অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৈত্ৰেয়ী পাটৰ

মৈত্ৰেয়ী পাটৰ (Maitrayee Patar, ৭ এপ্ৰিল ১৯৯০) এগৰাকী ভাৰতীয় কবি, গীতিকাৰ আৰু কণ্ঠশিল্পী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য আৰু অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৬ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

মৈত্ৰেয়ী পাটৰ (Maitrayee Patar, ৭ এপ্ৰিল ১৯৯০) এগৰাকী ভাৰতীয় কবি, গীতিকাৰ আৰু কণ্ঠশিল্পী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য আৰু অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।১২৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯০ চনৰ ৭ এপ্ৰিল তাৰিখে গুৱাহাটীত মৈত্ৰেয়ী পাটৰৰ জন্ম হৈছিল। তেওঁ দিল্লী স্কুল অৱ ইক'নমিক্সৰ পৰা সমাজ শাস্ত্ৰ বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে। তেওঁ মুম্বাইৰ টাটা ইনষ্টিটিউট অফ ছচিয়েল চাইন্সৰ পৰা নাৰীঅধ্যয়নত মাষ্টাৰ অফ ফিলোচফি ডিগ্ৰীও লাভ কৰিছে।৪ বৰ্তমান তেওঁ অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগত জ্যেষ্ঠ গৱেষণা সহযোগী হিচাপে পিএইছডি ডিগ্ৰীৰ বাবে গৱেষণাৰত।

কৰ্মজীৱন

সাহিত্যজগত

২০১৫ চনত মৈত্ৰেয়ী পাটৰৰ কবিতা পুথি 'মোৰ কলমৌ দিনৰ সোণালী বাট' প্ৰকাশিত হৈছিল।৫ বনফুল প্ৰকাশনে এই পুথিখন প্ৰকাশ কৰিছিল।

২০১৯ চনত তেওঁক গথে ইনষ্টিটিউটৰ দ্বাৰা অনুষ্ঠিত জাৰ্মান আৰু ভাৰতীয় ভাষাৰ সাহিত্যৰ সন্মানীয় সাংস্কৃতিক বিনিময় কৰ্মশালা 'পয়েটছ ট্ৰেন্সলেটিং পয়েটছ' জানুৱাৰী সংস্কৰণৰ বাবে নিৰ্বাচিত কৰা হৈছিল।৪

মৈত্ৰেয়ী পাটৰে কবিতাৰ জৰিয়তে প্ৰাকৃতিক পৃথিৱীৰ লগতে মহিলাসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰে। তেওঁৰ বেছিভাগ কবিতা ইটালিয়ান, নেপালী, হিন্দী, তিৱা আৰু মালায়ালমৰ দৰে অন্যান্য ভাৰতীয় আৰু বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে।৪ তেওঁ আগশাৰীৰ সাহিত্য আলোচনী ক্ৰিটিবাছ, সাতসৰি, প্ৰকাশ, নিবেদন আৰু যাত্ৰাৰ নিয়মীয়া লেখিকা।

২০২১ চনৰ জানুৱাৰী মাহৰ ১১ তাৰিখে মৈত্ৰেয়ীৰ কবিতা পুথি ডিঙিত গজা পানী মঙহ গুৱাহাটী গ্ৰংহমেলাত উন্মোচিত হয়। কিতাপখন আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে।

সংগীতজগত

তেওঁ 'বাৰ্তালাপ'ৰ বেনাৰত তেওঁৰ নতুন যুগৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ বাবে জনাজাত। এই বেনাৰত নিৰ্মিত মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ গীত ৰোলিং ষ্টন ইণ্ডিয়াই ২০২০ চনৰ প্লেলিষ্টত 'দূৰ সীমনাত' অলতাৰনেটিভ ৰক তালিকাত অন্তৰ্ভুক্ত কৰিছিল।৬ “প্ৰজেক্ট বাৰ্তালাপ” মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ যুটীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছে। মুম্বাইত তেওঁলোকে একেখন কলেজত পঢ়িছিল আৰু বিশ্ব প্ৰতিবন্ধকতা দিৱসৰ অনুষ্ঠানত একেলগে পৰিবেশনো কৰিছিল। সেইসময়তে মৈত্ৰেয়ীয়ে “বাৰ্তালাপ” গীতটো ৰচনা কৰিছিল। বৰ্তমান তেওঁলোকে অসম তথা দেশৰ বিভিন্ন মঞ্চত একেলগে গীত পৰিৱেশন কৰে।৭

সক্ৰিয়কৰ্মী

মৈত্ৰেয়ী পাটৰে অসমৰ লেখক সম্প্ৰদায়ৰ সৈতে ২০২০ চনৰ অক্টোবৰলৈকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী প্ৰতিবাদৰ ভিতৰত তেওঁৰ স্থিতিৰ বাবে কাৰাগাৰত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক অখিল গগৈৰ মুক্তি দিয়াৰ দাবী জনাইছিল।৮

তথ্যসূত্ৰ

  1. ↑ অসম প্ৰকাশন পৰিষদৰ কাব্যনুষ্ঠান 'বন্দো কি ছন্দেৰে সম্পন্ন. অসমীয়া প্ৰতিদিন
  2. ↑ Hunger, Helplessness, Hope: How Five Young Assamese Poets Are Spending Their Lockdown Days. Eleventh Column
  3. ↑ Convention on Tiwa language. সাহিত্য অকাডেমি
  4. ↑ About Maitrayee Patar. Goethe-Institut
  5. ↑ Maitrayee Patar's book listing. Scientiabooks – An Assamese book portal
  6. ↑ Rolling stone India monthly playlist January 2020. Rolling Stone
  7. ↑ শংকুৰাজ কোঁৱৰৰ সৈতে বাৰ্তালাপ. prangon.in
  8. ↑ Akhil Gogoi: 100 Writers Demand Proper Treatment For COVID-19 Positive Leader in Jail. The Wire (India)

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ কণ্ঠশিল্পীঅসমীয়া ভাষাৰ গীতিকাৰঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৈত্ৰেয়ী পাটৰ” প্ৰবন্ধৰ সংশোধন ৬০৩৫৯৫ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।