অসমীয়া কবি
১৭১ প্ৰবন্ধ
-
সমীৰ তাঁতী
সমীৰ তাঁতী (Sameer Tanti) অসমৰ এজন কবি, কথাশিল্পী, অনুবাদক, চিত্ৰকৰ তথা সমাজকৰ্মী। গোলাঘাটৰ বিহৰা চাহ বাগিছাত জন্মলাভ কৰা সমীৰ তাঁতীয়ে "যুদ্ধভূমিৰ কবিতা", "কদম ফুলাৰ ৰাতি", "শোকাকুল উপত্যকা", ‘‘ফৰিংবোৰে বাটৰ কথা জানে’’ আদি কবিতা গ্ৰন্থৰে অসমীয়া সাহিত্য জগতত চিনাকি লাভ কৰে।
-
কমলেশ্বৰ চলিহা
কমলেশ্বৰ চলিহা (Kamaleswar Chaliha) এগৰাকী কবি,ঔপন্যাসিক হিচাপে সুপৰিচিত। তেখেত যোৰহাটৰ গীতাৰ্থী সমাজ আৰু গুৱাহাটী সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। কমলেশ্বৰ চলিহা 'কচ' স্বপ্ন নামেৰে পৰিচিত।তেখেতে ছাত্ৰাবস্থাতে 'সংসাৰী' নামৰ কবিতা পুথিখন ৰচনা কৰিছিল।
-
কল্যাণ ভূঞা
কল্যাণ ভূঞা (ইংৰাজী: Kalyan Bhuyan, জ. ১৯৭৫) এগৰাকী কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু লোকবোধ্য বিজ্ঞান লেখক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে কৰ্মৰত ড° কল্যাণ ভূঞাই অসমৰ আগশাৰীৰ কাকত-আলোচনীত তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু বিজ্ঞানৰ ইতিহাস বিষয়ক জনপ্ৰিয় বিজ্ঞানধৰ্মী প্ৰবন্ধ…
-
জ্ঞাননাথ বৰা
জ্ঞাননাথ বৰা (Gyannath Bora; ১৮৯০ - ১৯৬৮) এগৰাকী কবি, প্ৰৱন্ধকাৰ আৰু শিক্ষাবিদ আছিল। গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক হৈছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল।
-
ভৃগুমুনি কাগয়ুং
ভৃগুমুনি কাগয়ুং (১৯৩৪-২০১১) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতৰ জন্ম হয় ১৯৩৪ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ আলিমুৰ মিচিং গাঁৱত।
-
মৈত্ৰেয়ী পাটৰ
মৈত্ৰেয়ী পাটৰ (Maitrayee Patar, ৭ এপ্ৰিল ১৯৯০) এগৰাকী ভাৰতীয় কবি, গীতিকাৰ আৰু কণ্ঠশিল্পী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য আৰু অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।
-
হৰি বৰকাকতি
হৰি বৰকাকতি (Hari Borkataki) আধুনিক অসমীয়া কবিসকলৰ ভিতৰত হৰি বৰকাকতি এগৰাকী আগশাৰী কবি। তেওঁ পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল।
-
ৰবীন্দ্ৰ সৰকাৰ
ৰবীন্দ্ৰ সৰকাৰ (Rabindra Sarkar,৭ আগষ্ট, ১৯৪১-১ চেপ্তেম্বৰ, ২০২৩) অসমৰ এগৰাকী বিশিষ্ট কবি, নাট্যশিল্পী, অনুবাদক আছিল। সত্তৰ দশকতে অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰা ৰবীন্দ্ৰ সৰকাৰৰৰ কবিতাত মাৰ্ক্সীয় মতাদৰ্শৰ প্ৰভাৱ দেখা যায়। কবিতাৰে তেওঁ সাম্যবাদ প্ৰতিষ্ঠাৰ বাবে জনগনক আহ্বান জনাইছে।
-
অৱনী চক্ৰৱৰ্তী
অৱনী চক্ৰৱৰ্তী(Abani Chakraborty) হৈছে এগৰাকী অসমীয়া প্ৰগতিশীল কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ। তেখেত সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।
-
ইছমাইল হোছেইন
ইছমাইল হোছেইন (জন্ম: ২২ ফেব্ৰুৱাৰী,১৯৬৫) বৰপেটা জিলাৰ কয়াকুছি গাঁৱৰ এক কৃষক পৰিয়ালত হৈছিল। তেখেত আধুনিক অসমীয়া ভাষাৰ একেৰাহে কবি, সমালোচক আৰু গৱেষক। অসমৰ চৰ-চাপৰিবাসীৰ ওপৰত গৱেষণা কৰা এওঁ দ্বিতীয়জন ইছমাইল হোছেইন কাৰণে, তেখেতক কনিষ্ঠ বুলিও জনা যায়।
-
গীতালী বৰুৱা
গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।
-
জ্ঞান পূজাৰী
জ্ঞান পূজাৰী এজন অসমীয়া কবি তথা নাট্যকাৰ। ১৯৪৮ চনত তেওঁৰ জন্ম হৈছিল। ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰা চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ "চলচ্চিত্ৰৰ ছাঁ-পোহৰ" তেওঁ প্ৰকাশ কৰিছিল। ২০১৬ চনত তেওঁ "মেঘমালাৰ ভ্ৰমণ" নামৰ কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
ধনেশ্বৰ ইংতি
ধনেশ্বৰ ইংতি (Dhaneswar Engti, জন্ম: ১ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সাহিত্যিক, গীতিকাৰ তথা শিক্ষাবিদ। ʼবালিমাহীʼ শীৰ্ষক কাব্য সংকলনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি সকলোৰে মাজত ʼবালিমাহীৰ কবিʼ কবি হিচাপেও পৰিচিত।
-
ধৰ্ম্মেশ্বৰী দেবী
ধৰ্মেশ্বৰী দেৱী বৰুৱানী (Dharmeswari Devi Baruani) (১৮৯২-১৯৬০) অসমীয়া সাহিত্যৰ ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰিছিল। ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা।
-
নগেন ঠাকুৰ
নগেন ঠাকুৰ (Nagen Thakur, জন্মঃ ২৯ আগষ্ট ১৯৩৯, মৃত্যুঃ ১০ এপ্ৰিল ২০২৫) অসম,ভাৰতৰ এগৰাকী ভাষাবিদ, লেখক, কবি, সম্পাদক আৰু অধ্যাপক। তেখেতে অসমীয়া ভাষা বিষয়ক ১৩খন গ্ৰন্থ প্ৰকাশ কৰিছে৷ পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক তেখেতৰ গৱেষণামূলক গ্ৰন্থকেইখনে অসমীয়া ভাষাটোক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা…
-
প্ৰফুল্ল ভূঞা
প্ৰফুল্ল ভূঞা এগৰাকী প্ৰখ্যাত অসমীয়া কবি, শিক্ষক আৰু প্ৰশাসনিক বিষয়া। ষাঠিৰ দশকৰ আৰম্ভণিত ৰামধেনু পত্ৰিকাত প্ৰকাশ পোৱা তেওঁৰ কবিতা বিহুৰ জৰিয়তে তেওঁ আধুনিক অসমীয়া কবিকূলৰ অন্যতম সদস্য হিচাপে পৰিগণিত হয়। সাহিত্যৰ লগতে তেওঁ শিক্ষা আৰু চৰকাৰী সেৱাতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
বিজয় শংকৰ বৰ্মন
বিজয় শংকৰ বৰ্মন (১৯৮০-) অসমৰ এগৰাকী কবি আৰু অনুবাদক। তেখেতে ২০০৭ চনত 'দেও' গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে আৰু ২০১৩ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে। ২০১২ চনত Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী শ্ৰেষ্ঠ ভাৰতীয় যুৱ লেখকৰ অন্যতম।
-
ভগৱতী প্ৰসাদ বৰুৱা
ভগৱতী প্ৰসাদ বৰুৱা (Bhagawati Prasad Barua; জন্ম: ১৯০০ - মৃত্যু: ১৪ অক্টোবৰ, ১৯৩৩ )যাদুৰাম ডেকা বৰুৱাৰ আজো নাতি আৰু পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জেষ্ঠ ভাতৃ আছিল। তেওঁৰ নামেৰে অসম সাহিত্য সভাৰ গুৱাহাটীস্থ ‘ভগৱতী প্ৰসাদ বৰুৱা ভৱন’ নিৰ্মাণ কৰা হৈছিল।
-
শৈলধৰ ৰাজখোৱা
শৈলধৰ ৰাজখোৱা (Sailadhar Rajkhowa) অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ আছিল। স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে কবিতা লিখাৰ অভ্যাস কৰিছিল। তেখেতে আলোচনী উষা, বাঁহী আদিত অনেক কবিতা ৰচনা কৰিছিল।
-
অতনু ভট্টাচাৰ্য
অতনু ভট্টাচাৰ্য ( Atanu Bhattacharyya, জন্ম:২৪ জানুৱাৰী, ১৯৬৮) অসমৰ এগৰাকী কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। শিক্ষকতা বৃত্তিৰ পৰা স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰৰ সৈতে জড়িত হোৱা ভট্টাচাৰ্য বৰ্তমান সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত।
-
অনুপমা বসুমতাৰী
অনুপমা বসুমতাৰী (Anupama Basumatary) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।
-
কমল কুমাৰ তাঁতী
কমল কুমাৰ তাঁতী ( Kamal Kumar Tanti) হৈছে এগৰাকী অসমীয়া কবি, অনুবাদক, অধ্যপক, প্ৰবন্ধ লেখক আৰু সমালোচক। তেখেতে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই সাহিত্য চৰ্চা কৰি আহিছে। তেওঁ অসমৰ চাহ শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰি আহিছে।
-
কলাপচন্দ্ৰ দ্বিজ
কালাপচন্দ্ৰ দ্বিজ কোচবিহাৰ ৰাজসভাৰ কবি আছিল। ৰাম সৰস্বতীৰ পুত্ৰ বুলি পৰিচয় দিয়া কালাপচন্দ্ৰই 'ৰাধা- চৰিত' নামৰ এখন সৰু কাব্য ৰচনা কৰে।
-
গোপীনাথ পাঠক
গোপীনাথ পাঠক ৰামসৰস্বতীৰ পুতেক আছিল। মহাভাৰত অনুবাদ কাৰ্যত এওঁ পিতাকক বিশেষভাবে সহায় কৰিছিল। দ্ৰোণপৰ্বত শুক্ৰধ্বজৰ পাঠক ৰাম-সৰস্বতীৰ পুতেক বুলি গোপীনাথে আত্মপৰিচয় দিছে। সম্ভৱতঃ পিতাকৰ ৰজাঘৰীয়া পাঠক বাবটো গোপীনাথেও লাভ কৰিছিল। গোপীনাথে দ্ৰোণ-পৰ্ব, সভা-পৰ্ব, আৰু স্বৰ্গ-ৰোহণ-পৰ্ব, ৰচনা কৰে।
-
চন্দ্ৰ ভাৰতী
চন্দ্ৰ ভাৰতী (১৫২৫-১৫৭৮) ষোড়শ শতিকাৰ অসমৰ এগৰাকী কবি, সাহিত্যিক আৰু সংস্কৃত ব্যাকৰণত পাণ্ডিত্য থকা ব্যক্তি৷ তেওঁ তেতিয়াৰ কামৰূপৰ বৰপেটা অঞ্চলৰ লোক। ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন ৰাজদুৱাৰৰ পাহাৰৰ ওপৰত থকা শিলৰ ফলকত এই পাহাৰটো চন্দ্ৰ ভাৰতীৰ বাসস্থান বুলি দাবী কৰা হৈছে।
-
চান্দসাই
চান্দসাইৰ প্ৰকৃত নাম আছিল চান্দ খাঁ। তেওঁ ইছলাম ধৰ্মাৱলম্বী আছিল, আৰু পেছাগত ভাবে এগৰাকী দৰ্জী আছিল। তেওঁ পোনতে শংকৰদেৱৰ নিন্দা কৰি ফুৰিছিল। শংকৰদেৱে পাটবাউসীত থকা সময়ত তেওঁক এটা চোলা সীবলৈ দিয়ে। এইদৰে তেওঁ শংকৰদেৱৰ সান্নিধ্যলৈ আহে। চান্দসাই তেওঁৰ মাহাত্ম্যত মুগ্ধ হয় আৰু তেওঁত শৰণ লয়।
-
চেনিৰাম গগৈ
চেনিৰাম গগৈ অসমৰ এগৰাকী কবি। বিগত প্ৰায় তিনিটা দশক ধৰি তেখেতে কবিতাৰ চৰ্চা কৰি আছে। বৰ্তমানলৈকে তেখেতৰ প্ৰকাশিত কবিতাপুথিৰ সংখ্যা দুখন: শব্দ শস্য গান (১৯৯৪) আৰু ঘৰগোনা বলধৰ কবিতা (২০২১)।
-
জোৱলা বৰা
জোৱলা বৰা (Jwala Bora) হৈছে নগাঁও, অসমৰ এগৰাকী লেখিকা। ২০১০ চনত অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰা জোৱলা বৰাৰ আত্মজীৱনীখনৰ নাম হৈছে 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ৷ গ্ৰন্থখন ২০১৬ চনত প্ৰকাশিত হৈছিল৷
-
জ্যোতিৰেখা হাজৰিকা
জ্যোতিৰেখা হাজৰিকা (Jyotirekha Hazarika) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত একাধাৰে কবি, গল্পকাৰ, সম্পাদক, জীৱনীকাৰ, পাঠ্যপুথি ৰচক, অধ্যাপক আদি। হাজৰিকাই বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত।
-
দামোদৰ দাস
দামোদৰ দাস বৰপেটাৰ মানুহ আছিল। "শল্য-পৰ্ব"ত আত্মপৰিচয় প্ৰসঙ্গত এওঁ শঙ্কৰ, মাধৱ আৰু দামোদৰক উল্লেখ কৰিছে আৰু নিজ গুৰু ভাগৱত ভট্টচাৰ্যৰ (ভট্টদেৱৰ) চৰণত প্ৰণিপাত জনাইছেঃ নক্ষত্ৰ সহিতে পূৰ্ণিমাৰ চন্দ্ৰ, যেন গৈল অস্তাঙ্গত।