অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সমীৰ তাঁতী

সমীৰ তাঁতী (Sameer Tanti) অসমৰ এজন কবি, কথাশিল্পী, অনুবাদক, চিত্ৰকৰ তথা সমাজকৰ্মী। গোলাঘাটৰ বিহৰা চাহ বাগিছাত জন্মলাভ কৰা সমীৰ তাঁতীয়ে "যুদ্ধভূমিৰ কবিতা", "কদম ফুলাৰ ৰাতি", "শোকাকুল উপত্যকা", ‘‘ফৰিংবোৰে বাটৰ কথা জানে’’ আদি কবিতা গ্ৰন্থৰে অসমীয়া সাহিত্য জগতত চিনাকি লাভ কৰে।

হালনাগাদ: ২৯ এপ্ৰিল ২০২৫ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

সমীৰ তাঁতী (Sameer Tanti) অসমৰ এজন কবি, কথাশিল্পী, অনুবাদক, চিত্ৰকৰ তথা সমাজকৰ্মী।১ গোলাঘাটৰ বিহৰা চাহ বাগিছাত জন্মলাভ কৰা সমীৰ তাঁতীয়ে "যুদ্ধভূমিৰ কবিতা", "কদম ফুলাৰ ৰাতি", "শোকাকুল উপত্যকা", ‘‘ফৰিংবোৰে বাটৰ কথা জানে’’ আদি কবিতা গ্ৰন্থৰে অসমীয়া সাহিত্য জগতত চিনাকি লাভ কৰে। তেখেতে ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।২ ২০২৪ চনত তেখেতে ‘‘ফৰিংবোৰে বাটৰ কথা জানে’’ কবিতা পুথিখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।৩

জন্ম আৰু শিক্ষা

সমীৰ তাঁতীয়ে ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বিহৰা চাহ বাগিছাত জন্মগ্ৰহণ কৰে। তেখতৰ পিতৃ আছিল চাহ শ্ৰমিক কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগ'ৰ তাঁতী।৪ কৰ্ণ তাঁতী ১৯৩৭ চনতে ওড়িশাৰ কালাহান্দিৰ পৰা অসমলৈ আহিছিল।

সমীৰ তাঁতীয়ে এজন উৰিয়া শিক্ষকৰ ওচৰত শিক্ষাজীৱনৰ পাতনি মেলে। এবছৰমান পিছত তেখেতে বিহৰাৰ এখন হিন্দী ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পিছত তেখেতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।৫ ১৯৮৩ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।১

১৯৮০ চনত তেখেত লিলিবন কলিতাৰ লগত বিবাশপাশত আবদ্ধ হয়।৫

কৰ্মজীৱন

সমীৰ তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত "সাদিনীয়া নাগৰিক" কাককত উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।৬ তাৰ পিছত তেখেতে "দ্য ছেণ্টিনেল" কাকতত আৰ্হিকাকত চাওঁতা হিচাপে কাম কৰে। ইয়াৰ পিছত তেখেতে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বৰ্তমান অসম চৰকাৰৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে কাম কৰি আছে।১

সাহিত্যিক অৱদান

১৯৭৯ চনত 'নাগৰিক' কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পায়। বৰ্তমানলৈকে সমীৰ তাঁতীৰ বাৰখন কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ চাৰিখন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনূদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেখেতৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ বিষয়া হিচাপে কৰ্মৰত তাঁতীৰ প্ৰকাশিত কাব্য-সংকলনকেইখন হ'ল-

  • যুদ্ধভূমিৰ কবিতা (১৯৮৫)
  • শোকাকুল উপত্যকা (১৯৯০)
  • অত্যাচাৰৰ টোকাবহী (১৯৯৩)
  • সেউজীয়া উৎসৱ (১৯৯৪)
  • বিষয় দুৰ্ভিক্ষ (১৯৯৪)
  • এই আন্ধাৰ এই পোহৰৰ তন্ময়তা (১৯৯৮)
  • কদম ফুলাৰ ৰাতি (২০০১)
  • বিষাদ সংগীত (২০০৪)
  • তেজ আন্ধাৰৰ নাও (২০০৬)
  • কায়াকল্পৰ বেলা (২০১৩)
  • যাওঁগৈ ব’লা
  • ফৰিংবোৰে বাটৰ কথা জানে (২০২১ আদি।

কবিতাৰ উপৰি চিত্ৰশিল্পৰ চৰ্চাত আগ্ৰহী তাঁতীয়ে অনুবাদ কৰা ‘কাফ্ৰি কবিতা’ (১৯৮৭) নিগ্ৰো কবিতাৰ সংকলন। ‘সময় শব্দ সপোন’ (১৯৯৬) আৰু ‘ঈশ্বৰ আবৰ্জনা আৰু পতিতালয়’ (১৯৯৮) তেওঁৰ প্ৰকাশিত দুখন গদ্য-সংকলন।৪৭ তেজ আন্ধাৰৰ নাও তেখেতৰ স্বনিৰ্বাচিত কবিতাৰ সংকলন৷ তদুপৰি তেখেতে ‘দেশ বিভাজনৰ গল্প’ আৰু এন্ধাৰে গৰকা সময়’ নামৰ দুখন গ্ৰন্থ সম্পাদনা কৰিছে৷

এক নিৰ্দিষ্ট সময়, এক নিৰ্দিষ্ট ইতিহাস আৰু এক নিৰ্দিষ্ট উৎপাদন ব্যৱস্থাৰ সৃষ্টি বুলি নিজকে অভিহিত কৰা সমীৰ তাঁতী সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা তৰণ প্ৰজন্মৰ এগৰাকী উল্লেখযোগ্য কবি। আশা আৰু হতাশাই বেদনাহত কৰা চৌপাশৰ সমাজখনৰ উত্থান-পতন, তাৰ মানুহখিনিৰ হৰ্ষ-বিষাদ, দ্বন্দ্ব- সংঘাত, প্ৰেম-অপ্ৰেমৰ বলিষ্ঠ প্ৰকাশ সমীৰ তাঁতীৰ কবিতাৰ সৌন্দৰ্য।

সমীৰ তাঁতীয়ে ভূপালত ১৯৮৭ চনত অনুষ্ঠিত ভাৰতীয় কবিতাৰ প্ৰথম ত্ৰিবাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে। তাৰপিছত ১৯৮৮ চনত ভূপালত অনুষ্ঠিত ভাৰতীয় যুৱ লেখক সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সেই বছৰেই এছিয়া কাব্য মহোৎসৱত যুৱ পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰে।৬ ২০০৭ চনত তেখেতে নতুন দিল্লীত অনুষ্ঠিত 'ছাৰ্ক' লেখকৰ সন্মিলন আৰু ২০০৮ চনত কলিকতাত অনুষ্ঠিত বিশ্ব কাব্য মহোৎসৱত অংশগ্ৰহণ কৰে। মুম্বাই, নতুন দিল্লী, কলিকতা, পাটনা, ভুৱনেশ্বৰ, কোনাৰ্ক আদি ঠাইত সাহিত্য অকাডেমিয়ে আযোজন কৰা বিভিন্ন সন্মিলনত তেখেত স্বৰচিত কবিতা পাঠৰ বাবে আমন্ত্ৰিত হৈ আহিছে।৬

বঁটা আৰু সন্মান

২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন বঁটাৰে সন্মানিত কৰা হৈছিল। ৱিলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটাৰ বাবেও তেখেতক নিৰ্বাচন কৰা হৈছে।১ এই বঁটাৰ ঘোষণা হোৱাৰ পিছত তেখেতে ব্যক্ত কৰে যে "এয়া চাহ বাগিছা, অসমৰ সাধাৰণ শ্ৰমিক কৃষকৰ প্ৰতি যঁচা এক সন্মান।" ৪ শেহতীয়াকৈ তেখেতক পশ্চিমবংগ চৰকাৰৰ বাংলা একাডেমীয়েও সম্বৰ্ধনা জ্ঞাপন কৰে।১ ২০২৪ চনৰ ১৮ ডিচেম্বৰ তাৰিখে তেখেতে ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ (জানুৱাৰী ১৩, ২০১৩). কবি সমীৰ তাঁতীলৈ অসম উপত্যকা বঁটা
  2. ↑ (January 13, 2013). Assam Valley Award to Sameer Tanti. The Assam Tribune
  3. ↑ কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা
  4. ↑ (১৩ জানুৱাৰী, ২০১৩). 'কদম ফুলাৰ ৰাতি'ৰ কবি সমীৰ তাঁতীলৈ অসম উপত্যকা সাহিত্য বঁটা
  5. ↑ Maitreyee Boruah. (May 21, 2004). Verse in proletariat heart. The Telegraph
  6. ↑ (১৩ জানুৱাৰী, ২০১৩). সমীৰ তাঁতীলৈ ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা
  7. ↑ (January 12, 2013). Assamese poet Sameer Tanti awarded Assam Valley Literary Award. Business Standard
  8. ↑ https://assam.news18.com/news/assam/samir-tati-won-the-sahitya-akademi-award-for-his-poem-fringbore-bat-katha-jane-tv-biju-kd-430342.html

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমৰ ব্যক্তিঅসম উপত্যকা সাহিত্য বঁটা বিজয়ীঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমীৰ তাঁতী” প্ৰবন্ধৰ সংশোধন ৫০৪৭৯৯ (২৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।