লীলাৱতী শইকীয়া বৰা একাধাৰে ভাষাবিদ,অনুবাদক, গল্পকাৰ, কবি, সম্পাদক, অধ্যাপক৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে অসমীয়া ভাষা-সাহিত্য বিষয়ক ১০খন তাত্ত্বিক গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে ৮খন গ্ৰন্থ সম্পাদনা কৰিছে৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁৰ অৱদান আছে৷ তেখেতে এখন চুটিগল্প বিষয়ক গ্ৰন্থ, তিনিখন কবিতা পুথি লিখাৰ উপৰি দুখনকৈ চুটিগল্পৰ গ্ৰন্থ, এখন উপন্যাস অনুবাদ কৰিছে৷
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম হয় ১৯৪৮ চনৰ ২৭ নৱেম্বৰত৷ জন্ম স্থান- চলচলি হালোৱাগাঁও, নগাঁও৷ পিতৃৰ নাম মোহন চন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম নিসাৰী শইকীয়া
বৈবাহিক জীৱন
তেখেতৰ বিবাহ হয় ১৯৭৪ চনৰ ৮ ডিচেম্বৰ তাৰিখে৷ স্বামীৰ নাম গল্প সৌৰভ খ্যাত যতীন বৰা৷
শিক্ষা
- হাইস্কুল শিক্ষান্তঃ ১৯৬৬ চন৷ হালোৱাগাঁও গাৰ্লছ হাইস্কুল৷
- প্ৰাক্ স্নাতকঃ ১৯৬৭ চন৷ নগাঁও গাৰ্লছ কলেজ
- স্নাতকঃ ১৯৭০ চন,নগাঁও গাৰ্লছ কলেজ৷ অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ৷
- স্নাতকোত্তৰঃ ১৭৭২ চন৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ভাষা বিষয়ত বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰণীৰ প্ৰথম৷
প্ৰকাশিত সাহিত্যৰাজি
- ভাষা সাহিত্যৰ সুবাস, চন্দ্ৰ প্ৰকাশ, ১৯৯২
- মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা, অসম সাহিত্য সভা, ১৯৯৩
- সংস্কৃত পালি প্ৰাকৃত আৰু অসমীয়া ব্যাকৰণ, বনলতা, ২০০২
- অসমীয়া ভাষাৰ ৰূপতত্ত্ব, বনলতা, ২০০৬
- সাহিত্য আৰু সাহিত্যিকৰ ভাষা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, ২০০৭
- ভাষা-সাহিত্য-বিচিত্ৰা, চন্দ্ৰ প্ৰকাশ, ২০১০
- গ্ৰন্থ সুবাস, বিশাল প্ৰকাশন, ২০১১
- Development of Assamese Prose, Panchajanya, 2015
- অসমীয়া ব্যাকৰণ আৰু ব্যৱহাৰ, অসম সাহিত্য সভা, ২০১৬
- সোঁৱৰণীৰ সঁফুৰা, পাঞ্চজন্য, ২০১৭
কবিতা পুথি
- সোণালী পৃথিৱী, ১৯৮৮
- সোণালী সুঘ্ৰাণ, ২০০৪
- ত্ৰিতৰঙ্গ, ২০২০
গল্প সংকলন
- বেলি লহিওৱাৰ পৰত, পাঞ্চজন্য প্ৰকাশন, ২০১৩
অনূদিত উপন্যাস
- এতোৱা মুণ্ডাৰ যুদ্ধজয় (মূলঃ মহাশ্বেতা দেৱীৰ Etoa Munda won the Battle ), নেচনেল বুক ট্ৰাষ্ট, ১৯৯৮
অনূদিত চুটিগল্প
- ৰক্তাক্ত ভল্গা, চন্দ্ৰ প্ৰকাশ, ২০২২
- ৰুছ যুদ্ধৰ শ্ৰেষ্ঠ গল্প, ষ্টুডেণ্টছ্ ষ্ট’ৰ্চ, ২০০৮
সম্পাদিত গ্ৰন্থ
- প্ৰবন্ধাৱলী, চন্দ্ৰ প্ৰকাশ, ১৯৯৯
- ভাষা-জিজ্ঞাসা, বনলতা, ২০০২
- জ্যোতি অন্বেষা, বাণী মন্দিৰ, ২০০৩
- অসমীয়া চুটিগল্পৰ সুবাস, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন, ২০০৩১
- বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্তন, অসম প্ৰকাশন পৰিষদ, ২০০৭২
- ডঃ গোলোক চন্দ্ৰ গোস্বামীঃ ভাষাৰ আজীৱন সাধক, ২০১০
- আধুনিক অসমীয়া গদ্য,প্ৰথম খণ্ড, ২০১৩
- গল্প সৌৰভ, যতীন বৰা ৰচনাৱলী, পাঞ্চজন্য প্ৰকাশন, ২০১৪
সম্পাদিত আলোচনী
- উদ্দীপনাঃ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জালুকবাৰী শাখাৰ মুখপত্ৰ, ১৯৯৮,২০০০
- অন্বেষণ, গুৱাহাটী বিশ্ববিদ্যায়ৰ অসমীয়া বিভাগৰ গৱেষণা পত্ৰিকা, ২০০০
- The Ramayana: Its Impact of Life and Culture, ২০০৩
বঁটা আৰু সন্মান
- ২০১২ চনত অসম সাহিত্য সভাৰ ‘শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈ অসম সাহিত্য সভা বঁটা’
- ২০১৪ চনত ‘মাণিক চন্দ্ৰ বৰুৱা বঁটা’
- ২০১৭-১৮ চনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ‘কাব্যশ্ৰী নলিনীবালা দেৱী বঁটা’
- অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন, ২০১৯-২০ বৰ্ষ
ৰাজহুৱা কাম-কাজ
১০ বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ সভানেত্ৰী (১৯৯৫-২০০৫) ১৮ বছৰ জালুকবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰিতষ্ঠাপক সভানেত্ৰী (১৯৯৬-২০১৩) হাতীগাঁও মহিলা অধ্যয়ন চক্ৰৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, ২০১৫ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টাফ কলেজত তিনিটা অনুশীলন পাঠ্যক্ৰমৰ সংযোজক৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলাৱতী শইকীয়া বৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯৮২৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।