সন্তোষ কুমাৰ কৰ্মকাৰ একাধাৰে ঔপন্যাসিক, গল্পকাৰ, শিশু সাহিত্যিক আৰু অনুবাদক। তেখেতৰ জন্ম হৈছিল বাংলাদেশৰ মৈমনসিং জিলাত। জন্ম চন ১৯৫৩। দেউতাকৰ নাম কানাইলাল কৰ্মকাৰ। দেউতাক পেচাত ‘কমাৰ’ আছিল। ভাৰত স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ত পিতৃয়ে সপৰিয়ালে প্ৰব্ৰজন হৈ ভাৰতলৈ আহে। তেওঁ প্ৰাথমিক শিক্ষা বৰপেটাত গ্ৰহণ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ অসমীয়া শিশু সাহিত্য আৰু উপন্যাস সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰি থৈ গৈছে। ২০২১ চনৰ এপ্ৰিল মাহত এইজন সাহিত্যিকৰ মৃত্যু হয়। ১
সাহিত্যৰাজি
শিশু উপন্যাস
- ময়ূৰপখী নাও, প্ৰকাশৰ চন-১৯৯২, প্ৰকাশক-নয়নতৰা প্ৰকাশন
- পৃথিৱীৰ পঢ়াশালিলৈ, প্ৰকাশৰ চন-১৯৯৩, প্ৰকাশক-অসম বুক ডিপো
- সোণটিৰ পৃথিৱী, প্ৰকাশৰ চন-২০১১, প্ৰকাশক-অসম শিশু সাহিত্য ন্যাস
- অৰ্কাৰ আৰাধনা, প্ৰকাশৰ চন-১৯৯৬, প্ৰকাশক-সমন্বয় গ্ৰন্থালয়
- ৰংপুৰ ৰহস্য, প্ৰকাশৰ চন-২০০৯, প্ৰকাশক-ৰংমেলা প্ৰকাশন
- কাজিৰঙা কতখৰ্গ, প্ৰকাশৰ চন-২০০৯, প্ৰকাশক-নয়নতৰা প্ৰকাশন
- হেৰুৱা কেলকুলেটৰৰ সন্ধানত, প্ৰকাশৰ চন-২০১০, প্ৰকাশক-নয়নতৰা প্ৰকাশন
- পৃথিৱীৰ পথিক, অকণিৰ অগ্ৰদূতত প্ৰকাশিত
- ফুটবল-ফুটবল, প্ৰকাশৰ চন-২০১৫, মুকুতা আলোচনীত প্ৰকাশিত
- ৰত্নগিৰি, মৌচাক আলোচনীত প্ৰকাশিত
- জাকিৰ মৃত্যু ৰহস্য, প্ৰকাশৰ চন-২০১০, ৰংমেলা আলোচনীত প্ৰকাশিত
- কিশোৰ উপন্যাস সংকলন, প্ৰকাশৰ চন-২০১৭, প্ৰকাশক পূৰ্বাঞ্চল প্ৰকাশন
উপন্যাস
- গৃহভূমি, প্ৰকাশৰ চন-১৯৯৬, প্ৰকাশক- বাণী প্ৰকাশ
- শংখধ্বনি, প্ৰকাশৰ চন-২০০৬, প্ৰকাশক-জ্যোতি প্ৰকাশন
- স্বৰ্ণমণি, প্ৰকাশৰ চন-২০০৯, প্ৰকাশক- জাৰ্ণাল এম্পৰিয়াম
- পদাতিক, প্ৰকাশৰ চন-২০১১, প্ৰকাশক- বাণী মন্দিৰ
- মাজুলী উঠা বেলিৰ ৰং, প্ৰকাশৰ চন-২০১২, প্ৰকাশক-বীণা লাইব্ৰেৰী
- অজান্তিক, প্ৰকাশৰ চন-২০১২, প্ৰকাশক-আঁক-বাক প্ৰকাশন
- সুৱৰ্ণৰেখা, প্ৰকাশৰ চন-২০১৩, প্ৰকাশক-চন্দ্ৰ প্ৰকাশ
- অৰুণোদই, প্ৰকাশৰ চন-২০১৩, প্ৰকাশক-জ্যোতি প্ৰকাশন
- অ মোৰ আপোনাৰ দেশ, প্ৰকাশৰ চন-২০১৫, প্ৰকাশক-আলিবাট প্ৰকাশন২
- এজন সন্ত্ৰাসবাদীৰ আত্মানুসন্ধান, প্ৰকাশৰ চন-২০১৫, প্ৰকাশক-এম.আৰ.পি প্ৰকাশন
- চিলিকন ভেলিত এখোজ, প্ৰকাশৰ চন-২০১৫, প্ৰকাশক-পূৰ্বাঞ্চল প্ৰকাশন
- কালান্তৰৰ কথকতা, প্ৰকাশৰ চন-২০১৫, প্ৰকাশক-পূৰ্বাঞ্চল প্ৰকাশন৩
- প্ৰভাতী সূৰ্যৰ দেশ, প্ৰকাশৰ চন-২০১৭, প্ৰকাশক-পোপিৰাছ প্ৰকাশন
- শিপাৰ সন্ধানত, প্ৰকাশৰ চন-২০১৫, প্ৰকাশক-অসম পাবলিচিং কোম্পানী
- অগ্ৰদূত, প্ৰকাশৰ চন-২০১৭, প্ৰকাশক-অসম পাবলিচিং কোম্পানী
- পৃথিৱীৰ বাটত, প্ৰকাশৰ চন-...., প্ৰকাশক-....
চুটিগল্প
- জোনালী, প্ৰকাশৰ চন-১৯৯২, প্ৰকাশক-নিউছ পেপাৰ এজেঞ্চী
- প্ৰেম জীৱনে জীৱনে, প্ৰকাশৰ চন-...., প্ৰকাশক-জ্যোতি প্ৰকাশন
অনুবাদ কৰ্ম
- ৰবীন্দ্ৰনাথৰ দহটা গল্প, প্ৰকাশৰ চন-২০০৬, প্ৰকাশক- বীণা লাইব্ৰেৰী
- নষ্টনীড়, প্ৰকাশৰ চন-২০০৮, প্ৰকাশক- বীণা লাইব্ৰেৰী
- চতুৰঙ্গ, প্ৰকাশৰ চন-২০১০, প্ৰকাশক- বীণা লাইব্ৰেৰী
বঁটা আৰু সন্মান
- সংস্কৃিত আৰু মনন গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ ৰাষ্ট্ৰীয় বঁটা, ১৯৯৬
- গৃহভূমি গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্ম বঁটা, ১৯৯৮
- সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক উপন্যাসশ্ৰী বঁটা,২০২০ ৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্তোষ কুমাৰ কৰ্মকাৰ” প্ৰবন্ধৰ সংশোধন ৪৯৪১০৭ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।