অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নয়নজ্যোতি শৰ্মা

নয়নজ্যোতি শৰ্মা (Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক। তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁ‌টা লাভ…

হালনাগাদ: ২৬ জুন ২০২৪ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নয়নজ্যোতি শৰ্মা (Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক।১ তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁ‌টা লাভ কৰে।২ ৩ ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হোৱা এই গল্প সংকলন খনেই তেখেতৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।১ তদুপৰি ২০২৩ বৰ্ষত ২৯ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত তেখেতক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁ‌টা-২০২৩ প্ৰদান কৰা হৈছে।৪

জন্ম আৰু শিক্ষা

১৯৯৩ চনৰ ৩ জুন তাৰিখে নলবাৰী জিলাৰ কমাৰকুছি অঞ্চলত৫ জন্মগ্ৰহণ কৰা ডা° শৰ্মাই ২০১০ চনত নলবাৰীৰ অসম একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈছিল। পিছলৈ তেওঁ ২০১২ চনত নলবাৰী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক, ২০১৭ চনত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ২০২১ চনত শল্য তন্ত্ৰ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৬ তেওঁৰ পিতৃ খনীন্দ্ৰ শৰ্মা আৰু মাতৃ ঊষা দেৱী।৭

প্ৰকাশিত গ্ৰন্থ

  • জাল কটা জুই (২০২২, পূৰ্বায়ন প্ৰকাশন)
  • ব্লেক বিউটী (ভাবানুবাদ, ২০২৩, অসম প্ৰকাশন পৰিষদ)

তথ্যসূত্ৰ

  1. ↑ নয়নজ্যোতি শৰ্মা. (২০২২). জাল কটা জুই. পূৰ্বায়ণ প্ৰকাশন. ISBN 978-81-960230-1-0
  2. ↑ ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁ‌টা. দৈনিক অসম
  3. ↑ ডাঃ নয়নজ্যোতি শৰ্মালৈ 'যুৱ সাহিত্য অকাদেমি বঁটা' - Sahitya Akademi Yuva Puraskar 2024. ETV Bharat
  4. ↑ (28-09-2023). কাইলৈৰ পৰা গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ. প্ৰতিদিন
  5. ↑ Interview at News 18 Assam & NE
  6. ↑ (26 June 2024). An Exclusive Interview with Dr. Nayanjyoti Sarma; Recipient of Sahitya Akademi Yuva Puraskar 2024
  7. ↑ (16-06-2024). সাহিত্য অকাডেমিৰ বঁ‌টা পাঁ‌চগৰাকী অসম সন্তান. দৈনিক অসম

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰঅসমৰ চিকিৎসকমুনীন বৰকটকী বঁটা বিজয়ীসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়নজ্যোতি শৰ্মা” প্ৰবন্ধৰ সংশোধন ৪২৪০৭৩ (২৬ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।