অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলেশ্বৰ চলিহা

কমলেশ্বৰ চলিহা (Kamaleswar Chaliha) এগৰাকী কবি,ঔপন্যাসিক হিচাপে সুপৰিচিত। তেখেত যোৰহাটৰ গীতাৰ্থী সমাজ আৰু গুৱাহাটী সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। কমলেশ্বৰ চলিহা 'কচ' স্বপ্ন নামেৰে পৰিচিত।তেখেতে ছাত্ৰাবস্থাতে 'সংসাৰী' নামৰ কবিতা পুথিখন ৰচনা কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কমলেশ্বৰ চলিহা (Kamaleswar Chaliha) এগৰাকী কবি,ঔপন্যাসিক হিচাপে সুপৰিচিত। তেখেত যোৰহাটৰ গীতাৰ্থী সমাজ আৰু গুৱাহাটী সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। কমলেশ্বৰ চলিহা 'কচ' স্বপ্ন নামেৰে পৰিচিত।১তেখেতে ছাত্ৰাবস্থাতে 'সংসাৰী' নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। কমলেশ্বৰ চলিহাই অসম সাহিত্য সভাৰ মাকুম অধিবেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰিছিল।২

জন্ম আৰু বংশ পৰিচয়

কমলেশ্বৰ চলিহাৰ জন্ম হৈছিল ১৯০৪ চনৰ ২৯ অক্টোবৰত ডিব্ৰুগড়ত।২ পিতৃৰ নাম খৰ্গেশ্বৰ চলিহা। মাতৃৰ নাম ডিম্বেশ্বৰী।

শিক্ষা

১৯২২ চনত যোৰহাটৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

চাকৰি জীৱন

কমলেশ্বৰ চলিহাই যোৰহাটত গড়কাপ্তানী বিভাগত সহকাৰীৰূপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯২৬ চনত যোৰহাটৰ স্কুল পৰিদৰ্শক অফিচত সহকাৰীৰূপে চাকৰি কৰিছিল। ১৯৬১ চনত অসম প্ৰকাশন পৰিষদত সহকাৰি যোগদান কৰিছিল।২

সাহিত্যৰাজি

কবিতা পুথি

  • সংসাৰী (১৯২২)
  • মুকুতি (১৯২৭)
  • কণ-মৌ
  • গুণ-গুণ (১৯৩০)
  • ছন্দিকা (১৯৪১)

৩অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ চন, পৃষ্ঠা নং ৩২২

নাট

  • চাঁদ-সদাগৰ(১৯৩০)
  • ধূলি(১৯৩০)
  • বৰলা(১৯৩১)

মৃত্যু

১৯৮৪ চনত কমলেশ্বৰ চলিহাৰ মৃত্যু হয়।৪

তথ্যসূত্ৰ

শ্ৰেণী:{অসমীয়া কবি

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা:সত্যেন্দ্ৰনাথ শৰ্মা,সপ্তম সংস্কৰণ ১৯৯৬,পৃষ্ঠা নং ৩২৭
  2. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ৩৪
  3. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ৩৪
  4. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা:সত্যেন্দ্ৰনাথ শৰ্মা,সপ্তম সংস্কৰণ ১৯৯৬,পৃষ্ঠা নং ৩২৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলেশ্বৰ চলিহা” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৭৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।