অসমীয়া কবি
১৭১ প্ৰবন্ধ
-
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (Durga Prasad Majinder Baruah) হৈছে অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ। আধুনিক অসমীয়া নাটৰ বুৰঞ্জী গঢ়োতা সকলৰ ভিতৰত এজন। বিংশ শতিকাৰ শেষ দশকত যি সকলে অসমীয়া নাট ৰচনা কৰিবলৈ সংকল্প গ্ৰহণ কৰে তেওঁ তাৰে ভিতৰত অন্যতম।
-
ধীৰেন্দ্ৰ নাথ দত্ত
ধীৰেন্দ্ৰ নাথ দত্ত (Dhirendra nath Dutta) (১৯১২- ১৯৭২) অসমৰ এজন প্ৰগতিশীল কবিতাৰ বাটকটীয়া কবি। কৃষক,বনুৱা আদি শ্ৰম জীৱী লোকৰ প্ৰতি সহানুভূতি তেওঁৰ কবিতাৰ ঘাই বৈশিষ্ট্য।
-
নিত্যা দত্ত
নিত্যা দত্ত (১৯৩৫-১৯৯১) এগৰাকী বিশিষ্ট কবিৰ লগতে এগৰাকী আৰক্ষী বিষয়াও আছিল। তেওঁ নাহৰকটীয়া হাইস্কুলত শিক্ষকতা কৰাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া অভিনয় শিল্পীও আছিল।
-
ভৱানন্দ দত্ত
ভৱানন্দ দত্ত (১৯১৯-১৯৫৯) একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্মনামেৰে তেওঁ অসমীয়া কবিতা লিখিছিল আৰু বাটকটীয়া হিচাপে পৰিগণিত হৈছিল।
-
মহম্মদ পিয়াৰ
মহম্মদ পিয়াৰ (Mahammad Piar; ১৯২৩- ২০০৮) অসমৰ এগৰাকী শিক্ষাবিদ, কবি আৰু ঔপন্যাসিক। কুৰি শতিকাৰ ৫০ জন ঔপন্যাসিকৰ ভিতৰত পিয়াৰক স্থান দিয়া হয়। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে পিয়াৰে তেওঁৰ প্ৰথমখন কাব্য সংকলন আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথমখন উপন্যাস ‘প্ৰীতি-উপহাৰ’ লিখি উলিয়াইছিল।
-
যমুনেশ্বৰী খাটনিয়াৰ
যমুনেশ্বৰী খাটনিয়াৰক (Jamuneswari Khatoniyar) (১৮৯৯-১৯২৪) অসমীয়া সাহিত্যৰ ৰমন্যাসিক যুগৰ প্ৰথম গৰাকী মহিলা কবি হিচাবে আখ্যা দিয়া হয়।
-
লুট্ফা হানুম ছেলিমা বেগম
লুট্ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহিত্য উভয় শাখাতে স্নাতকোত্তৰ।
-
হেমাংগ কুমাৰ দত্ত
হেমাংগ কুমাৰ দত্ত ( Hemanga Kumar Datta; জন্মː ১৯৭৩) এগৰাকী অসমীয়া কবি আৰু প্ৰবন্ধকাৰ। সীমিত সংখ্যক কবিতাৰে অসমীয়া কাব্য-সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। ৰাতিৰ কবিতা, চহৰত চেলকাৰ্ক আদি তেওঁ লিখা বহু-চৰ্চিত কবিতা।
-
ৰবীন্দ্ৰ বৰা
ৰবীন্দ্ৰ বৰা(Rabindra Borah জন্ম: ২৫ ফেব্ৰুৱাৰী, ১৯৩৯- মৃত্যু: ১১ আগষ্ট, ২০২৪) ৰামধেনু যুগৰ এগৰাকী অসমীয়া কবি। বৰা এগৰাকী কাব্য সমালোচক হিচাপেও পৰিচিত।
-
ৰমাকান্ত চৌধুৰী
ৰমাকান্ত চৌধুৰী (১৮৪৬-১৮৮৯) অৰুণোদয় যুগৰ এগৰাকী অসমীয়া কবি আৰু নাট্যকাৰ। তেখেত আধুনিক অসমীয়া কাব্যজগতৰ প্ৰথম বৰ্ণনাত্মক কাব্যৰ ৰচক। তেখেতক অসমীয়া পৌৰাণিক নাটকৰ জনক বুলিও অভিহিত কৰা হয়। ৰমাকান্ত চৌধুৰী দেউতাক লক্ষ্মীকান্ত চৌধুৰী।
-
ৰাম গোস্বামী
ৰাম গোস্বামী (Ram Goswami) অসমৰ এগৰাকী কবি তথা গদ্যকাৰ। ভালেকেইখনমান গ্ৰন্থ প্ৰণয়ন কৰা গোস্বামীৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্য্য, মানৱ জীৱনৰ বিভিন্ন দিশ, ৰাজনৈতিক ঘটনা প্ৰৱাহৰ লগতে দেশ তথা সমাজৰ অস্থিৰ পৰিস্থিতিৰ বিৰূদ্ধে কৰা প্ৰতিবাদৰ ভাষা ফুটি উঠা দেখা যায়।
-
অনন্ত আচাৰ্য
অনন্ত আচাৰ্য অনন্ত আচাৰ্য আছিল ১৮ শতিকাৰ কবি ৷ ‘আনন্দ লহৰী’ গ্ৰন্থখন তেওঁ ৰচনা কৰা৷ বৰৰজা ফুলেশ্বৰী আৰু শিৱসিংহৰ নিৰ্দেশত আৰু শংকৰাচাৰ্যৰ ‘সৌন্দৰ্য লহৰী’ স্তোত্ৰৰ আদৰ্শত পুথিখন ৰচনা কৰিছিল৷ তেওঁ শক্তি পূজক আছিল৷
-
অনিৰুদ্ধ কায়স্থ
অনিৰুদ্ধ কায়স্থ ষষ্ঠদশ-সপ্তদশ শতিকাৰ এগৰাকী কবি। এখেতৰ পিতৃ ৰামচন্দ্ৰ বা ৰামৰুদ্ৰদেৱ। পিতামহ মাধৱদেৱৰ ককায়েক দামোদৰ ওৰফে ৰূপচন্দ্ৰ গিৰী। পূব কোচ ৰাজ্যৰ ৰজা ৰঘূদেৱৰ ৰাজসভাৰ অমাত্য আছিল। ৰজা ৰঘূদেৱৰ পৃষ্ঠপোষকতাত এখেতে ভাগৱতৰ ২য় আৰু ৫ম স্কন্ধৰ পদ ভাঙনি কৰে।
-
এম ইব্ৰাহিম আলি
এম ইব্ৰাহিম আলি(M Ibrahim Ali) (১৯১৭-১৯৭৫) আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় দৰং জিলাৰ, 'মঙলদৈ'ৰ ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত।
-
কবিৰঞ্জন শইকীয়া
কবিৰঞ্জন শইকীয়া (স্বাধীনতা ফুকন'নামেৰেও পৰিচিত, ১৯৭৪–২০০০) এগৰাকী অসমীয়া কবি, সমাজকৰ্মী আৰু বিদ্ৰোহী আছিল। সাহিত্যিক অৱদান আৰু সামাজিক আৰু ৰাজনৈতিক সক্ৰিয়তাৰ লগত জড়িত হোৱাৰ বাবে তেওঁক স্বীকৃতি দিয়া হৈছিল।
-
কবিৰাজ চক্ৰৱৰ্তী
কবিৰাজ চক্ৰৱৰ্তী (Kabiraj Chakravarty, ১৭-১৮ শতিকা) আহোম যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি।কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম ৰামনাৰায়ণ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তী আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ, শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজসভাৰ ৰাজকবি আছিল। এখেতক কৱিৰাজ উপাধি কোনে প্ৰদান কৰিছিল জনা নাযায়।
-
কমল কুমাৰ মেধি
কমল কুমাৰ মেধি (Kamal Kumar Medhi) অসমৰ এগৰাকী সক্ৰিয় ৰাজনীতিবিদ, সমাজ-সমালোচক আৰু কবি। তেওঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টি (বিজেপি) অসম প্ৰদেশৰ এজন অন্যতম মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্ভাহ কৰি আছে।
-
কাবেৰী কছাৰী
কাবেৰী কছাৰী (ইংৰাজী: Kaberi Kachari) নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ মহিলা শাখাৰ মুৰব্বী আছিল। তেওঁ সংগঠনটোৰ প্ৰাক্তন অধ্যক্ষ অৰবিন্দ ৰাজখোৱাৰ পত্নী। তেওঁ কলেজীয়া দিনৰে পৰাই কাব্যিক উৎকৰ্ষতাৰ বাবে পৰিচিত আছিল।
-
কেশৱ কায়স্থ
কেশৱ কায়স্থ (Keshav kayastha) হৈছে এগৰাকী অসমীয়া সাহিত্যিক।
-
গোপালচৰণ দ্বিজ
গোপালচৰণ দ্বিজ ষোড়শ শতিকাৰ কামৰূপ অঞ্চলৰ এগৰাকী বৈষ্ণৱ কবি আৰু পণ্ডিত আছিল। গোপালচৰণ দ্বিজ মহাপুৰুষ দামোদৰ দেৱৰ অনুগামী আছিল। তেওঁ দামোদৰ দেৱৰ শিষ্য বংশীগোপালৰ শিষ্য আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃত ভাষাত ৰচিত ভক্তি ৰত্নাকৰ গ্ৰন্থক গোপালচৰণ দ্বিজে অসমীয়া গদ্যলৈ ভাঙনি কৰিছিল।
-
গোবিন্দ মিশ্ৰ
গোবিন্দ মিশ্ৰ (Govinda Mishra) ভট্টদেৱৰ সমসাময়িক পণ্ডিত আছিল।
-
জোনমণি দাস
জোনমণি দাস (জন্ম: ৩১ মে' ১৯৮৫ – ১২ মে' ২০২৬) সাম্প্ৰতিক সময়ৰ এগৰাকী জনপ্ৰিয় অসমীয়া কবি। ১৯৮৫ চনৰ ৩১ মে'ত শিৱসাগৰত জন্মগ্ৰহণ কৰা দাসে তেওঁৰ বলিষ্ঠ আৰু ব্যতিক্ৰমী কবিতাৰ জৰিয়তে অসমীয়া কাব্যজগতত এক সুকীয়া স্থান দখল কৰিছে।
-
জ্ঞানানন্দ শৰ্মা পাঠক
জ্ঞানানন্দ শৰ্মা পাঠক (জন্ম: ১০ ডিচেম্বৰ ১৯২৮) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, সাহিত্যিক আৰু সমালোচক। পঞ্চাশৰ দশকৰ ৰামধেনু পত্ৰিকাৰ পাতত তেওঁৰ কবিতা, গল্প আৰু ৰম্যৰচনাৰে সাহিত্যজীৱনৰ পাতনি মেলিছিল। যদিও এই সময়ৰ পৰা সাহিত্যত সক্ৰিয়, তেওঁ নব্বৈৰ দশকত প্ৰধানকৈ কবি ৰূপে আত্মপ্ৰকাশ কৰে।
-
দিগন্ত বিশ্ব শৰ্মা
দিগন্ত বিশ্ব শৰ্মা একাধাৰে কবি, অনুবাদক আৰু সুবক্তা৷ তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত অধ্যাপক আৰু সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী আৰু শ্ৰী অৰবিন্দৰ ভক্ত।
-
দিলীপ ফুকন
দিলীপ ফুকন (ইংৰাজী: Dilip Phookan) (জন্ম: ১ আগষ্ট ১৯৫৫) অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক আৰু সাহিত্য সমালোচক। তেখেতৰ জন্ম হয় বোকাখাতৰ কুৰুৱাবাহীত। বৰ্তমান তেখেত তেজপুৰৰ বাসিন্দা।
-
দৈৱচন্দ্ৰ তালুকদাৰ
দৈৱচন্দ্ৰ তালুকদাৰ (DAIBA CHANDRA TALUKDAR) অসমীয়া সাহিত্যৰ পাঠক সমাজত এগৰাকী ঔপন্যাসিক হিচাপে সুপৰিচিত। ছাত্ৰাবস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা তলুকদাৰে ঔপন্যাসৰ উপৰিও গল্প আৰু কবিতাও ৰচনা কৰিছিল। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ 'মিলন'ৰ প্ৰতিষ্ঠা আৰু প্ৰকাশত তেওঁ আগভাগ লৈছিল।
-
ধনাই বৰা
ধনাই বৰা(Dhanai Borah; জন্ম: ১৮৭২ – মৃত্যু: ১৯৫৬) এগৰাকী অসমীয়া কবি আৰু লেখক। ১৮৭২ চনত ছিপাঝাৰত তেওঁৰ জন্ম হয়। ধনাই বৰা এজন কৃতী শিক্ষক, পাঠ্যপুথি প্ৰণেতা, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ আছিল। 'কবিতা চন্দ্ৰিকা' হৈছে তেওঁৰ জীৱিত কালত প্ৰকাশিত একমাত্ৰ কবিতা পুথি।
-
ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত
ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত (Dhirendra Chandra Dutta) আছিল এগৰাকী প্ৰগতিবাদী কবি তথা অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম বিপ্লৱী।
-
নবীন বুঢ়াগোহাঁই
নবীন বুঢ়াগোহাঁই একাধাৰে লেখক, গৱেষক, কবি, শিশু সাহিত্যিক৷ বুৰঞ্জীৰ অধ্যয়ন-অনুসন্ধান আৰু চৰ্চাকাৰী এজন লেখক হিচাপে তেখেতৰ সুকীয়া পৰিচয় আছে৷ তেখেতে এতিয়ালৈকে ২৩খন বুৰঞ্জী বিষয়ক গ্ৰন্থ লিখি উলিয়াইছে৷ সাম্প্ৰতিক সময়ত তেখেতৰ বুৰঞ্জী বিষয়ক লেখাৰ লগতে বিভিন্ন সমাজ-সংস্কৃতি বিষয়ক লেখা অসমৰ…
-
নীলিমা দত্ত
নীলিমা দত্ত (১৯২৫–২০০২) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, ঔপন্যাসিক, অনুবাদক, নিবন্ধকাৰ আৰু শিশু সাহিত্যিক আছিল। তেওঁ সন্দিকৈ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।