অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিন্তু গীতাৰ্থ

জিন্তু ঠাকুৰীয়া (Jintu Thakuria) একাধাৰে গল্পকাৰ, সম্পাদক তথা অধ্যাপক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক। তেখেতে ২০২৩ বৰ্ষৰ জুন মাহত 'মন মৰা তৰা’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।

হালনাগাদ: ২ মাৰ্চ ২০২৬ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জিন্তু ঠাকুৰীয়া (Jintu Thakuria) একাধাৰে গল্পকাৰ, সম্পাদক তথা অধ্যাপক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক।১ তেখেতে ২০২৩ বৰ্ষৰ জুন মাহত 'মন মৰা তৰা’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।২৩ ২০২০ চনত প্ৰকাশ কৰা গল্প সংকলন ছবিৰ ভ্ৰম ভ্ৰমৰ ছবি তেখেতৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।৪

সংক্ষিপ্ত জীৱনী

১৯৯৮ চনৰ ২৫ নৱেম্বৰ তাৰিখে গুৱাহাটীত জন্মগ্ৰহণ কৰা জিন্তু ঠাকুৰীয়াই টিহুৰ পিপলিবাৰী গাঁৱত তেওঁৰ শৈশৱ অতিবাহিত কৰে। তেওঁৰ মাতৃ শ্ৰী মণিকা ঠাকুৰীয়া আৰু পিতৃ শ্ৰী অনন্ত ঠাকুৰীয়া। জাতীয় বিদ্যালয়, হাৰিভাঙাত প্ৰাথমিক শিক্ষা অৰম্ভ কৰি তেওঁ হাৰিভাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। আৰ্যভট্ট একাডেমি, টিহুত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰা জিন্তু ঠাকুৰীয়াই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাৰ ৭ম স্থান লাভ কৰি পিছলৈ কটন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে।৫৬ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়তো তেওঁ কটন বিশ্ববিদ্যালয়ৰ কলা শাখাৰ শ্ৰেষ্ঠ স্নাতক তথা স্বৰ্ণ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ (২০২০)৭ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা বিষয়ত স্বৰ্ণ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে (২০২২)।

২০২৩ চনৰ ১ জুন তাৰিখে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলে।

প্ৰকাশিত গ্ৰন্থ

  • ছবিৰ ভ্ৰম ভ্ৰমৰ ছবি (২০২০)(গল্প সংকলন)৪
  • মন মৰা তৰা (২০২২) (গল্প সংকলন)২
  • সিহঁতৰ পৃথিৱী (২০২২) (শিশু গল্প)

সম্পাদিত

  • নিৰ্বাচিত অসমীয়া কুইয়াৰ গল্প (ড° জুৰি দত্তৰ সৈতে সম্পাদিত)১

বঁ‌টা

  • সাহিত্য অকাডেমি যুৱ বঁটা ২০২৩২
  • অসম চৰকাৰৰ ভাষা গৌৰৱ সন্মান ২০২১১
  • যোগানন্দ বৰগোহাঁই স্মাৰক গল্পকাৰ বঁটা ২০১৯১

সাহিত্য আৰু গৱেষণা

শৈশৱৰ পৰাই সাহিত্যৰ ক্ষেত্ৰত খোজ দিয়া জিন্তু ঠাকুৰীয়াৰ লেখাসমূহ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ হৈ আহিছে। ২০২০ চনত তেওঁ প্ৰথমখন গল্প সংকলন ছবিৰ ভ্ৰম ভ্ৰমৰ ছবি প্ৰকাশ হয়।৪ তেওঁ ব্ৰিটিছ কাউন্সিল তথা Untold Narrativesৰ WriteAssam প্ৰকল্পৰ লেখক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰোপৰি তেওঁ এপৰৰ শূন্যতা শীৰ্ষক গল্পৰ ইংৰাজী অনুবাদ আমেৰিকাৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী Words Without Bordersত প্ৰকাশ হৈছে। তেওঁ সমন্বয় গোটৰ উদ্যোগত প্ৰকাশিত প্ৰথমখন অসমীয়া কুইয়াৰ গল্প সংকলন "নিৰ্বাচিত অসমীয়া কুইয়াৰ গল্প"ৰো সহঃসম্পাদক।১ তেওঁ বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ পৰা "শিক্ষাত সমাজ-লৈংগিক সংবেদনশীলতা" বিষয়ত গৱেষণা কৰি আছে।

তথ্যসূত্ৰ

  1. ↑ সন্দিকৈ ছোৱালী মহাবিদ্যালয়, Mr. Jintu Thakuria. সন্দিকৈ ছোৱালী মহাবিদ্যালয়
  2. ↑ five from Assam bag Sahitya Akademi award 2023. guwahatiplus
  3. ↑ (24 June 2023). Sahitya Akademi awards: 5 winners from Assam for the year 2023. The Sentinel Assam
  4. ↑ Kalpa Jyoti Bhuyan. (26 December 2021). 4 young writers reflect on writing in pandemic ahead of assam book fair.. Eastmojo
  5. ↑ BULLETIN FOR TECHNOLOGY AND HISTORY
  6. ↑ Faculty Achievements. Cotton University
  7. ↑ Insc Award, Jintu Thakuria

সম্পৰ্কিত শ্ৰেণী

গল্পকাৰঅসমীয়া সাহিত্যিকঅসমীয়া গল্পকাৰসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিন্তু গীতাৰ্থ” প্ৰবন্ধৰ সংশোধন ৫৮৩৯৩২ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।