অপূৰ্ব কুমাৰ শইকীয়া হৈছে অসমীয়া ভাষাৰ এজন গল্পকাৰ।১ তেওঁ পেচাত এজন চিকিৎসক। তেখেতে ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২০ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।২
জন্ম
তেখেতৰ জন্ম হয় ১৯৬২ চনৰ ২১ অক্টোবৰত। জন্ম স্থান নগাঁও জিলাৰ ডিফলু সত্ৰত।৩৪
শিক্ষা
গুৱাহাটী মেডিকেল কলেজৰপৰা এম.বি.বি.এছ.আৰু এম.এছ.(চকু বিশেষজ্ঞ)
চাকৰি জীৱন
মুখ্য চিকিৎসা বিষয়া ই.এছ. আই. চি. মডেল হাস্পতাল, খানাপাৰা, গুৱাহাটী।
প্ৰকাশিত গ্ৰন্থ
- ব্যৰ্থ নায়ক, লয়াৰ্ছ বুক ষ্টল (১৯৯৮)
- বিষয়: প্ৰেমৰ সংবিধান, ৰেণু প্ৰকাশ (২০০০)
- মাটি আখৰা, ক্ৰান্তিকাল প্ৰকাশন (২০০৩)
- বজাৰত এদিন, বাণী মন্দিৰ (২০০৭)
- লিংগমুক্ত পৃথিৱীৰ সাধু, আঁক-বাক প্ৰকাশন (২০১১)
- বেংছতা, আঁক-বাঁক প্ৰকাশন (২০১৬)
- অসমীয়া মানুহৰ জিন, এক্সেল প্ৰিণ্টাৰ্ছ, (প্ৰবন্ধ সংকলন,২০১৬)
- চ’তৰ উৰহী, পাঞ্চজন্য প্ৰকাশন (২০১৯)
- ৰান্ধনি বেলি,আঁক-বাঁক প্ৰকাশন
- মনৰ ডাক্তৰ,আঁক-বাঁক প্ৰকাশন
সম্পাদনা
- দেশী-বিদেশী গল্প সম্ভাৰ, অসম সাহিত্য সভা (২০২১)
বঁটা আৰু সন্মান
- ২০২০ বৰ্ষত ‘বেংছতা’ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ।২
- যাদৱ শৰ্মা সোঁৱৰণী বঁটা, বজাৰত এদিনলৈ শ্ৰেষ্ঠ গ্ৰন্থৰ বাবে।
- অন্তৰ্লিপি সাহিত্য বঁটা।
- ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ লিটাৰেৰী এক্সলেন্স বঁটা।
- মৰমলেণ্ড বছৰটোৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা
- সাহিত্য একাডেমী, (নতুন দিল্লী)ৰ কথা-সন্ধি সন্মান।
- চ’তৰ উৰহী গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা।
তথ্যসূত্ৰ
- ↑ গৰীয়সী, অষ্টািবংশ বছৰ, অষ্টম সংখ্যা, জুন, ২০২১ পৃষ্ঠা-১২
- ↑ (১৩ মাৰ্চ, ২০২১). ৰাজ্যৰ ছগৰাকী সাহিত্যিকলৈ অকাডেমি. দৈনিক অসম. পৃ. 1, 2
- ↑ (১৩ মাৰ্চ, ২০২১). মানুহক বিষয় হিচাপে অধ্যয়ন কৰিব লাগিব. দৈনিক অসম. পৃ. ২
- ↑ গৰীয়সী, অষ্টািবংশ বছৰ, অষ্টম সংখ্যা, জুন, ২০২১ পৃষ্ঠা-১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপূৰ্ব কুমাৰ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৫১৪৬৪২ (৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।