মদন শৰ্মা (জন্ম: ১৯৫২) অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ, অনুবাদক, সাহিত্য সমালোচক আৰু অধ্যাপক। তেওঁ আজিৰ কবিতা নামৰ আলোচনীৰ সম্পাদক আৰু বিশ্বকোষ (পঞ্চম খণ্ড)ৰো সম্পাদক আছিল। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সছ বিভাগৰ মুৰব্বী তথা ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
জন্ম
১৯৫২ চনত তেজপুৰত জন্মগ্ৰহণ কৰা মদন শৰ্মাৰ পিতৃগৃহ নলবাৰী জিলাৰ পশ্চিম চামতাত।
শিক্ষা
তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, হাইদৰাবাদৰ Central Institute of English and Foreign Languages (CIEFL)ৰ পৰা প'ষ্টগ্ৰেজুৱেট ডিপ্ল'মা, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
তিনিচুকীয়া মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ত হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সেছ বিভাগৰ মুৰব্বী আৰু ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
সাহিত্যজীৱন
গল্প সংকলন
- জীৱনৰ মুখামুখি এদিন (১৯৯৬)
- আৰু তোমাৰ মাত (১৯৯৮)
উপন্যাস
- তেজাল স্বপ্ন (১৯৯৪)
- এখন প্ৰেমৰ পৃথিৱী (২০০৩)
প্ৰবন্ধ সংকলন
- বিশ্বসাহিত্য: স্ৰষ্টা আৰু সৃষ্টি (২০০৪)
- অসমীয়া ভাষা শিক্ষণ পদ্ধতি (১৯৯৫)
- কথা বয়ন
সম্পাদিত গ্ৰন্থ
- অসমীয়া গদ্য আধুনিক যুগ ১৯৪৫–২০০০
বঁটা আৰু পুৰস্কাৰ
- মাধবীলতা সাহিত্য বঁটা (২০১৯–২০) – ভাষা, সাহিত্য আৰু শিশু সাহিত্যত অৱদানৰ স্বীকৃতি
- ১৯৭২ চনত দৈনিক অসম-এ নতুন লেখকৰ সন্ধানত পতা প্ৰতিযোগিতাত পুৰস্কৃত।
তথ্য উৎস
- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, ২০০৬, পৃষ্ঠা ২৬০-২৬১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মদন শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৩১৬৬১ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।