অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কলাপচন্দ্ৰ দ্বিজ

কালাপচন্দ্ৰ দ্বিজ কোচবিহাৰ ৰাজসভাৰ কবি আছিল। ৰাম সৰস্বতীৰ পুত্ৰ বুলি পৰিচয় দিয়া কালাপচন্দ্ৰই 'ৰাধা- চৰিত' নামৰ এখন সৰু কাব্য ৰচনা কৰে।

হালনাগাদ: ৮ মে’ ২০২৪ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কালাপচন্দ্ৰ দ্বিজ কোচ বিহাৰ ৰাজ্য ৰাজসভাৰ কবি আছিল। ৰাম সৰস্বতীৰ পুত্ৰ বুলি পৰিচয় দিয়া কালাপচন্দ্ৰই 'ৰাধা- চৰিত' নামৰ এখন সৰু কাব্য ৰচনা কৰে। ১

ৰাধা- চৰিতৰ চমু পৰিচয়

কালাপচন্দ্ৰৰ ৰাধা় বিদ্যাপতি, চণ্ডীদাসৰ নাইবা ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ পৰকীয়াপ্ৰেমত মত্তা কামচঞ্চলা যুবতী নহয়, তেওঁ কৃষ্ণ-ভক্তিত তদগতচিত্তা ভক্তা। কৃষ্ণৰ মুখত ৰাধাৰ প্ৰশংসা শুনি ঈৰ্ষান্বিতা ৰুক্মিণীয়ে যেতিয়া উদ্ধৱক বৃন্দাবনলৈ ৰাধাক চাবৰ কাৰণে পঠাই দিয়ে তেতিয়া উদ্ধৱে গৈ দেখা পালে-

আছন্ত আসনে বসি ৰাধিকা গোসাঁনী। সদায়ে নাছাড়ে মুখ ৰাম কৃষ্ণ বাণী॥ কিঞ্চিতো নাহিকে প্ৰভা তান শৰীৰত। নাহি শ্ৰুতিজ্ঞান আৰু ৰাধাৰ দেহত॥ নাহি গাত মাংস অস্থি চৰ্মমাত্ৰ সাৰ। দেখিলা উদ্ধৰে হেন অৱস্থা ৰাধাৰ॥

কলাপচন্দ্ৰই নাৰায়ণ ৰজাৰ অনুপ্ৰেৰণাত শ্ৰীমদ্ভগৱতগীতাৰ চতুৰ্থ স্কন্ধৰ আংশিক ভাঙনি কৰিছিল। 'ৰাধা চৰিত্ৰ' আৰু চতুৰ্থ স্কন্ধ ভাঙনি কৰা কলাপচন্দ্ৰ দুজন সুকীয়া লেখক নে এজন কোৱা টান। এওঁৰ পিতৃ ৰাম সৰস্বতী মহাভাৰত প্ৰণয়কাৰী ৰামসৰস্বতী নে অন্য কোনোৱা এজন সেই বিষয়ে সঠিককৈ কোৱা টান। এই কলাপচন্দ্ৰই সম্ভৱতঃ 'শ্ৰীৰামকীৰ্তন'ত উল্লেখ কৰা 'ৰামায়ণচন্দ্ৰিকা'ৰ কবি।

তথ্যসূত্ৰ

  1. ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা. (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃ. ১৭৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমৰ ব্যক্তিঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলাপচন্দ্ৰ দ্বিজ” প্ৰবন্ধৰ সংশোধন ৪২০৭৬৩ (৮ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।