অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেহিৰুল হুছেইন

জেহিৰুল হুছেইন ( Jehirul Hussain, ১৯৪০-২০০৫) অসমৰ এগৰাকী সাহিত্যিক। গল্পকাৰৰূপে তেখেতৰ এক বিশেষ পৰিচিতি আছে। তেখেতে ভালেসংখ্যক কবিতাও লিখিছে। শুভাকাংক্ষীৰ মাজত জেহিৰুল হুছেইন নাইচ কা/ নাইচ ছাৰ নামে জনপ্ৰিয় আছিল।

হালনাগাদ: ৩০ অক্টোবৰ ২০২২ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

জেহিৰুল হুছেইন ( Jehirul Hussain, ১৯৪০-২০০৫) অসমৰ এগৰাকী সাহিত্যিক। গল্পকাৰৰূপে তেখেতৰ এক বিশেষ পৰিচিতি আছে। তেখেতে ভালেসংখ্যক কবিতাও লিখিছে। শুভাকাংক্ষীৰ মাজত জেহিৰুল হুছেইন নাইচ কা/ নাইচ ছাৰ নামে জনপ্ৰিয় আছিল। হুছেইন এগৰাকী প্ৰগতিশীল লেখক আছিল আৰু ১৯৭৯ চনত বিদেশী বহিষ্কাৰ আন্দোলনত বিপৰীত স্থিতি লোৱা বাবে এমাহ কাৰাগাৰত থাকিবলগা হৈছিল।১ শিশু আলোচনী ৰ'দকাঁচিয়লিৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক। জেহিৰুল হুছেইনৰ বৰ ধেমালি সৰু ধেমালি, ভেটি আদি গল্প অসমীয়া গল্প জগতৰ মাইলৰ খুঁটি।

জন্ম আৰু শিক্ষা

১৯৪০ চনত গোলাঘাট টাউনত জন্ম হৈ হুছেইনে ডিব্ৰুগড়ৰ কানৈ কলেজৰপৰা বিজ্ঞান শাখাত ইণ্টাৰমেডিয়েট আৰু গোলাঘাটৰ ডি আৰ কলেজৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।২

কৰ্মজীৱন

নাইচ ছাৰ আছিল বৃত্তিত এগৰাকী শিক্ষক। তেখেতে সাধাৰণ গণিত, উচ্চ গণিতৰ উপৰি বিজ্ঞান পঢ়ুৱাইছিল।১কাৰ্বি আংলং জিলা, নাগালেণ্ড আদি বহুঠাইত শিক্ষকতা কৰি উঠি শেষত জন্মস্থান গোলাঘাটৰ কছাৰীহাট স্কুলৰপৰা অৱসৰ গ্ৰহণ কৰে। তেখেত আছিল ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় শিক্ষক। শিক্ষকতাৰ সমান্তৰালকৈ তেখেতে লেখা-মেলাও কৰি গৈছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত নৱযুগ আলোচনীত তেখেতে প্ৰথম গল্পকাৰৰূপে আত্মপ্ৰকাশ কৰে।২ ইয়াৰ পিছত ক্ৰমান্বয়ে শ্ৰী ময়ী, পদাতিক আদি আলোচনীত নিয়মীয়াকৈ হুছেইনৰ গল্প প্ৰকাশ পাবলৈ ধৰে। ৪৪ বছৰ বয়সত তেখেতে লিখিবলৈ আৰম্ভ কৰিছিল। সেয়ে প্ৰথমৰেপৰা তেখেতৰ লেখা পৰিপক্ক আছিল। ড° হীৰেন গোহাঁই-এ তেখেতৰ ৰাং কুকুৰৰ টুপী, বৰ ধেমালি সৰু ধেমালি আদি গল্পক উৎকৃষ্ট গল্প বুলি কৈছে।৩কেৱল গল্প লেখাতে মন নিদি তেখেতে কবিতাৰ চৰ্চাও কৰিছিল। মাৰ্ক্সীয় আদৰ্শৰ প্ৰতি আস্থাশীল হোৱাৰ বাবে গল্পৰ দৰে তেখেতেৰ কবিতাতো শ্ৰমজীৱী মানুহৰ মুক্তিৰ সংগ্ৰাম দেখিবলৈ পোৱা যায়।৪ একে কাৰণতে তেখেতে বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত কাৰাবাসো খাটিছিল।১ গল্প আৰু কবিতাৰ উপৰিও তেখেতে চিত্ৰ সমালোচনাও লিখিছিল। তেখেত এগৰাকী শিশু সাহিত্যিকো আছিল। অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰ দ্বাৰা প্ৰকাশিত তিনি মহীয়া শিশু আলোচনী ৰ'দকাঁচিয়লিৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল। নাট্যকাৰ ৰূপেও হুছেইনৰ নাম আছিল। নিজৰ গল্পক নিজে নাট্যৰূপ দিবলৈ তেখেত আগ্ৰহী আছিল। সপোনজ্যোতি ঠাকুৰ, মুনীন ভূঞা আদি সফল নাট্যকাৰ সকলে তেখেতৰ এই আগ্ৰহক বঢ়াই তুলিছিল। সপোনজ্যোতি ঠাকুৰে তেখেতৰ সৰু ধেমালি বৰ ধেমালি গল্পক নাট্যৰূপ দিছিল।৫ জেহিৰুল হুছেইনে গোলাঘাট জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।

পৰিয়াল

১৯৭৭ চনৰ ১২ জুনত ছফিয়া হুছেইনৰ সৈতে তেখেত বিবাহপাশত আৱদ্ধ হয় আৰু তেখেত সকলৰ ৰিণমিন আৰু ঋক নামেৰে দুটি ল'ৰা-ছোৱালী আছে।

গ্ৰন্থৰাজি

২০০৭ চনত নতুন সাহিত্য পৰিষদ গোলাঘাট শাখাই জেহিৰুল হুছেইন ৰচনাৱলী প্ৰকাশ কৰি উলিয়াইছে।৪ইয়াৰ বাহিৰেও তেখেতৰ প্ৰকাশিত অন্যান্য কিতাপসমূহ হ'ল:

  1. দুবৰি বনৰ জুই(১৯৯২)৬২
  2. ৰাং কুকুৰৰ টুপী (১৯৯৯)৬২
  3. চিলিকন ভেলীৰ মানুহ(২০০৫)২

সম্পাদনা

  1. সপোনৰ সূৰ্যৰ মানুহ (গল্প গ্ৰন্থ)
  2. ৰ'দকাঁচিয়লি (শিশু আলোচনী)

মৃত্যু

২০০৫ চনৰ ২ মে' তাৰিখে কিডনী বিকল হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জেহিৰুল হুছেইনৰ মৃত্যু ঘটে।৭তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰ'দকাঁচিয়লি আলোচনীয়ে প্ৰতিষ্ঠাপক সম্পাদক জেহিৰুল হুছেইন সোঁৱৰণী সংখ্যা প্ৰকাশ কৰে।

তথ্যসূত্ৰ

  1. ↑ সুশান্ত কৃষ্ণ শৰ্মা. (23/05/2017). জেহিৰুল হুছেইনৰ পৰিবাৰ ছফিয়া হুছেইনৰ সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. muktosinta.org
  2. ↑ শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬ চন). জেহিৰুল হুছেইন. কথা প্ৰকাশন. পৃ. ২৫৮-২৫৯. ISBN ৮১-৮৯১৪৮-১৪-১
  3. ↑ হীৰেন গোহাঁই. (২০০৯). জেহিৰুল হুছেইনৰ গল্পৰ বিষয়ে দুআষাৰ. কথা প্ৰকাশন. পৃ. ৬৭৬-৬৭৮. ISBN ৮১-৮৯১৪৮-১৮-৪
  4. ↑ নয়নমণি মেধি. (১১।০৫।২০১৭). জেহিৰুল হুছেইনৰ কবিতা. muktosinta.org
  5. ↑ সান্ত্বনা শৰ্মা. (১৯২৭ শক). জেহিৰুল হুছেইনক মই যেনেদৰে লগ পাইছিলোঁ. ৰ'দকাঁচিয়লি. পৃ. ৩৬-৩৭
  6. ↑ গীতাশ্ৰী তামুলী. (২০১৫). মুক্তিৰ সপোন আৰু জেহিৰুল হুছেইনৰ গল্প(মাৰ্ক্সবাদী সাহিত্যতত্ত্বত এভুমুকি). আখৰ প্ৰকাশ. পৃ. ২৩৩-২৪৪. ISBN ৯৭৮-৯৩-৮৫৮৩৭-০০-৫
  7. ↑ ভোলানাথ সান্দিকৈ. (১৯২৭ শক). শোক প্ৰস্তাৱ. ৰ'দকাঁচিয়লি. পৃ. ৪৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেহিৰুল হুছেইন” প্ৰবন্ধৰ সংশোধন ৩৩৬২৭৭ (৩০ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।