অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মক্‌ড্ৰিল (গল্প সংকলন)

মক্‌ড্ৰিল (Mockdril) গল্পকাৰ, কলা সমালোচক তথা গৱেষক মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ২০১০ চনত এই সংকলনখনি প্ৰথমবাৰলৈ প্ৰকাশ পায়। বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই সংকলনখনিত লেখিকাৰ মুঠ ১০টা গল্প সন্নিৱিষ্ট হৈছে। এই গল্পসমূহ ২০০৭ চনৰ পৰা ২০১০ চনৰ ভিতৰত বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে।

হালনাগাদ: ১৬ জুলাই ২০২২ ৪৬০ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মক্‌ড্ৰিল (Mockdril) গল্পকাৰ, কলা সমালোচক তথা গৱেষক মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ২০১০ চনত এই সংকলনখনি প্ৰথমবাৰলৈ প্ৰকাশ পায়। বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই সংকলনখনিত লেখিকাৰ মুঠ ১০টা গল্প সন্নিৱিষ্ট হৈছে। এই গল্পসমূহ ২০০৭ চনৰ পৰা ২০১০ চনৰ ভিতৰত বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে। অৰুণাচল প্ৰদেশৰ চিত্ৰশিল্পী পুন্য' চ'বিনে ইয়াৰ বেটুপাতৰ ছবি অংকন কৰিছে।১

লেখিকাৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মৌচুমী কন্দলী

মৌচুমী কন্দলী এগৰাকী অসমীয়া সাহিত্যিক হোৱাৰ লগতে শিল্প কলাৰো গৱেষক আৰু লেখক। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কালচাৰেল ষ্টাডিজ বিভাগৰ সহকাৰী অধ্যাপক। তেওঁ জাৰ্মানীৰ ফ্ৰেংকফ'ৰ্ট, বাৰ্লিন, মিউনিখ, লাইপজিগ, হালে, আউচবাৰ্গ আদি ঠাইত গল্প পাঠ কৰাৰ লগতে অসম আৰু ভাৰতৰ কলা-সংস্কৃতি, সাহিত্য আদি বিষয়ত আলোকপাত কৰিছে। কন্দলীৰ কলা সম্পৰ্কীয় বহুসংখ্যক প্ৰবন্ধ বিভিন্ন ৰাষ্ট্ৰীয় আৰু অসমীয়া ভাষাৰ স্থানীয় কাকত-আলোচনীত প্ৰকাশিত হৈছে। তেওঁ কৰা চালভাড'ৰ দালিৰ গ্ৰন্থ Diary of A Genius-ৰ অনুবাদ এক ধীমানৰ আত্মজীৱনী নামেৰে প্ৰকাশ পায়। ২০০৮ চনত সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা মিচিং লোক কবিতাৰো তেওঁ ইংৰাজী অনুবাদ (Listen My Flower-bud: Mishing Oral Poetry of Assam) কৰিছে। তেওঁৰ গল্প ইংৰাজীৰ লগতে জাৰ্মান, হিন্দী, বাংলা, নেপালী, উড়িয়া, কাচী আদি ভাষালৈ অনূদিত হৈছে। ২০২২ চনত The Black Magic Women নামেৰে তেওঁৰ গল্পৰ ইংৰাজী অনুবাদ পেংগুইনৰ বেনাৰত প্ৰকাশিত হয়।২৩

বিষয়বস্ত

সংকলনখনিত সন্নিৱিষ্ট দহোটা গল্পই ভিন্নস্বাদৰ। অন্ধিকা পৰ্ব নামৰ প্ৰথম গল্পটোত লেখিকাই প্ৰাচীন ভাৰতীয় সভ্যতাৰ পটভূমিত প্ৰথম পুৰুষত দাস জনগোষ্ঠীৰ এগৰাকী যুৱতীৰ মুখেৰে সেই সময়ৰ পুৰুষতান্ত্ৰিক সমাজ আৰু বৰ্ণবাদৰ বিষয়ে বৰ্ণনা কৰিছে। মহাভাৰতত দ্ৰৌপদীৰ বস্ত্ৰহৰণকে ধৰি বিভিন্ন ঐতিহাসিক আৰু কাল্পনিক ঘটনাক্ৰমৰ সৈতে সাম্প্ৰতিক সমাজৰ কিছু ঘটনাৱলীৰ চৰিত্ৰগত সাদৃশ্য ইয়াত দাঙি ধৰা হৈছে। 'অন্ধিকা পৰ্ব'ৰ বিষয়ে লেখিকাৰ নিজৰ ভাষাত:

"বহুদিনৰ পৰাই প্ৰাচীন যক্ষীমূৰ্তিবোৰে আৰু 'বেলতলা কাণ্ড'ৰ দুপৰীয়া...। গল্পটোত যদিও কিছু ঐতিহাসিক তথ্য ব্যৱহাৰ কৰা হৈছে, যক্ষীমূৰ্তিৰ নিৰ্মাণ, দাসগোষ্ঠীৰ হলাকৰ্ষণ পৰ্ব আদিৰ দৰে বৰ্ণনাবোৰ সম্পূৰ্ণ কাল্পনিক।" ৪

মক্‌ড্ৰিল নামৰ গল্পটোত মাজুলীলৈ গৱেষণামূলক ভ্ৰমণৰ বাবে অহা এহাল যুৱক-যুৱতী আৰু তেওঁলোকক আতিথ্য আগবঢ়োৱা এগৰাকী মহিলাৰ বাৰ্তালাপ আৰু দুয়োপক্ষৰ মনত খুদুৱাই থকা ভাবসমূহৰ বিষয়ে লেখিকাই বৰ্ণনা কৰিছে। প্ৰথম দৃষ্টিতে যুৱক-যুৱতীহাল আৰু মহিলাগৰাকীয়ে এটা পক্ষই আনটোক লক্ষ্য কৰি পৰস্পৰৰ বিষয়ে আৰু দুয়ো ঠাইৰ সভ্যতা-সংস্কৃতি সম্পৰ্কে একোটা ধাৰণা মনতে গঢ়ি লৈছে। কিন্তু মাজুলীৰ বিষয়ে সম্যক ধাৰণা কৰি অসমলৈ অহা যুৱক-যুৱতীহালক মহিলাগৰাকীয়ে বৰ্তমানৰ অসমৰ দূৰৱস্থা বা দুৰ্নীতিসমূহৰ বিষয়ে জনোৱা নাই। একেদৰে কামাখ্যাৰ যোনিপীঠৰ পূজাৰ কথা শুনি অহা যুৱক-যুৱতীহালে তেওঁলোকৰ দেশত শিল্পী এজনে সজা যোনিসদৃশ কফিৰ গুটিৰ ইনষ্টলেচন কোনোবা ৰক্ষণশীল ধাৰণাৰ দুষ্কৃতিকাৰীয়ে তচ-নচ কৰি যোৱাৰ কথা মহিলাগৰাকীক কোৱা নাই। তেওঁলোকে পূৰ্বনিৰ্ধাৰিত চিত্ৰনাট্য অনুসৰণ কৰি সেনাবাহিনীয়ে কৰা এক 'মক্‌ড্ৰিল'ৰ দৰেই অভিনয় কৰাৰ দৰেই বোধ হৈছে।৫

বেটুপাতৰ ছবিৰ সৈতে সংকলনটোৰ গল্পসমূহৰ চৰিত্ৰৰ সাদৃশ্য সন্দৰ্ভত লেখিকাই কৈছে:

"পুণ্য'ৰ চৰিত্ৰবোৰৰ মাজত মোৰ "লাম্‌বাদা নাচৰ শেষত" — "ৰা-বাঁহৰ চিকমিকনি" - এটা গানৰ কাহিনী" — "মক্‌ড্ৰিল" — "মেক্সৱেলৰ দৈত্য" — এনে বহু গল্পৰ চৰিত্ৰবোৰৰ মুখ দেখা পাওঁ। তেওঁৰ ছবিৰ জগতখন আৰু মোৰ কথকতাৰ জগতখনৰ মাজত সেয়ে বিচাৰি পাওঁ কিছু "মিটিং পইণ্ট"...।"৬

গল্পসমূহ

  1. অন্ধিকা পৰ্ব
  2. দ্য শ্বু মাস্ত গ' অন
  3. পাঁচ হাজাৰ বছৰীয়া নৰ-নাৰী
  4. সত্যবানৰ বাবে এটা চেকেণ্ড চাঞ্চ
  5. মক্‌ড্ৰিল
  6. হাঙৰ হাঙৰ — মস্ত এটা হাঙৰ...
  7. মেক্সৱেলৰ দৈত্য
  8. দাঁতিপাৰৰ টোৰটোৰণি
  9. অগস্তি-যাত্ৰা
  10. ৰা-বাঁহৰ চিকমিকনি — এটা গানৰ কাহিনী

তথ্যসূত্ৰ

  1. ↑ মৌচুমী কন্দলী. (২০১০). প্ৰচ্ছদ. বনলতা প্ৰকাশন. পৃ. প্ৰচ্ছদ. ISBN 978-81-7339-493-5
  2. ↑ মৌচুমী কন্দলী. (২০০৭). লাম্‌বাদা নাচৰ শেষত. মা সৰস্বতী প্ৰকাশন. পৃ. প্ৰচ্ছদ
  3. ↑ The Black Magic Women (Stories from North-east India). penguin.co.in
  4. ↑ মৌচুমী কন্দলী. (২০১০). অন্ধিকা পৰ্ব. বনলতা প্ৰকাশন. পৃ. 31. ISBN 978-81-7339-493-5
  5. ↑ মৌচুমী কন্দলী. (২০১০). মক্‌ড্ৰিল. বনলতা প্ৰকাশন. পৃ. 53-73. ISBN 978-81-7339-493-5
  6. ↑ মৌচুমী কন্দলী. (২০১০). বেটুপাতৰ ছবি আৰু... বনলতা প্ৰকাশন. পৃ. প্ৰচ্ছদ. ISBN 978-81-7339-493-5

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মক্‌ড্ৰিল (গল্প সংকলন)” প্ৰবন্ধৰ সংশোধন ৩২৭৯৭৯ (১৬ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।