ৰেমৰ উপন্যাস: এটি সমালোচনা
  • সৌৰভ চলিহাৰ গল্প: এটি অনুসন্ধান
  • তুষাৰৰূপৰ পৃষ্ঠভূমি সৌৰভ কুমাৰ চলিহাৰ গল্প
  • মহিম বৰাৰ কবিতা
  • নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা
  • ড° হীৰেন গোহাঁই
  • ড° হীৰেন গোহাঁইৰ বৌদ্ধিক পৰিক্ৰমাৰ চাৰিটা দশক
  • অপূৰ্ব শৰ্মাৰ 'বাঘে টাপুৰ ৰাতি'
  • অপূৰ্ব শৰ্মাৰ গল্প: এটি চমু টোকা
  • হৰেকৃষ্ণ ডেকাৰ 'সানমিহলি বৰ্ণমালা'ৰ সাধনা
  • আশীৰ পৰৱৰ্তী অসমীয়া কবিতা/১৪২
  • হৰেকৃষ্ণ ডেকাৰ ইংৰাজীলৈ অনূদিত কাব্যগ্ৰন্থ 'ছি-স্কেয়াৰ'ৰ পাতনি/১৬৪

খ

  • ৰোমাণ্টিচিৰ অ-আ
  • লাতিন আমেৰিকাৰ সাহিত্য-সংস্কৃতি, যাদুকৰী বাস্তৱ আৰু গেব্ৰিয়েল গাৰ্টিয়া
  • মাৰ্কেজ
  • কথাস্তৰ: আমি আৰু ডন কিহতে/আমি ডন কিহতে
  • বৰ্হেছৰ সপোনৰ বাঘ আৰু কিছুমান আন কথা
  • অৰ্হান পামুকৰ 'মাই নেইম্ ইজ ৰে'ড্'
  • 'ছেইলিং টু বাইজানটিয়াম': পামুকৰ সন্ধানত
  • মিচেল ফুকো
  • ৰ'লা বাৰ্থ
  • 'পেৰিছ ৰিভিউ'ৰ সাক্ষাৎকাৰ

গ

  • কল্পনাতে যদি চৰিত্ৰ দিব খোজে সি 'ফ্লেট' হৈ যাব: মহিম বৰা
  • কথোপকথন: নীলমণি ফুকনৰ সৈতে
  • অধ্যয়নপ্ৰীতি আৰু ব্যক্তিগত পুথিভঁৰাল, কথোপকথন: জীৱন নৰহ

ঘ

  • হেম বৰুৱাৰ ৰামধেনু-প্ৰতিভাৰ সোঁৱৰণত
  • জাক্ ডেৰিডা: ব্যক্তিগত শ্ৰদ্ধাঞ্জলি
  • মহেন্দ্ৰ বৰা: এটি দুখৰ কবিতা২

তথ্যসূত্ৰ

  1. ↑ প্ৰভাত বৰা. যথাৰীতি. আঁক-বাক. পৃ. প্ৰচ্ছদ পৃষ্ঠা
  2. ↑ প্ৰভাত বৰা. (২০১৩). যথাৰীতি. আঁক-বাক. পৃ. সূচীপত্ৰ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যথাৰীতি (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫৬৬৪৬৬ (২৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।