অসমীয়া কবি
১৭১ প্ৰবন্ধ
-
পুষ্পলাল উপাধ্যায়
পুষ্পলাল উপাধ্যায়ৰ জন্ম ইৰাজী ১৯০৬ চনত বৰ্তমান অসমৰ ধেমাজি জিলাৰ লাইমেকুৰী নামে এখনি ঠাইত হৈছিল। পুষ্পলাল উপাধ্যায়ে তেওঁৰ ১৯৮৭ চনত প্ৰকাশিত উষা মঞ্জৰী কাব্য গ্ৰন্থৰ বাবে ১৯৮৮ চনত দিল্লীৰ সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই কাব্য গ্ৰন্থ নেপালী ভাষাত ৰচিত।
-
পুৰুষোত্তম ঠাকুৰ
পুৰুষোত্তম ঠাকুৰ (ইংৰাজী Purushottam Thakur) শংকৰদেৱৰ পুত্ৰ ৰমানন্দৰ সন্তান আছিল। অনিৰুদ্ধ দাসৰ 'গুৰু-বৰ্ণনা'মতে সাতত্ৰিশ বছৰ বয়সত পুৰুষোত্তম ঠাকুৰ জনিয়ালৈ যায় আৰু তাতে থাকি বাৰজন মহন্ত পাতে। জনিয়াত ছবছৰমান থকাৰ পিছত কোচবিহাৰৰ ভেলাডোৱাৰত সত্ৰঘৰ কৰি থাকেগৈ।
-
প্ৰণৱ কুমাৰ বৰ্মন
প্ৰণৱ কুমাৰ বৰ্মন অসমৰ এগৰাকী সমকালীন অসমীয়া কবি আৰু সাহিত্যিক। আধুনিক অসমীয়া কবিতাত ভাষা, অনুভৱ, প্ৰেম, সমাজ আৰু মানৱীয় চিন্তাধাৰাক কেন্দ্ৰ কৰি তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
-
বিদ্যা পঞ্চানন
বিদ্যা পঞ্চানন (ইংৰাজী:Bidya Panchanan)এগৰাকী কবি আছিল। এওঁৰ প্ৰকৃত নাম জনা নাযায়।
-
বিপুলজ্যোতি শইকীয়া
বিপুলজ্যোতি শইকীয়া (Bipuljyoti Saikia) অসমৰ এগৰাকী কবি, বিজ্ঞানী, অনুবাদক, সম্পাদক, নাট্যকাৰ, জনপ্ৰিয় বিজ্ঞান লেখক। তেখেতে কটন কলেজৰপৰা পদাৰ্থবিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
ভবানন্দ দত্ত
ভবানন্দ দত্ত (Bhabanonda Dutta) অসমৰ এগৰাকী বাস্তৱবাদী কবি আছিল। তেখেতৰ ছদ্মনাম নচিকেতা।
-
ভাগৱত আচাৰ্য
ভাগৱত আচাৰ্য উত্তৰ-শংকৰী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক। তেওঁ নিজকে শ্ৰী শ্ৰী হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ নাম হৰিমিশ্ৰ।
-
মোহনকৃষ্ণ মিশ্ৰ
মোহনকৃষ্ণ মিশ্ৰ ( ইংৰাজী: Mohankrishna Mishra) অসমৰ এজন কবি। তেওঁ সমদল ' আৰু শাওনৰ শীতল বৃষ্টি নামৰ দুখন কবিতা সংকলনৰে অসমীয়া সাহিত্য জগতত চিনাকি লাভ কৰে। সত্তৰ দশকত জন্ম লাভ কৰা মোহনকৃষ্ণ মিশ্ৰ বাঁওপন্থী মতাদশৰ্ত বিশ্বাসী এগৰাকী প্ৰগতিশীল কবি।
-
যদুমণিদেৱ
যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল।
-
যোগেশ কিশোৰ ফুকন
যোগেশ কিশোৰ ফুকন (জন্ম: ১ মাৰ্চ ১৯৫৬) একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰবন্ধ লেখক, সম্পাদক, শিক্ষাবিদ। অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত যোগেশ কিশোৰ ফুকন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এজন লেখত ল'বলগীয়া সাহিত্যিক।
-
লক্ষ্মীকান্ত বৰুৱা
লক্ষ্মীকান্ত বৰুৱাৰ (১৮৮০-১৯৩৯) জন্ম হয় শিৱসাগৰত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। "মাখন উকিল" নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই শিৱসাগৰত ওকালতি কৰিছিল। তেখেত ব্ৰিটিছ ভাৰতৰ সময়ত এবাৰ অসম ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
শশীকান্ত গগৈ
শশীকান্ত গগৈ অসমীয়া সাহিত্যৰ আৱাহন যুগৰ এজন জনপ্ৰিয় সাহিত্যিক আছিল। বিশেষকৈ কবি হিচাবে পৰিচিত হ'লেও তেখেতে সাহিত্যৰ অন্যবিলাক ক্ষেত্ৰতো চৰ্চা চলাইছিল। ইয়াৰ ওপৰি শশীকান্ত গগৈ আছিল এজন নিৰ্ভীক মুক্তিযোদ্ধা । পেচাত শিক্ষক হ'লেও তেখেত আছিল সমাজবাদী আদৰ্শত বিশ্বাসী এজন সমাজকৰ্মী ।
-
শিষ্ট ভট্টাচাৰ্য
শিষ্ট ভট্টাচাৰ্য অষ্টাদশ শতিকাৰ এজন কবি আছিল। ৰচনাৰীতিত ঘৰুৱা কথনভংগীৰ প্ৰয়োগৰ বাবে সত্যেন্দ্ৰনাথ শৰ্মাই 'শিশুপাল বধ' কাব্য আৰু 'কথা-ৰামায়ণ'ৰ কিষ্কিন্ধ্যাকাণ্ডৰ লেখক একেজন বুলি ঠাৱৰ কৰিছে।
-
শুভনাথ দ্বিজ সৰস্বতী
শুভনাথ দ্বিজ সৰস্বতী অষ্টাদশ শতিকাৰ কবি। ডিম্বেশ্বৰ নেওগৰ মতে, মহাৰাজ শিৱসিংহৰ আদেশ অনুসৰি এওঁ ধৰ্ম সংবাদ নামে এখন সৰু পুথি ৰচনা কৰে। এই পুথিৰ বিষয়বস্তু গ্ৰহণ কৰিছে মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা।
-
শ্ৰীনাথ দ্বিজ
শ্ৰীনাথ দ্বিজে মহাভাৰতৰ আদি-পৰ্ব,দ্ৰৌপদী-স্বয়ংবৰ,দ্ৰোণ-পৰ্ব দেশী ভাষালৈ অনুবাদ কৰে। শ্ৰীনাথ দ্বিজে কোচবেহাৰৰ প্ৰাণনাৰায়ণ ৰজাৰ (ইং ১৬২৫-৬৫) অনুপ্ৰেৰণা লাভ কৰিছিল। দ্ৰোণ পৰ্বত শ্ৰীনাথ দ্বিজে আত্মপৰিচয় এইদৰে দিছে: প্ৰাণ-নাৰায়ণদেৱে আজ্ঞা পৰমাণে।
-
সাৰ্বভৌম ভট্টাচাৰ্য
সাৰ্বভৌম ভট্টাচাৰ্য শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। 'সৰু স্বৰ্গখণ্ড' আৰু 'বৰ স্বৰ্গখণ্ড' নামে সাৰ্বভৌম ভট্টাচাৰ্য ভণিতাযুক্ত দুখনি পুথিত ঘাইকৈ শংকৰদেৱৰ মাহাত্ম্য প্ৰচাৰ কৰা হৈছে।
-
সৃষ্টি ৰাণী টাইড
সৃষ্টি ৰাণী টাইড (ইংৰাজী: Srishti Rani Taid) এগৰাকী বহুভাষিক লেখিকা, কবি, গীতিকাৰ, সুৰকাৰ আৰু যুৱ বক্তা। সৃষ্টি ৰাণীয়ে মিচিং, অসমীয়া ভাষাৰ লগতে অন্যান্য ভালেমান দেশী-বিদেশী ভাষাত সাহিত্য চৰ্চা কৰি বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
-
ৰঘুনাথ দাস মহন্ত
ৰঘুনাথ দাস মহন্ত ১৮শ শতিকাৰ এজন অসমীয়া লেখক। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য সতানন্দ বৰভকতৰ সপ্তম পুৰুষ। ৰামায়ণক ভিত্তি কৰি তেওঁ শত্ৰুঞ্জয়, অদ্ভুত ৰামায়ণ আৰু কথা ৰামায়ণ নামৰ তিনিখন গ্ৰন্থ ৰচনা কৰিছিল। ইণ্ডো-আৰ্য মূলৰ যিকোনো ভাষাত "কথা ৰামায়ণে"ই প্ৰথম গদ্যত ৰচিত ৰামায়ণ।
-
ৰত্নাকৰ কন্দলী
ৰত্নাকৰ কন্দলী শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। দৈত্যাৰি ঠাকুৰৰ শঙ্কৰ-মাধৱৰ চৰিতত পোৱা যায় যে মহাপুৰুষ ধুৱাহাট-বেলগুৰিত থাকোঁতে ৰত্নাকৰ কন্দলী নামে এজনে নিতৌ গীতা পাঠ কৰিছিল। সম্ভৱতঃ এই ৰত্নাকৰ কন্দলীয়েই কীৰ্তনৰ অন্তৰ্ভুক্ত হোৱা সহস্ৰনাম বৃত্তান্তৰ ৰচক।
-
ৰফিকুল হুছেইন
ৰফিকুল হোছেইন (Rafikul Hossain) অসমৰ এগৰাকী কবি তথা নাট পৰিচালক। তেখেতে ষাঠিৰ দশকৰ শেষৰ ভাগত কবি হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৫৪ চনত অসমৰ গোলাঘাট জিলাৰ বোকাখাতত জন্মলাভ কৰিছিল। ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১০:৩০ বজাত গুৱাহাটীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে হোছেইনে।
-
ৰাজেন্দ্ৰ নাথ বৰদলৈ
ৰাজেন্দ্ৰ নাথ বৰদলৈ (জন্ম: ২০ জানুৱাৰী ১৯৪৮) এগৰাকী উল্লেখযোগ্য অসমীয়া কবি। ব্যক্তিগত আৰু সামাজিক ভাবানুষংগৰে তেওঁ নিজৰ কাব্যধাৰা গঢ়ি তুলিছে। তেওঁৰ কাব্যভাষা সৰল, কিন্তু গভীৰ জীৱনবোধেৰে পৰিপূৰ্ণ। গণতন্ত্ৰ নামৰ সাপ্তাহিক কাকতখনত প্ৰকাশিত মই এটি নিশাচৰ নামৰ কবিতাটোৰে তেওঁ সাহিত্য জগতলৈ আগমন কৰে।