অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্যোতিষ শিকদাৰ

জ্যোতিষ শিকদাৰ (জন্ম: ১০ নৱেম্বৰ ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ। আশীৰ দশকৰ পৰা প্ৰান্তিক আলোচনীৰ জৰিয়তে তেওঁ সাহিত্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁৰ গল্পসমূহত প্ৰেম, জীৱনৰ বিষাদ, সমাজচেতনা আদি বিষয়ৰ সুদক্ষ প্ৰতিফলন দেখা যায়।

হালনাগাদ: ২৮ জুলাই ২০২৫ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জ্যোতিষ শিকদাৰ (জন্ম: ১০ নৱেম্বৰ ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ। আশীৰ দশকৰ পৰা প্ৰান্তিক আলোচনীৰ জৰিয়তে তেওঁ সাহিত্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁৰ গল্পসমূহত প্ৰেম, জীৱনৰ বিষাদ, সমাজচেতনা আদি বিষয়ৰ সুদক্ষ প্ৰতিফলন দেখা যায়।

প্ৰাৰম্ভিক জীৱন

জ্যোতিষ শিকদাৰৰ জন্ম ১৯৫৭ চনৰ ১০ নৱেম্বৰত গুৱাহাটী নগৰত হয়। তেওঁ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। আশীৰ দশকৰ পৰা তেওঁ প্ৰান্তিক আলোচনীত নিয়মিতভাৱে গল্প প্ৰকাশ কৰা আৰম্ভ কৰে।

সাহিত্যকৃতি

গল্পসংকলন

  • গান ভাল পোৱা ছোৱালীজনী (১৯৯২)
  • স্বপ্ন-বিষাদ-জীৱন (১৯৯৬)
  • সেউজীয়া পুখুৰী (১৯৯৮)
  • শৈশৱ (১৯৯৮)
  • ফুলবোৰ যেতিয়া সৰি পৰে
  • ভেনাচৰ প্ৰতিমূৰ্তি

উল্লেখযোগ্য গ্ৰন্থ আৰু গল্প

  • মাৰ্গাৰেট আৰু এখন পিয়ানো
  • প্ৰেম যেতিয়া আহে (গল্প)

স্বীকৃতি আৰু বঁটা

  • ২০২২ চনত ক্ৰান্তিকাল বঁটা প্ৰদান।
  • ৮ নৱেম্বৰ ২০২৩ তাৰিখে গোলাঘাটত জগন্নাথ ঠাকুৰ সাহিত্য সন্মান প্ৰদান।

উৎস

  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬
  • অসমীয়া চুটি গল্পৰ অধ্যয়ন- ড° প্ৰহ্লাদ কুমাৰ বৰুৱা, প্ৰথম প্ৰকাশ ১৯৯৫, প্ৰকাশন- শ্ৰী প্ৰদ্যুৎ হাজৰিকা, বনলতা, ডিব্ৰুগড়, ISBN-81-7339-394-X
  • বছৰৰ গল্প ২০১০, সংকলন আৰু সম্পাদনা, সৌমিত্ৰ যোগী, ৰক্তিম ঠাকুৰীয়া, ISBN-9789380454214
  • অসমীয়া গল্প সংকলন (তৃতীয় খণ্ড), সম্পাদক-হোমেন বৰগোহাঞি, সহকাৰী সম্পাদক অৰিন্দম বৰকটকী, অসম প্ৰকাশন পৰিষদ, ডিচেম্বৰ ২০০৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতিষ শিকদাৰ” প্ৰবন্ধৰ সংশোধন ৫২৮২৮০ (২৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।