অসমীয়া গল্পকাৰ
৯৩ প্ৰবন্ধ
-
জয়ন্ত মাধৱ বৰা
জয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটোক অন্যতম ৰূপত গঢ়ি তোলা সাহিত্যিক ঔপন্যাসিক, গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্ৰ নাট্যকাৰ হিচাপে জয়ন্ত মাধৱ বৰাদেৱ জনাজাত।
-
জেহিৰুল হুছেইন
জেহিৰুল হুছেইন ( Jehirul Hussain, ১৯৪০-২০০৫) অসমৰ এগৰাকী সাহিত্যিক। গল্পকাৰৰূপে তেখেতৰ এক বিশেষ পৰিচিতি আছে। তেখেতে ভালেসংখ্যক কবিতাও লিখিছে। শুভাকাংক্ষীৰ মাজত জেহিৰুল হুছেইন নাইচ কা/ নাইচ ছাৰ নামে জনপ্ৰিয় আছিল।
-
নয়নজ্যোতি শৰ্মা
নয়নজ্যোতি শৰ্মা (Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক। তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ…
-
প্ৰবীণা শইকীয়া
প্ৰবীণা শইকীয়া (ইংৰাজী: Prabina Saikia) (১৯৩৬-১৯৯৯) অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখিকা। কবি, গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক হিচাপে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা প্ৰবীণা শইকীয়াৰ দেউতাক নন্দেশ্বৰ দাস আৰু মাতৃৰ নাম ৰত্নেশ্বৰী মহন্ত।
-
লীলাৱতী শইকীয়া বৰা
লীলাৱতী শইকীয়া বৰা একাধাৰে ভাষাবিদ,অনুবাদক, গল্পকাৰ, কবি, সম্পাদক, অধ্যাপক৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে অসমীয়া ভাষা-সাহিত্য বিষয়ক ১০খন তাত্ত্বিক গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে ৮খন গ্ৰন্থ সম্পাদনা কৰিছে৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁৰ…
-
সঞ্জীৱ পল ডেকা
ড° সঞ্জীৱ পল ডেকা (Sanjib Pol Deka) একাধাৰে গল্পকাৰ, আলোচনী সম্পাদক। বৰ্তমান তেওঁ ‘আলাপ’ আলোচনীৰ অবৈতনিক সম্পাদক। কৰ্মসূত্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। তেখেতে ২০১৯ বৰ্ষৰ জুন মাহত এইপিনে কি আছে শীৰ্ষক গল্পগ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
অপূৰ্ব কুমাৰ শইকীয়া
অপূৰ্ব কুমাৰ শইকীয়া হৈছে অসমীয়া ভাষাৰ এজন গল্পকাৰ। তেওঁ পেচাত এজন চিকিৎসক। তেখেতে ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২০ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
গোৱিন্দ প্ৰসাদ শৰ্মা
গোৱিন্দ প্ৰসাদ শৰ্মা (জন্ম: ১৯৪০ -) এগৰাকী অসমীয়া গৱেষক, সাহিত্য সমালোচক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক আৰু সম্পাদক। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰি বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। ড॰ গোৱিন্দপ্ৰসাদ শৰ্মা অসমীয়া কথা-সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সমালোচক।
-
পোলেন বৰকটকী
পোলেন বৰকটকী (জন্ম: ২০ অক্টোবৰ ১৯৪২) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁ সাহিত্যৰ লগতে অসম চৰকাৰৰ জলসিঞ্চন বিভাগত মুখ্য অভিযন্তা হিচাপেও কৰ্মৰত আছিল।
-
প্ৰশান্ত কুমাৰ দাস
প্ৰশান্ত কুমাৰ দাস (Prasanta Kumar Das) এগৰাকী অসমীয়া গল্পকাৰ। ছাত্ৰাৱস্থাতে প্ৰান্তিক আলোচনীৰ পাতত তেওঁ গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল।
-
ভূপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্য
ড° ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য (জন্ম: ৬ আগষ্ট ১৯৫২) এগৰাকী উল্লেখযোগ্য অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু অধ্যাপক৷ তেওঁ ১৯৯১ চনত কাউৰী কাউৰী কাউৰী নামৰ গল্পটোৰ বাবে "সৰ্বভাৰতীয় কথা বঁটা" লাভ কৰিছিল৷ তেওঁ ব্যংগ গল্পৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷
-
মহীচন্দ্ৰ বৰা
অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ মহীচন্দ্ৰ বৰা[১৮৯৪-১৩ জুন ১৯৬৫]৷ তদুপৰি গল্পৰ লগতে তেখেতে কবিতাও ৰচনা কৰিছিল৷ সাহিত্যৰ উপৰিও তেখেত ৰাজনীতিৰ দিশতো সক্ৰিয় আছিল৷ তেখেত আৱাহন যুগৰ এগৰাকী উল্লেখযোগ্য গল্পকাৰ৷ হলিৰাম ডেকা আৰু ত্ৰৈলোক্যনাথ গোস্বামীৰ পিছতে মহীচন্দ্ৰ বৰাই গল্প ৰচনা কৰি আধুনিক…
-
লীনা শৰ্মা
লীনা শৰ্মা (Leena Sarma) এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক। চাকৰিসূত্ৰে ভাৰতীয় ৰেল বিভাগৰ শীৰ্ষ বিষয়া ৰূপে তেওঁ গুৱাহাটীৰ মালিগাঁও সদৰ কাৰ্যালয়ত কৰ্মৰত আছিল। ইতিমধ্যে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ১৯৬২ চনৰ ১১ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ নিজৰাপাৰাত লীনা শৰ্মাৰ জন্ম হৈছিল।
-
শিৱানন্দ কাকতি
শিৱানন্দ কাকতি (Sibananda Kakoti) এগৰাকী অসমীয়া গল্পকাৰ তথা চৰকাৰী চাকৰিয়াল। সত্তৰৰ দশকত একাংকিকা আৰু অনাতাঁৰ নাট লিখি তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। নব্বৈৰ দশকত তেওঁ গল্পকাৰ ৰূপে আত্মপৰিচয় দিয়ে। ১৯৯০ চনত পষেক নামৰ আলোচনীত তেওঁৰ প্ৰথমটো গল্প আমৃত্যু অমৃত প্ৰকাশ পাইছিল।
-
সন্তোষ কুমাৰ কৰ্মকাৰ
সন্তোষ কুমাৰ কৰ্মকাৰ একাধাৰে ঔপন্যাসিক, গল্পকাৰ, শিশু সাহিত্যিক আৰু অনুবাদক। তেখেতৰ জন্ম হৈছিল বাংলাদেশৰ মৈমনসিং জিলাত। জন্ম চন ১৯৫৩। দেউতাকৰ নাম কানাইলাল কৰ্মকাৰ। দেউতাক পেচাত ‘কমাৰ’ আছিল। ভাৰত স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ত পিতৃয়ে সপৰিয়ালে প্ৰব্ৰজন হৈ ভাৰতলৈ আহে।
-
সুপ্ৰকাশ ভূঞা
সুপ্ৰকাশ ভূঞা (Suprakash Bhuyan, জন্ম: ১৯৯০) হৈছে অসমৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ গল্পকাৰ আৰু সাহিত্যিক। ২০২৩ চনত প্ৰকাশিত তেওঁৰ দ্বিতীয়খন গল্প সংকলন কুঁচিয়ানামাৰ বাবে তেওঁ ২০২৫ বৰ্ষৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
অণিমা দত্ত
ড° অণিমা দত্ত (Dr. Anima Dutta) এগৰাকী অসমীয়া গল্পকাৰ, সমালোচক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ সাহিত্য শাখাত প্ৰথম শ্ৰেণী লাভ কৰা প্ৰথমগৰাকী ছাত্ৰী।
-
অভিজিৎ বৰা
অভিজিৎ বৰা (Abhijit Bora) এগৰাকী অসমীয়া লেখক। সাতসৰী আলোচনীৰ পাতত তেওঁ গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ডেউকা কোবাই যায় গল্প সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী সাহিত্য বঁটা আৰু সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।
-
আকাশ দীপ্ত ঠাকুৰ
আকাশ দীপ্ত ঠাকুৰ (Akash Dipta Thakur) হৈছে এগৰাকী অসমীয়া গল্পকাৰ। ঠাকুৰ বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেজ মঙহ শৰীৰ, বেলিফুলৰ ৰং, সাগ্নিক তেওঁৰ উল্লেখযোগ্য গল্পপুথি। বসুন্ধৰা, মৌচাককে ধৰি বিভিন্ন আলোচনীৰ তেওঁ নিয়মীয়া লিখক।
-
কুমুদ গোস্বামী
কুমুদ গোস্বামী এগৰাকী অসমীয়া গল্পকাৰ, সম্পাদক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব। ষাঠিৰ দশকত গল্প, কবিতা আৰু উপন্যাসেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা কুমুদ গোস্বামী শেষৰ ফালে গল্পকাৰ ৰূপে বিশেষ পৰিচিতি লাভ কৰে। ১৯৪৮ চনত কামৰূপ জিলাৰ পলাশবাৰীত কুমুদ গোস্বামীৰ জন্ম হৈছিল।
-
কৃষ্ণ ভূঞা
কৃষ্ণ ভূঞা অসমৰ এগৰাকী গল্পকাৰ৷ তেখেত আৱাহন যুগৰ প্ৰধান গল্পকাৰসকলৰ মাজৰ এজন আছিল৷
-
জাহ্নৱী বৰুৱা
জাহ্নৱী বৰুৱা ( Jahnavi Barua) এগৰাকী অসমীয়া ভাৰতীয় লেখিকা। তেওঁৰ দ্বাৰা ৰচিত Next Door চুটিগল্পৰ সংকলনটি সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত হৈছিল। এই সংলনটোত সন্নিবিষ্ট গল্পসমূহ অসমৰ উগ্ৰবাদী সমস্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। জাহ্নৱী বৰুৱা পেছাত এগৰাকী চিকিৎসক আৰু তেওঁ বাংগালোৰত বাস কৰে।
-
জিন্তু গীতাৰ্থ
জিন্তু ঠাকুৰীয়া (Jintu Thakuria) একাধাৰে গল্পকাৰ, সম্পাদক তথা অধ্যাপক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক। তেখেতে ২০২৩ বৰ্ষৰ জুন মাহত 'মন মৰা তৰা’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
জ্যোতিষ শিকদাৰ
জ্যোতিষ শিকদাৰ (জন্ম: ১০ নৱেম্বৰ ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ। আশীৰ দশকৰ পৰা প্ৰান্তিক আলোচনীৰ জৰিয়তে তেওঁ সাহিত্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁৰ গল্পসমূহত প্ৰেম, জীৱনৰ বিষাদ, সমাজচেতনা আদি বিষয়ৰ সুদক্ষ প্ৰতিফলন দেখা যায়।
-
বিনন্দ বৰুৱা
বিনন্দ বৰুৱা (Binanda Boruah) আছিল গল্পকাৰ, নাট্যকাৰ। ১৯২৮আৰু ১৯২৯চনত ' অসম ছাত্ৰ সন্মিলন'ৰ মুখপত্ৰ' মিলন' ৰ সম্পাদক আছিল।
-
বিৰিঞ্চি কুমাৰ মেধি
বিৰিঞ্চি কুমাৰ মেধি এগৰাকী অসমীয়া গল্পকাৰ। তেওঁ উপন্যাস, শিশুৰ উপযোগী গ্ৰন্থ লিখাৰ লগতে গ্ৰন্থ সম্পাদনাও কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
-
ভদ্ৰেশ্বৰ ৰাজখোৱা
ভদ্ৰেশ্বৰ ৰাজখোৱা (Bhadreswar Rajkhowa) অসমীয়া সাহিত্যৰ ৰামধেনু যুগৰ পৰাই সাহিত্য ৰচনা কৰা এগৰাকী সাহিত্যিক আৰু সমাজকৰ্মী আছিল।
-
ভূপেন শৰ্মা
ভূপেন শৰ্মা (Bhupen Sharma) এজন বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। জীৱন আৰু জগতৰ প্ৰতি সজীৱ সঁহাৰিৰে চিৰন্তন প্ৰমূল্য আৰু মানৱতাৰ অনুসন্ধানেই ভূপেন শৰ্মাৰ প্ৰধান বক্তব্য। ১৯৭৪ চনত সাহিত্য প্ৰকাশে আয়োজন কৰা উপন্যাস প্ৰতিযোগিতাত উড্ডীন উত্তৰীয় নামৰ উপন্যাসখন শ্ৰেষ্ঠ বিবেচিত হৈছিল।
-
মদন শৰ্মা
মদন শৰ্মা (জন্ম: ১৯৫২) অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ, অনুবাদক, সাহিত্য সমালোচক আৰু অধ্যাপক। তেওঁ আজিৰ কবিতা নামৰ আলোচনীৰ সম্পাদক আৰু বিশ্বকোষ (পঞ্চম খণ্ড)ৰো সম্পাদক আছিল। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সছ বিভাগৰ মুৰব্বী তথা ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
হেমন্ত বৰ্মন
হেমন্ত বৰ্মন (জন্ম: ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ আৰু সাংবাদিক। তেওঁৰ গল্পৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ তথাপিও নদী (১৯৯০) হেমন্ত দাসৰ দ্বাৰা পৰিচালিত হৈছিল।