অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভিজিৎ বৰা

অভিজিৎ বৰা (Abhijit Bora) এগৰাকী অসমীয়া লেখক। সাতসৰী আলোচনীৰ পাতত তেওঁ গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ডেউকা কোবাই যায় গল্প সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী সাহিত্য বঁটা আৰু সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অভিজিৎ বৰা (Abhijit Bora) এগৰাকী অসমীয়া লেখক। সাতসৰী আলোচনীৰ পাতত তেওঁ গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ডেউকা কোবাই যায় গল্প সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী বঁটা আৰু সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।

চমু জীৱনী

১৯৯৪ চনৰ ১৭ জুলাইত গোলাঘাট জিলাৰ দৈয়াং নদীৰ পাৰত অৱস্থিত বিলগাঁও অঞ্চলত অভিজিৎ বৰাৰ জন্ম হয়। ২নং তামুলী গাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ পৰা তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰে। তেওঁ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰে।

সাহিত্যকৃতি

সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এক অনন্য কণ্ঠস্বৰ অভিজিৎ বৰাই স্কুলীয়া দিনৰ পৰাই গল্পৰ চৰ্চা আৰম্ভ কৰে। তেওঁ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হোৱাৰ উপৰিও কটন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী কটনিয়ানৰ সম্পাদক আছিল। বৰাৰ প্ৰথম গল্প সংকলন ডেউকা কোবাই যায় ২০২০ চনত প্ৰকাশ পায়। এই ভিন্নসূৰী গল্প সংকলনখনত ২০১৬ চনৰ পৰা ২০২০ চনলৈ ৰচিত গল্পসমূহ সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনটিৰ বাবে তেওঁ ২০২০ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা১ আৰু ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে২। ২০২১ বৰ্ষৰ অসম গ্ৰন্থমেলাত ডেউকা কোবাই যায় গ্ৰন্থখনে শ্ৰেষ্ঠ-বিক্ৰীৰ খিতাপ অৰ্জন কৰা অন্যতম গ্ৰন্থ হিচাপে বিবেচিত হৈছে। ৩

গাঁও আৰু চহৰ দুয়োটা পটভূমিৰ মানুহৰ জীৱন আৰু অস্তিত্বৰ অভিনৱ পৰ্যবেক্ষণেৰে অভিজিৎ বৰাই সাম্প্ৰতিক অসমীয়া গল্প সাহিত্যলৈ এক নতুন অন্তৰ্দৃষ্টি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গভীৰ সামাজিক প্ৰেক্ষাৰ পৰা তেওঁ তুলি আনিছে কঠিন সময়ৰ গল্প। আংগিক আৰু গদ্যভাষাত সম্পৰীক্ষাবাদী বৰাৰ গল্পত পোৱা যায় জীৱন পাৰ হৈ জীৱনৰ সত্য বিচাৰি অনাৰ প্ৰয়াস। ড॰ ধ্ৰুৱজ্যোতি বৰাৰ ভাষাত— 'শেহতীয়াকৈ অসমৰ চুটিগল্প তথা short fiction-ৰ পৃথিৱীখনত যিবোৰ নতুন কণ্ঠস্বৰে ভুমুকি মাৰিছে, যিবিলাক গল্পকাৰে নতুনত্ব আৰু সতেজতাৰ দাবী কৰিব পাৰে, নিসন্দেহে অভিজিৎ বৰা তাৰ ভিতৰত অন্যতম। তেওঁৰ গল্পত আমি ভাব চিন্তাৰ ক্ষেত্ৰত, নিৰ্মাণ কৌশলৰ ক্ষেত্ৰত যথেষ্ট নতুনত্ব দেখিবলৈ পাওঁহক। এনে নতুনত্বই স্বাভাৱিকতেই পাঠকক আহ্লাদিত কৰে।"

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ x.com/airnews_ghy/status/1322836085232160769
  2. ↑ আৰ্কাইভ কপি
  3. ↑ timesofindia.indiatimes.com/city/guwahati/12-day

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ীমুনীন বৰকটকী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিজিৎ বৰা” প্ৰবন্ধৰ সংশোধন ৫৫৭৫২৮ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।