অসমীয়া গল্পকাৰ
৯৩ প্ৰবন্ধ
-
বন্দিতা ফুকন
বন্দিতা ফুকন (Bandita Phukan) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা।
-
অনুভৱ তুলসী
অনুভৱ তুলসী (Anubhav Tulasi) একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই আহিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
-
ৰাম গগৈ
ৰাম গগৈ(Ram Gogoi, জন্ম:, মৃত্যু: ৯ ছেপ্টেম্বৰ, ১৯৯৪) ৰামধেনু যুগৰ অন্যতম বিশিষ্ট কবি। তেওঁ মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য চৰ্চা কৰিছিল। খাটি খোৱা হালোৱা-হজুৱা, কৃষক-বনুৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁ কবিতাৰে বিপ্লৱ ঘোষণা কৰিছিল।
-
বীৰেশ্বৰ বৰুৱা
বীৰেশ্বৰ বৰুৱা (Bireswar Baruah; ১৯৩৩ - ২০১০)অসমৰ এগৰাকী কবি আৰু সমালোচক। ৰামধেনু যুগত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী কালত গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল।
-
অতুলানন্দ গোস্বামী
অতুলানন্দ গোস্বামী (Atulananda Goswami) (জন্ম: ১৯৩৫; মৃত্যু: ২৭ জুলাই, ২০২২) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। 'চেনেহ জৰীৰ গাঁথি' শীৰ্ষক গল্প-সংকলনখনৰ বাবে ২০০৬ বৰ্ষত তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।
-
আৰাধনা পটংগীয়া গোস্বামী
ড° আৰাধনা পটংগীয়া গোস্বামী ( Aradhana patangia goswami) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰাৱন্ধিক। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। ২০১১ চনত তেওঁ তেওঁৰ উপন্যাস ‘নেপথ্যৰ সংগীত’ৰ বাবে অসম সাহিত্য সভাৰ নিৰ্মল চন্দ্ৰ বৰা স্মাৰক শ্ৰেষ্ঠ উপন্যাস বঁটা লাভ কৰিছিল।
-
নকুলচন্দ্ৰ ভূঞা
নকুলচন্দ্ৰ ভূঞা (Nakul Chandra Bhuyan) (১৮৯৫-১৯৬৮) এজন অসমীয়া বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ। চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈয়ে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ বিহুগীতৰ সংগ্ৰহ 'বহাগী' লোক-সাহিত্যৰ ভঁৰাললৈ এক অমূল্য অৱদান।
-
নগেন বৰা
নগেন বৰা (Nagen Borah) অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক। তেওঁ তিনি সহস্ৰাধিক গীত ৰচনা কৰাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি গৈছে।
-
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী (Nagendra Narayan Choudhury; ১৮৮১-১৯৪৭) অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ লেখত লবলগীয়া নাম। তেখেতে অসমীয়া ভাষাত বহুতো গল্প আৰু প্ৰবন্ধ লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯২৯ চনত আবাহনৰ প্ৰকাশনৰ কাম কৰিছিল
-
প্ৰহ্লাদ কুমাৰ বৰুৱা
ড° প্ৰহ্লাদ কুমাৰ বৰুৱা (Dr Prahlaad Kumar Baruah; ১৯৪৪,২৮ ফেব্ৰুৱাৰী-২০১১,২৪ আগষ্ট) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক। ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাত জন্মলাভ কৰা বৰুৱা পিছলৈ ১৯৭১ চনৰ পৰা ডিব্ৰুগড়ৰ ৰূপনগৰৰ বাসিন্দা হয়।
-
ভূৱন মোহন বৰুৱা
ভুৱন মোহন বৰুৱা (Bhubanmohan Baruah; ১৯১৪- ১৯৯৮) অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক। কাঞ্চন বৰুৱা ছদ্মনামৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে।
-
মৃণাল কলিতা
ড° মৃণাল চন্দ্ৰ কলিতা (Dr. Mrinal Chandra Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক।
-
লক্ষ্মীনাথ ফুকন
লক্ষ্মীনাথ ফুকন (১৮৯৭–১৯৭৫) এগৰাকী সাংবাদিক আৰু সাহিত্যিক। ১৯১৫ চনৰ পৰা ১৯৬৪ চনলৈ লক্ষ্মীনাথ ফুকন অসমৰ সংবাদ জগতৰ সৈতে জড়িত হৈ আছিল। সাহিত্যিক হিচাপেও লক্ষ্মীনাথ ফুকনৰ অৱদান উল্লেখনীয়। ১৯১৮ চনতে প্ৰকাশ পোৱা 'মালা' শীৰ্ষক ছটা গল্পৰ সংকলনেৰে সাহিত্য জগতত খোজ দিছিল।
-
স্নেহ দেৱী
স্নেহ দেৱী এগৰাকী অসমীয়া সাহিত্যিক।
-
ৰমা দাশ
ৰমা দাশ (ইংৰাজী:Rama Das ১৯০৯-১৯৮১) ৩০ৰ দশকৰ এজন অসমীয়া চুটি গল্পকাৰ। আৱাহন আলোচনীৰ যোগেদি আত্মপ্ৰকাশ কৰে। তেখেত আৱাহন যুগৰ গল্পকাৰ। তেখেতৰ উল্লেখযোগ্য গল্প হ'ল 'বৰ্ষা যেতিয়া নামে', 'প্ৰায়শ্চিত্ত', 'অচল টকা', 'অবুজ মায়া', 'কোন এওঁ নতুন মিৰাণ্ডা' ইত্যাদি।
-
মণিকুন্তলা ভট্টাচাৰ্য
মণিকুন্তলা ভট্টাচাৰ্য (Manikuntala Bhattacharya) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, কবি তথা গল্পকাৰ। সাধাৰণতে তেখেতে নাৰীৰ মনস্তত্বৰ ওপৰত ভিত্তি কৰি উপন্যাসসমূহ লিখি আহিছে।
-
মনোজ কুমাৰ গোস্বামী
মনোজ কুমাৰ গোস্বামী ( Manoj Kumar Goswami) হৈছে অসমৰ এগৰাকী সাংবাদিক আৰু লেখক। ২০২০ চনৰ ১ জুন তাৰিখে তেওঁ আমাৰ অসম কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ‘সমীৰণ বৰুৱা আহি আছে’ গল্পৰ যোগেদি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা গোস্বামীয়ে আশীৰ দশকৰপৰা বৰ্তমানলৈ অসমীয়া গল্প জগতলৈ বিশেষ অৱদান আগবঢ়াইছে।
-
হলীৰাম ডেকা
হলীৰাম ডেকা (Holiram Deka)(১৯০১-১৯৬২) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া আৰু সাহিত্যিক। গুৱাহাটীত প্ৰাগজ্যোতিষ কলেজ প্ৰতিষ্ঠাকে ধৰি ভালেমান সামাজিক কৰ্মত তেওঁ শেষ বয়সত মনোনিবেশ কৰিছিল।
-
উষাৰাণী বৰুৱা
ড° উষাৰাণী বৰুৱা (Dr Usharanee Baruah; ১৯৫১, ১ এপ্ৰিল -২০২১,১৮ জুন) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মুৰব্বী অধ্যাপিকা ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
-
গীতালী বৰুৱা
গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।
-
দেৱব্ৰত দাস
দেৱব্ৰত দাস (Debabrata Das) ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক। সাদিন কাকতত ‘হিয়াৰ পখিলাবোৰ’ শীৰ্ষক স্তম্ভ লিখি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৮১ চনত দাসৰ প্ৰথমখন গল্প-সংকলন ‘অৰ্পিতাৰ এৰাতি’ প্ৰকাশ পায়।
-
বসন্ত দাস
বসন্ত দাস (১৯ অক্টোবৰ ১৯৪০ – ৭ মাৰ্চ ২০১২) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ-ধাৰাবাহিকৰ কাহিনী লেখক আছিল। তেওঁৰ জন্ম হয় ১৯৪০ চনৰ ১৯ অক্টোবৰ তাৰিখে কাৰ্বি আংলং জিলাৰ ডিফুৰ শিৱবাৰী ৰোডত।
-
হেমেন্দ্ৰ কুমাৰ গগৈ
হেমেন্দ্ৰ কুমাৰ গগৈ (১৯৪০-২০২০) একাধাৰে অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ। তেওঁ নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষৰূপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। নৰ্থ লখিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁৰ সুকীয়া পৰিচয় আছে।
-
অতনু ভট্টাচাৰ্য
অতনু ভট্টাচাৰ্য ( Atanu Bhattacharyya, জন্ম:২৪ জানুৱাৰী, ১৯৬৮) অসমৰ এগৰাকী কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। শিক্ষকতা বৃত্তিৰ পৰা স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰৰ সৈতে জড়িত হোৱা ভট্টাচাৰ্য বৰ্তমান সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত।
-
অৰুণ গোস্বামী
অৰুণ গোস্বামী (১৯৪৫-২০২৪) এজন অসমীয়া ঔপন্যাসিক আৰু লেখক। কুৰি শতিকাৰ ঔপন্যাসিকসকলৰ ভিতৰত অন্যতম। একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আছিল। তেওঁৰ গল্প আৰু নাটক বঙালী, হিন্দী, ইংৰাজী, ওড়িয়া আদি ভাষালৈ অনুবাদ হৈছে।
-
অৰূপ কুমাৰ নাথ
অৰূপ কুমাৰ নাথ (Arup Kumar Nath) অসমৰ এগৰাকী গল্পকাৰ তথা কবি। সাউদ আৰু অন্যান্য গল্প,ইথাৰৰ ঈশ্বৰ, অন্নখন, আদিকে ধৰি তেওঁৰ চাৰিখন গল্প-সংকলন, এখন কাব্য গ্ৰন্থ আৰু চাৰিখন উপন্যাসিকা প্ৰকাশিত হৈছে।
-
ইমৰান হুছেইন
ইমৰান হুছেইন (১৯৬৬) এজন লেখক, সমালোচক, অধ্যাপক। ২০০৩ চনত সাহিত্য একাডেমীয়ে অসমীয়া ভাষাত প্ৰকাশ কৰা তেওঁৰ প্ৰথম গল্পপুথিখনৰ নাম হৈছে- হুদুমদেও আৰু অন্যান্য৷ তেওঁ অসমৰ সাহিত্য আলোচনী ভূমিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেওঁ অসমৰ ছিপাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেওঁৰ ‘বাঁক’ শীৰ্ষক গল্পটোক…
-
উদয়াদিত্য ভৰালী
উদয়াদিত্য ভৰালী অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক। পিতৃৰ কৰ্মসূত্ৰে তেওঁ মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল।
-
গীতালি বৰা
গীতালি বৰা (Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।
-
চন্দ্ৰধৰ চমুৱা
ড॰ চন্দ্ৰধৰ চমুৱা(ইংৰাজী: Dr. Chandradhar Chamuah) (ছেপ্টেম্বৰ ১৯৪১ - ১৩ নৱেম্বৰ ২০০৭) এগৰাকী অসমীয়া সাহিত্যিক আছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বান্তৌ গাঁৱৰ এটা দুখীয়া পৰিয়ালত চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় ১৯৪১ চনৰ ছেপ্টেম্বৰ (আহিন) মাহৰ কোনো এটা শনিবাৰে। পিতৃৰ নাম চক্ৰনাথ চমুৱা।