ভদ্ৰেশ্বৰ ৰাজখোৱা (Bhadreswar Rajkhowa) অসমীয়া সাহিত্যৰ ৰামধেনু যুগৰ পৰাই সাহিত্য ৰচনা কৰা এগৰাকী সাহিত্যিক আৰু সমাজকৰ্মী আছিল।
জন্ম আৰু পৰিয়াল
অসমৰ নগাঁও জিলাৰ খুটিকটীয়াত ১৯৪৩ চনৰ ১ মাৰ্চত ভদ্ৰেশ্বৰ ৰাজখোৱাৰ জন্ম হয়। পিতৃৰ নাম পূৰ্ণকান্ত ৰাজখোৱা আৰু মাতৃৰ নাম ঘুনুচা ৰাজখোৱা। তেওঁৰ পত্নী ৰেণুপ্ৰভা মহন্ত, পুত্ৰ বিনিময় ৰাজখোৱা আৰু কন্যা কাজৰি ৰাজখোৱা।১২
শিক্ষা
ৰাজখোৱাই নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১
সাহিত্য কৃতি
উপন্যাস
- ঢৌ খেলি ঢৌ খেলি (১৯৮৩)
- বৰফ (১৯৮৬)
- শম্ভুধন ফংল'ছা (২০০১)
গল্প সংকলন
- এখন নতুন দলং (২০০২)
- মই বুজি পালোঁ (২০০৪)
- এদিন ক্লিয়'পেট্ৰাই কান্দিছিল (২০০৭)
- মা (২০০৮)
- তললৈ আৰু তললৈ ( ২০০৯)
- কলং বৈ যায় (২০১০)
- কেম্পটী জলপ্ৰপাত ( ২০১১)
- নাতি আৰু হাতী ( ২০১৩)
কবিতা-গীত-প্ৰবন্ধৰ সংকলন
- জালুকবাৰীৰ সুবাস ( ২০১৩)
ৰাজখোৱাৰ গল্পৰ আধাৰত “কুঁৱলী’’ আৰু “মন-বৃন্দাবন’’ নামৰ দুখন কথাছবিও নিৰ্মাণ হৈছিল, যিকেইখন ছবিৰ গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু ঊষা মংগেশকাৰ৩
অন্যান্য কৰ্ম
ভদ্ৰেশ্বৰ ৰাজখোৱা অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক সভাপতি, নগাঁও জিলাৰ অখিল ভাৰতীয় সাহিত্য পৰিষদ, শাখাৰ প্ৰতিষ্ঠাপক সভাপতি, ৰ’টাৰী ক্লাব, নগাঁৱৰ সভাপতি আছিল।২৩
বঁটা-সন্মান
ভদ্ৰেশ্বৰ ৰাজখোৱাই বিভিন্ন সময়ত বিভিন্ন বঁটা, সন্মান আদি লাভ কৰিছে।২১
- অসম চৰকাৰে প্ৰদান কৰা সাহিত্যিক পেঞ্চন (২০০১)
- অসম সাহিত্য সভাই দিয়া অম্বিকাগিৰী ৰায়চৌধুৰী সোঁৱৰণী বঁটা। ( ২০০২)
- জ্যোতিৰূপা মিডিয়া বঁটা ( ২০০৮)
- গোলোক ৰায়মেধি স্মাৰক কৰ্মযোগী বঁটা (২০১৭)
- গল্পসৌৰভ যতীন বৰা সোঁৱৰণী বঁটা (২০২১)
- অসম প্ৰবাহ সাহিত্য বঁটা (২০২১)
তদুপৰি ২০১৬ চনত ড° অমল ৰাজখোৱাই 'কথা সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱা’ নামেৰে এখন জীৱনী লিখে, আৰু “সুগন্ধি জীৱন’’ নামেৰে তিনিটা খণ্ডত প্ৰকাশ পাইছে তিনিখন অভিনন্দন গ্ৰন্থ।৩
মৃত্যু
২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা ৭-৪০ বজাত নগাঁওৰ “নিদান হস্পিতাল’’ত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।১
তথ্যসূত্ৰ
- ↑ (২০২৫). বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ পৰলোকপ্ৰাপ্তি. কলংপাৰ
- ↑ ৰামধেনু যুগৰ..
- ↑ গল্পকাৰ ৰাজখোৱা আৰু নাই
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভদ্ৰেশ্বৰ ৰাজখোৱা” প্ৰবন্ধৰ সংশোধন ৬৩৯৭২৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।