অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূপেন শৰ্মা

ভূপেন শৰ্মা (Bhupen Sharma) এজন বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। জীৱন আৰু জগতৰ প্ৰতি সজীৱ সঁহাৰিৰে চিৰন্তন প্ৰমূল্য আৰু মানৱতাৰ অনুসন্ধানেই ভূপেন শৰ্মাৰ প্ৰধান বক্তব্য। ১৯৭৪ চনত সাহিত্য প্ৰকাশে আয়োজন কৰা উপন্যাস প্ৰতিযোগিতাত উড্ডীন উত্তৰীয় নামৰ উপন্যাসখন শ্ৰেষ্ঠ বিবেচিত হৈছিল।

হালনাগাদ: ২৩ জুলাই ২০২৫ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ভূপেন শৰ্মা (Bhupen Sharma) এজন বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। জীৱন আৰু জগতৰ প্ৰতি সজীৱ সঁহাৰিৰে চিৰন্তন প্ৰমূল্য আৰু মানৱতাৰ অনুসন্ধানেই ভূপেন শৰ্মাৰ প্ৰধান বক্তব্য। ১৯৭৪ চনত সাহিত্য প্ৰকাশে আয়োজন কৰা উপন্যাস প্ৰতিযোগিতাত উড্ডীন উত্তৰীয় নামৰ উপন্যাসখন শ্ৰেষ্ঠ বিবেচিত হৈছিল।১

১৯৫৩ চনৰ ১৭ চেপ্তেম্বৰত ভূপেন শৰ্মাৰ জন্ম হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ৰচনাসমূহ

গল্প সংকলন

  • ভোগ আৰু শ (১৯৯৭)
  • প্ৰেয় প্ৰতিভাসিক (১৯৯৮)

উপন্যাস

  • উড্ডীন উত্তৰীয়
  • কাঠৰ ঘোঁৰা (১৯৭৮)
  • খাদু মাঈনছিৰা আৰু সময়ৰ চিতা‌-উৎস (১৯৯৩)
  • পুণ্য প্ৰয়াগ

সম্পাদিত গ্ৰন্থ

  • দিনেশ শৰ্মাৰ নিৰ্বাচিত গল্প (২০০৫)
  • তবিউল হুছেইনৰ নিৰ্বাচিত ৰসোত্তীৰ্ণ
  • ৰচনা সম্ভাৰ (২০০৫)

তথ্যসূত্ৰ

  1. ↑ কথা বৰণ্যে ১০০, শোণিত বিজয় দাস, মুনীন বায়ন, গুৱাহাটী: কথা প্ৰকাশন, পৃষ্ঠা - ২৫৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ঔপন্যাসিকঅসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূপেন শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫২৬৬৭৫ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।