অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্ত মাধৱ বৰা

জয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটোক অন্যতম ৰূপত গঢ়ি তোলা সাহিত্যিক ঔপন্যাসিক, গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্ৰ নাট্যকাৰ হিচাপে জয়ন্ত মাধৱ বৰাদেৱ জনাজাত।

হালনাগাদ: ১৫ জুলাই ২০২৫ ৪৫৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটোক অন্যতম ৰূপত গঢ়ি তোলা সাহিত্যিক ঔপন্যাসিক, গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্ৰ নাট্যকাৰ হিচাপে জয়ন্ত মাধৱ বৰাদেৱ জনাজাত। তেওঁ জাকৈয়া ছোৱালী নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা পাইছিল।মৰিয়াহোলা নামৰ উপন্যাসৰ বাবে তেওঁ ২০১৭ চনত সন্মানীয় অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬০ চনৰ ১৮ আগষ্ট তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁৱত জয়ন্ত মাধৱ বৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম দুৰ্গাধৰ বৰা আৰু মাতৃ পুতু বৰা। তেওঁ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা প্ৰাক্ স্নাতক ডিগ্ৰী আৰু যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তদুপৰি তেওঁ তেজপুৰ শিক্ষা মহাবিদ্যালয়ৰ পৰা বি.এড্ ডিগ্ৰীও লাভ কৰে। বৰ্তমান তেওঁ অসম সচিবালয়ৰ শিক্ষা বিভাগৰ এজন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাসিন্দা।

সাহিত্যক কৰ্মৰাজি

তেওঁ বৰ্তমান সময়লৈকে ১੦খন গল্প সংকলন, ২੦খন উপন্যাস, ৭খন অনুবাদ, ১১খন শিশু সাহিত্য, দূৰদৰ্শন আৰু অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা বহুতো নাটকৰ চিত্ৰনাট্য, চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখাৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো গৱেষণা পত্ৰ পাঠ কৰিছে। তাৰে ভিতৰত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল:

  • মৰিয়াহোলা১
  • জাকৈয়া ছোৱালী
  • মায়ং
  • জলপ্ৰপাত
  • শিৰীষ গাছেৰ ছায়া
  • নষ্ট সময়
  • মৃগয়া
  • সুমনাৰ কাৰণে অকণমান সময়
  • আজান-ফকীৰ
  • নামত মাজুলী কহয় সৱে
  • দেও লগা সময়
  • দেওধনি
  • কথা অৰণ্যক
  • এবাকছ জীৱনী
  • লহৰে লহৰে কঁপে মনৰ যমুনা
  • বিশ্ব সাহিত্য, বনলতা, ২০২৪
  • মহানগৰৰ গদ্য, জ্যোতি প্ৰকাশন, ২০২৪

শিশু সাহিত্য

  • লক্ষ্মীনাথ (২০১৪, শিশু উপযোগী জীৱনী)
  • জয়মতী (২০১৭, শিশু উপন্যাস)
  • ইয়াত এখন অৰণ্য আছিল (২০২১, শিশু উপন্যাস)
  • ৰবট (২০২১, বিজ্ঞানভিত্তিক শিশু উপন্যাস)
  • লাচিত বৰফুকন (শিশু উপন্যাস), বনলতা, ২০২৪
  • বিষ্ণু ৰাভা (কিশোৰ-কিশোৰীৰ বাবে উপন্যাস), অসম প্ৰকাশন পৰিষদ, ২০২৪

মৰিয়াহোলা

মৰিয়াহোলাৰ মূল বিষয়বস্তু হ’ল জয়ধ্বজ সিংহৰ দিনত মোগলৰ সৈতে হোৱা যুদ্ধত বন্দী হিচাপে অসমত থাকি যোৱা মুছলমান যুদ্ধবন্দীসকলক ৰখা এখন ঠাই আৰু তাত তেওঁলোকৰ সংগ্ৰাম তথা তেওঁলোকৰ নামেৰে হোৱা ঠাইখনৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ কাহিনী। অসম বুৰঞ্জীৰ মতে ধনশিৰি উপত্যকাৰ নামদৈয়াঙত ৰখা ৯০০ মুছলমান যুদ্ধবন্দীক কাঁহ-পিতলৰ কাম কৰিবলৈ দিয়া হৈছিল। কাঁহ-পিতলৰ নিৰ্মাণ কাৰ্যত মৰিয়াই মৰিয়াই কাম কৰিব লগা হৈছিল। সেয়ে তেওঁলোকক মৰিয়া নামেৰে জনা গ’ল। এই মৰিয়াসকলক এদিন ধানখেতিৰ কামত লগা হ’ল। কিন্তু তেওঁলোকে ধানখেতি কেতিয়াও কৰি পোৱা নাছিল আনকি বোকা-পানীত একো কামেই কৰিব নাজানিছিল। কিন্তু ৰজাৰ হুকুম মানি তেওঁলোকে খেতি কৰিবলৈ লাগে। তেওঁলোকে আন খেতিয়কে পথাৰ বোকা কৰা দেখি, নিজৰ সেই কলা নোহোৱা হেতু আৰু হালৰ গৰু নোহোৱা হেতু ৯০০ মৰিয়াই ব্ৰহ্মপুত্ৰ বুকুৰ পৰা বোকা আনি পথাৰত সেইবোৰ পেলাই ধান খেতি কৰিছিল। পিছে তেনেকৈ কৰা খেতিৰ পৰা ৬০০টাহে ডাঙৰি পায়। তেতিয়াৰ পৰাই ‘নশ মৰিয়াৰ ছশ ডাঙৰি’ বুলি এটা অসমীয়া প্ৰৱচনো প্ৰচলিত হ’ল। তাৰ পিছৰ পৰা মৰিয়াসকল তাতে থাকিবলৈ ল’লে আৰু তেওঁলোকে মাটি খান্দি বোকা অনা ঠাইখনৰ নাম মৰিয়াহোলা হ’ল। আৰু বোকা জমা কৰা ঠাইখনৰ নাম বোকাখাত হ'ল। এই ঠাইখন আৰু তাৰ মানুহখিনিৰ কাহিনীকে মূল বিষয়বস্তু হিচাপে লৈ বৰাৰ উপন্যাসখনৰ কাহিনী আগ বাঢ়িছে।

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ .:: SAHITYA: Akademi Awards::.. sahitya-akademi.gov.in
  2. ↑ (2017-12-21). Sahitya Akademi award for four Northeast writers. NORTHEAST NOW

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ঔপন্যাসিকঅসমীয়া গল্পকাৰঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্ত মাধৱ বৰা” প্ৰবন্ধৰ সংশোধন ৫২৪০৪৮ (১৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।