অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰফুল্ল ভূঞা

প্ৰফুল্ল ভূঞা এগৰাকী প্ৰখ্যাত অসমীয়া কবি, শিক্ষক আৰু প্ৰশাসনিক বিষয়া। ষাঠিৰ দশকৰ আৰম্ভণিত ৰামধেনু পত্ৰিকাত প্ৰকাশ পোৱা তেওঁৰ কবিতা বিহুৰ জৰিয়তে তেওঁ আধুনিক অসমীয়া কবিকূলৰ অন্যতম সদস্য হিচাপে পৰিগণিত হয়। সাহিত্যৰ লগতে তেওঁ শিক্ষা আৰু চৰকাৰী সেৱাতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

হালনাগাদ: ২৪ জুলাই ২০২৫ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

প্ৰফুল্ল ভূঞা এগৰাকী প্ৰখ্যাত অসমীয়া কবি, শিক্ষক আৰু প্ৰশাসনিক বিষয়া। ষাঠিৰ দশকৰ আৰম্ভণিত ৰামধেনু পত্ৰিকাত প্ৰকাশ পোৱা তেওঁৰ কবিতা বিহুৰ জৰিয়তে তেওঁ আধুনিক অসমীয়া কবিকূলৰ অন্যতম সদস্য হিচাপে পৰিগণিত হয়। সাহিত্যৰ লগতে তেওঁ শিক্ষা আৰু চৰকাৰী সেৱাতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

জন্ম আৰু শিক্ষাজীৱন

প্ৰফুল্ল ভূঞাৰ জন্ম নগাঁৱৰ বেবেজিয়াত হৈছিল। তেওঁ কটন কলেজৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ যোৰহাটৰ জে. বি. কলেজত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। কিছুবছৰৰ পাছত শিক্ষকতাৰ চাকৰি ত্যাগ কৰি অসমৰ অসামৰিক সেৱাত যোগদান কৰে আৰু অন্ততঃ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ উচ্চ পদত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে।

সাহিত্য জীৱন

তেওঁ সাহিত্যক্ষেত্ৰতো সমানে সক্ৰিয় আছিল। তেওঁৰ কবিতাৰ বিষয়বস্তুত আত্মজিজ্ঞাসা, সমাজ আৰু মানৱতাৰ গভীৰ অনুভূতি প্ৰকাশ পাইছে।

কবিতা

  • নিৰ্জনতা
  • এজন মানুহৰ প্ৰাণ এজনতে
  • অন্য এক যীশু খৃষ্টৰ ক্ৰুছবিন্ধন

কাব্যসংকলন

  • পৰিব্ৰাজক (২০০৪)

বঁটা

  • মৃণালিনী দেৱী সোঁৱৰণী বঁটা – অসম কবি সমাজ, ২০০৫

তথ্য উৎস

  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল ভূঞা” প্ৰবন্ধৰ সংশোধন ৫২৬৯৬২ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।