অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰবীণা শইকীয়া

প্ৰবীণা শইকীয়া (ইংৰাজী: Prabina Saikia) (১৯৩৬-১৯৯৯) অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখিকা। কবি, গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক হিচাপে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা প্ৰবীণা শইকীয়াৰ দেউতাক নন্দেশ্বৰ দাস আৰু মাতৃৰ নাম ৰত্নেশ্বৰী মহন্ত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

প্ৰবীণা শইকীয়া (ইংৰাজী: Prabina Saikia) (১৯৩৬-১৯৯৯) অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখিকা। কবি, গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক হিচাপে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা প্ৰবীণা শইকীয়াৰ দেউতাক নন্দেশ্বৰ দাস আৰু মাতৃৰ নাম ৰত্নেশ্বৰী মহন্ত।

সাহিত্য-চৰ্চা

ৰামধেনু (আলোচনী)ৰ পাতত আত্মপ্ৰকাশ কৰা লেখিকাগৰাকীয়ে পৰৱৰ্তী সময়ত মণিদীপ, অসমীয়া, প্ৰকাশ (আলোচনী) আদি আলোচনীৰ পাতত সাহিত্য চৰ্চা কৰে। তেখেতৰ উল্লেখযোগ্য সাহিত্য-কৰ্মসমূহ হল-

উপন্যাস

  • উত্তৰায়ণ(১৯৬৭)
  • সিংহদুৱাৰ(১৯৮২)
  • শুকুলা ঘোঁৰা(২০০৫)

গল্প-সংকলন

  • চিত্ৰ তুৰগ(১৯৭৯)
  • অবিনাশী স্বপ্ন(১৯৯০)

অনুবাদ কৰ্ম

  • অজান দেশত এলিচ (১৯৬৩)
  • দাপোন দেশত এলিচ (১৯৮৪)
  • স্নাৰ্ক চিকাৰ (১৯৮২)
  • অমূল্য ৰত্নৰ দ্বীপ (Treasure Island ৰ অনুবাদ)
  • কলামণি (Black Beauty ৰ অনুবাদ)

ব্যক্তিগত জীৱন

অসম বাতৰি, প্ৰকাশ, গৰীয়সী আদি কাকতৰ সম্পাদক, বিশিষ্ট লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সৈতে ১৯৫৮ চনত বিবাহ সম্পন্ন হয়। ১ এইগৰাকী সাহিত্যিৰ স্মৃতিত প্ৰবীণা শ‍ইকীয়া বঁটা প্ৰদান কৰি অহা হৈছে।

তথ্যসূত্ৰ

  1. ↑ কথা গুৱাহাটী(অসমীয়া নাৰী বিশেষ সংখ্যা), আগষ্ট, ২০০৪, পৃ.১৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবীণা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬৩৯৭২৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।