ড° সঞ্জীৱ পল ডেকা (Sanjib Pol Deka) একাধাৰে গল্পকাৰ, আলোচনী সম্পাদক। বৰ্তমান তেওঁ ‘আলাপ’ আলোচনীৰ অবৈতনিক সম্পাদক। কৰ্মসূত্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। তেখেতে ২০১৯ বৰ্ষৰ জুন মাহত এইপিনে কি আছে শীৰ্ষক গল্পগ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।১ একেখন গল্পপুথিৰ বাবে তেওঁ ২০১১ চনত তেওঁ মুনীন বৰকটকী বঁটা আৰু ২০১৫-১৬ চনৰ ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা লাভ কৰে।
জন্ম আৰু বংশ পৰিচয়
সঞ্জীৱ পল ডেকাৰ জন্ম হয় দৰং জিলাৰ দীঘিৰপাৰৰ বটাবাৰী গাঁৱত ১৯৮৬ চনৰ ২৪ নৱেম্বৰত। পিতৃৰ নাম ঘটেশ্বৰ ডেকা আৰু মাতৃৰ নাম নিৰ্মালি ডেকা।
শিক্ষা আৰু কৰ্মজীৱন
তেখেতে ২০০২ চনত দীঘিৰপাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে আৰু তাৰ পাছত কটন বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৮ চনত পিএইচ ডি লাভ কৰে। ২০১৭ চনৰ আগষ্ট মাহৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। বৰ্তমান তেখেত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত।২ অৱশ্যে, তেখেতে অসমৰ আগশাৰীৰ সাহিত্য আলোচনী 'সাতসৰী'ত উপ-সম্পাদকৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। সেইদৰে তেজপুৰ বিশ্ববিদ্যায়ৰ অসমীয়া অধ্যয়ন কেন্দ্ৰত গৱেষণা-সহযোগী হিচাপে দুইবছৰৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰে।
সাহিত্যৰাজি
- এইপিনে কি আছে, গল্পগ্ৰন্থ
- স্বৰ্ণলতা ৰায়ৰ "আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা" (২০১৯), সম্পাদনাঃ সঞ্জীৱ পল ডেকা
- বৰমঝিলী, গল্প সংকলন(২০২০)
সম্পাদিত আলোচনী
- আলাপ
বঁটা আৰু সন্মান
- মুনীন বৰকটকী বঁটা, ২০১১
- ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা, ২০১৫-১৬
- সাহিত্য অকাডেমিৰ যুৱ বঁটা, ২০১৯
তথ্যসূত্ৰ
sanjibpoldeka.blogspot.com/?m=1
তথ্যসূত্ৰ
- ↑ (১৩ জুন ২০১৯). সঞ্জীৱ পল ডেকা, ৰুজব মুচাহাৰী লৈ যুৱ সাহিত্য অকাদেমি যুৱ বঁটা. গণ অধিকাৰ
- ↑ (14 June 2019). Sanjib Pol Deka wins Sahitya Akademi award. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জীৱ পল ডেকা” প্ৰবন্ধৰ সংশোধন ৩৯৬৩২৮ (১১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।