গোৱিন্দ প্ৰসাদ শৰ্মা (জন্ম: ১৯৪০ -) এগৰাকী অসমীয়া গৱেষক, সাহিত্য সমালোচক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক আৰু সম্পাদক। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰি বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। ড॰ গোৱিন্দপ্ৰসাদ শৰ্মা অসমীয়া কথা-সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সমালোচক। Nationalism in Indo-Anglia Fiction (১৯৭৮) তেওঁৰ উপন্যাস সম্পৰ্কীয় প্ৰথম গৱেষণামূলক গ্ৰন্থ।১
জন্ম
ড॰ শৰ্মাৰ জন্ম হয় ১৯৪০ চনৰ ১ এপ্ৰিলত। দেউতাকৰ নাম গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম প্ৰাণেশ্বৰী দেৱী।২
শিক্ষা
ড॰ শৰ্মাই চাপৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰে, দীঘেলী মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰে। টিহু হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ (১৯৫৭), হায়াৰছেকেণ্ডেৰী উত্তীৰ্ণ হয় কটন কলেজৰ পৰা (১৯৫৯), ইংৰাজী সাহিত্যত মেজৰ সহ কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ (১৯৬১), স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত।৩ তেখেতে ১৯৭৪ চনত অধ্যাপক অমৰেশ দত্তৰ অধীনত Nationalism in Indo-Anglian Fiction বিষয়ত গৱেষণাৰে পি.এইচ. ডি ডিগ্ৰী লাভ কৰে।২
বৈবাহিক জীৱন
তেখেতৰ পত্নীৰ নাম অঞ্জলি শৰ্মা। দুই সন্তানৰ নাম ক্ৰমে অতনু শৰ্মা (জন্ম-১৯৭১) আৰু সাগৰিকা শৰ্মা (জন্ম-১৯৭৫)।
কৰ্ম জীৱন
ড॰ শৰ্মাই প্ৰথমে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯৬১-১৯৬৩) আৰু আৰ্য মহাবিদ্যালয় (১৯৬৫-১৯৬৮)ত কেইবছৰমান শিক্ষকতা কৰিছিল।২ তাৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত (চন-১৯৬৯-১৯৭৫) English and European Languages বিষয়ত অধ্যাপনা কৰিছিল। তাৰ পাছত তেখেতে সেইখন বিশ্ববিদ্যালয়তে ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি ১৯৭৫ চনৰ পৰা ১৯৮১ চনলৈকে অধ্যাপনা কৰিছিল। তেখেত ১৯৯৯ চনৰ পৰা ২০০০ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ Dean হিচাপও নিযুক্ত হৈছিল।
সাহিত্যিক জীৱন
সমালোচনা সাহিত্য
- জীৱনী, অসম সাহিত্য সভা, ১৯৭৪
- Nationalism in Indo-Anglian Fiction (English), Sterling Publishers Pvt Ltd. AB/9, Safdarjung Enclave, New Delhi, 1978.
- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য: ঔপন্যাসিক, বৰুৱা এজেঞ্চী, গুৱাহাটী, ১৯৮৩
- জীৱনী আৰু অসমীয়া জীৱনী, বৰুৱা এজেঞ্চী, গুৱাহাটী, ১৯৮৬
- উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, ১৯৯৫
- নাৰীবাদ আৰু অসমীয়া উপন্যাস, অসম প্ৰকাশন পৰিষদ, ২০০৭<ref>
- Syed Abdul Malik (English, in the Makers of Indian Literature Series), Sahitya Akademi, Kolkata, 2011
- অসমীয়া জাতি চিন্তা, ভৱানী অফচেট, ২০১৩
- অসমীয়া উপন্যাসৰ ইতিহাস, জ্যোতি প্ৰকাশন,২০১৪
- ইংৰাজী সাহিত্যিকৰ জীৱন আৰু সাহিত্য, বনলতা, ২০১৪
উপন্যাস
- পিতনি পুখুৰী ত্ৰিতত্ত্ব
- কাঁচৰ দৰে হীৰাৰ দৰে
- উপন্যাস সমগ্ৰ, বনলতা, ২০১৫
সম্পাদনা গ্ৰন্থ
- কেন্দ্ৰ সভা, বৰুৱা এজেঞ্চী, ১৯৬৯
- অসমীয়া ভাষাবৈজ্ঞানিক পৰিভাষা, (সহযোগী সম্পাদক- ভুৱন মোহন দাস, আনন্দ চন্দ্ৰ ভাগৱতী) গুৱাহাটী ইউনিভাৰচিটি, ১৯৭৩
- এটা ত্ৰিভুজ, দুডখৰ জেং, সৰস্বতী প্ৰকাশন, ১৯৯৯
- অৰিয়ন, ২০০৬
- 150 Years of Journalism in Assam, ২০০৭
- নিৰ্বাচিত চুটিগল্প, (সহযোগী সম্পাদক- শৈলেন ভৰালী আৰু হৃদয়ানন্দ গগৈ), সাহিত্য একাডেমী, ২০১০
- History of Assamese Literature, সাহিত্য একাডেমী, ২০১৩
- Crime and Punishment, novel by Dostoyevsky abridged and adapted with an Introduction, ভৱানী অফচেট, ২০১৪
- The Pronouncing Contemporary English-Assamese Dictionary, ২০১৬
গল্পপুথি
- কাঁচৰ দৰে, বৰুৱা এজেঞ্চী, ১৯৬৮
- দুষিত সুবাস, বৰুৱা এজেঞ্চী, ১৯৭১
- ছোৱালী হোষ্টেলত এগৰাকী লেছবিয়ান, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, ১৯৯৩
- হে অৰণ্য, হে মহাসাগৰ,ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, ২০০৩
- চিত্ৰ বিথীকা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, ২০০৭
- আকাশৰ ৰং, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, ২০১৩
- গল্প সমগ্ৰ, বনলতা ২০১৫
ভ্ৰমণ সাহিত্য
- ডেফডিল ফুল দেখিছা, ইংলেণ্ড আৰু আমেৰিকাৰ ভ্ৰমণৰ আধাৰত লিখা, জ্যোতি প্ৰকাশন,২০০৭
- লাইলাক ফুল ফুলিবৰ বতৰ, ইউৰোপ আৰু ইউ কে ভ্ৰমণৰ আধাৰত লিখা, বনলতা, ২০১১
- ইয়াৰোপৰি তেওঁ দৈনিক অগ্ৰদূতত ‘আকৌ আমেৰিকা’ নামেৰে ধাৰাবাহিকভাৱে ভ্ৰমণমূলক লেখা লিখিছে।
বঁটা আৰু সন্মান
- অসম সাহিত্য সভাৰ মোহন চন্দ্ৰ শৰ্মা বঁটা, ১৯৮৭, জীৱনী আৰু অসমীয়া জীৱনী গ্ৰন্থৰ বাবে।
- Writer in Residency Honour of Sahitya Akademi, New Delhi in 2009.
- অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন, ২০০৯
- যতীন্দ্ৰ নাথ বৰগোহাঁই বঁটা, ২০১৬
- শশী মোহন দাস সোঁৱৰণী বঁটা,২০১৭
তথ্যসূত্ৰ
- ↑ সম্পাদনা-শোণিত বিজয় দাস, মুনীন বায়ন. (2006). কথা বৰেণ্য. পৃ. ২৭৩
- ↑ Official website
- ↑ name=http://www.gobindaprasadsarma.com/}}{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱিন্দ প্ৰসাদ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬৩৯৭২৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।