অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধৰ্ম্মেশ্বৰী দেবী

ধৰ্মেশ্বৰী দেৱী বৰুৱানী (Dharmeswari Devi Baruani) (১৮৯২-১৯৬০) অসমীয়া সাহিত্যৰ ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰিছিল। ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ধৰ্মেশ্বৰী দেৱী বৰুৱানী (Dharmeswari Devi Baruani) (১৮৯২-১৯৬০)১ অসমীয়া সাহিত্যৰ ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰিছিল। ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা২। অসমত সেই সময়ত স্ত্ৰী-শিক্ষাৰ বিশেষ প্ৰসাৰ নথকা হেতুকে আহোম ৰাজত্বৰ শেষ চাওফা কন্দৰ্পেশ্বৰ সিংহৰ মোক্তাৱ যজ্ঞেশ্বৰ শৰ্মাই, ঘৰতেই কন্যাৰ শিক্ষাৰ সু-ব্যৱস্থা কৰি দিছিল।

সাহিত্য-চৰ্চা

‘বাঁহী’, ‘ঘৰ-জেউতি’ আদি আলোচনীত প্ৰকাশিত হোৱা কবিতাবোৰৰে ‘ফুলৰ শৰাই’ নামৰ তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ১৯২৯ চনত প্ৰকাশ পায়১৩। পোন্ধৰটা কবিতা সন্নিৱিষ্ট “প্ৰাণৰ পৰশ’’ গ্ৰন্থখন ঘাইকৈ ১৯৪৩ চনত স্বামীৰ মৃত্যুৰ পিছৰ পৰা তেওঁৰ স্বামীৰ স্মৃতি আৰু ব্যক্তিগত দুখ-কষ্টৰ ভিত্তিত ৰচনা কৰা কবিতাৰে ১৯৫২ চনত ছপা হৈ ওলায়।৩‘প্ৰাণৰ পৰশ’ তেওঁৰ দ্বিতীয় কাব্য-গ্ৰন্থ১। ড॰ মহেশ্বৰ নেওগ, ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা আদিৰ দৰে সাহিত্যিকেও কবিগৰাকীৰ কবিতাৰ উচ্চমানৰ প্ৰশংসা কৰি থৈ গৈছে৪। ‘অশ্ৰুধাৰা’ আৰু জীৱনতৰী নামৰ তৃতীয় আৰু চতুৰ্থ কাব্যগ্ৰন্থ দুখন কবিৰ মৃত্যুৰ পিছতহে ১৯৬৩ চনত একেলগে প্ৰকাশ পায়।১

‘জীৱনতৰী’ৰ ৰূপকাত্মক কবিতাসমূহৰ তুলনাত ‘অশ্ৰুধাৰা’ৰ কবিতাসমূহ ‘ফুলৰ শৰাই’ আৰু ‘প্ৰাণৰ পৰশ’ৰ দৰেই ৰহস্যধৰ্মী। তেখেতৰ ইপ্সিত চিৰসুন্দৰজনৰ পৰা অসম, ভাৰত তথা মাতৃ জাতিলৈকে সকলোৱে তেওঁৰ কবিতাসমূহত স্থান পাইছে। ‘জীৱনতৰী’ৰ কবিতাত তেওঁ ভগৱানক সৰ্বস্ব সপি দি ভৱসিন্ধু পাৰ কৰি নিয়াৰ প্ৰাৰ্থনা জনাইছে; ‘মোৰ ই জীৱনতৰী পাৰ কৰা তুমি হৰি পখীৰূপে হৈ কৰ্ণধাৰ২। ’

ব্যক্তিগত জীৱন

গুৱাহাটীৰ উজানবজাৰৰ ৰাধানাথ চিৰস্তাদাৰৰ পুত্ৰ ব্যৱসায়ী দুৰ্গানাথ বৰুৱাৰ সৈতে ১৯০৪ চনত ধৰ্ম্মেশ্বৰী দেবী বিয়া হয় আৰু বিবাহসূত্ৰে ধৰ্ম্মেশ্বৰী দেবী বৰুৱানী হয়১।৩ কিন্তু বিবাহৰ কিছুবছৰ পিছৰেপৰা শাৰীৰিক ভাৱে অক্ষম হৈ পৰে। ইয়াৰ পিছত তেওঁ ৰোগশয্যাত পৰি থাকিয়ে সাহিত্য সাধনা কৰিবলৈ লয়।৪।

বঁটা

১৯৫৬ চনত অসম সাহিত্য সভাই ধৰ্মেশ্বৰী দেৱী বৰুৱানীক কাব্য ভাৰতী উপাধিৰে বিভূষিত কৰে১২।

মৃত্যু

একৈশ বছৰ ধৰি ৰোগশয্যাৰ পৰাই কাব্য চৰ্চা কৰা কবি গৰাকীৰ, ১৯৬০ চনৰ ৯ মাৰ্চত ৬৮ বছৰ বয়সত মৃত্যু হয়২।

তথ্যসূত্ৰ

  1. ↑ Early Women Writers in Assamese Literature. indianetzone.com
  2. ↑ বৰ্ণালী হাজৰিকা. অসমীয়া সাহিত্যত মহিলা লেখকৰ অৱদান. আমি অসমীয়া
  3. ↑ যদিওবা তাজ নহ’ল সজা
  4. ↑ Jogendra Narayan Goswami. Fragrance of Creation, A Profile of Jamuneswari Khatoniar. bipuljyoti.in

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমৰ ব্যক্তিঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্ম্মেশ্বৰী দেবী” প্ৰবন্ধৰ সংশোধন ৬০২৩৯১ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।