অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবীন্দ্ৰ সৰকাৰ

ৰবীন্দ্ৰ সৰকাৰ (Rabindra Sarkar,৭ আগষ্ট, ১৯৪১-১ চেপ্তেম্বৰ, ২০২৩) অসমৰ এগৰাকী বিশিষ্ট কবি, নাট্যশিল্পী, অনুবাদক আছিল। সত্তৰ দশকতে অসমীয়া সাহিত্যৰ জগত‍ত আত্মপ্ৰকাশ কৰা ৰবীন্দ্ৰ সৰকাৰৰ‍ৰ কবিতাত মাৰ্ক্সীয় মতাদৰ্শৰ প্ৰভাৱ দেখা যায়। কবিতাৰে তেওঁ সাম্যবাদ প্ৰতিষ্ঠাৰ বাবে জনগনক আহ্বান জনাইছে।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ৭৭৩ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰবীন্দ্ৰ সৰকাৰ (Rabindra Sarkar,৭ আগষ্ট, ১৯৪১-১ চেপ্তেম্বৰ, ২০২৩) অসমৰ এগৰাকী বিশিষ্ট কবি, নাট্যশিল্পী, অনুবাদক আছিল। সত্তৰ দশকতে অসমীয়া সাহিত্যৰ জগত‍ত আত্মপ্ৰকাশ কৰা ৰবীন্দ্ৰ সৰকাৰৰ‍ৰ কবিতাত মাৰ্ক্সীয় মতাদৰ্শৰ প্ৰভাৱ দেখা যায়।১ কবিতাৰে তেওঁ সাম্যবাদ প্ৰতিষ্ঠাৰ বাবে জনগনক আহ্বান জনাইছে। ২০১৩ বৰ্ষত 'ধূলিয়ৰি ভৰিৰ সাঁচ' নামৰ কবিতা সংকলনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।২৩৪ অসমীয়াৰ লগতে বঙালী সাহিত্যৰো এগৰাকী বিশি‍ষ্ট কবিৰূপে ৰবীন্দ্ৰ সৰকাৰ পৰিচিত।৫ ২০২৩ চনৰ ১ চেপ্তেম্বৰৰ নিশা ২:৩০ বজাত তেওঁ কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে।৬

জন্ম আৰু বংশ পৰিচয়

১৯৪১ চনৰ ৭ আগষ্ট‍ত গুৱাহাটী‍ত ৰবীন্দ্ৰ সৰকাৰ‍ৰ জন্ম হৈছিল। তেখেতৰ পিতৃ‍ৰ অপূৰ্ব সৰকাৰ গুৱাহাটীস্থিত উজানবজাৰ ঘাটৰ জাহাজ কোম্পানীৰ চাকৰিয়াল আছিল। মাতৃ‍ৰ সুনীতি সৰকাৰ এগৰাকী সংগীত শিল্পী আছিল।৭

শিক্ষা

গুৱাহাটীতে শিক্ষা জীৱনৰ পাতনি মেলি ৰবীন্দ্ৰ সৰকাৰে বঙালী উচ্চ বিদ্যালয়ৰ পৰা ১৯৫৮ চনত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। ইয়াৰ পাচত বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৬০ চনত ইণ্টাৰমিডিয়েট পৰীক্ষা পাছ কৰে। এবছৰ‍ৰ বিৰতিৰ পাছত পুনৰ ১৯৬১ চনত তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয় অধীনস্থ দমদম মতিঝীল কলেজত নামভৰ্তি কৰে আৰু ১৯৬৩ চনত ইয়াৰ পৰাই স্নাতক পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়।৮

বৈবাহিক জীৱন

ৰবীন্দ্ৰ সৰকাৰে ১৯৭২ চনত গুৱাহাটীৰ জীয়ৰী শেফালী (শেৱালি) সৰকাৰ‍ৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান চন্দনা সৰকাৰৰ ১৯৭৩ চনত জন্ম হয়। চন্দনা সৰকাৰ পেচাত এগৰাকী সংগীত শিক্ষয়িত্ৰী।৯

কৰ্মজীৱন

ৰবীন্দ্ৰ চৰকাৰে অসমতে পোনপ্ৰথমে অসম ৰেলৱে স্কুল (বৰ্তমানৰ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু কাহিলীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষ‍কতাৰে কৰ্মজীৱন আৰম্ভ কৰে। পাচলৈ তেওঁ নেচনেল গ্ৰীণ্ডলেজ বেংক, ইউনাইটেড কমাৰ্চিয়েল বেংক আৰু জেনেৰেন ইঞ্চুৰেঞ্চ কোম্পেনীত চাকৰি কৰি অৱশেষত ১৯৬৭ চনত তেওঁ ভাৰতীয় জীৱন বীমা নিগমত যোগদান কৰে। ইয়াৰ পৰাই তেওঁ ২০০১ চনত অৱসৰ গ্ৰহণ কৰে।

১৯৯৭ চনত তেওঁ চাকৰিসূত্ৰে কলিকতালৈ যায় আৰু তেতিয়াৰ পৰা তাতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।১০

সাহিত্যিক অৱদান

ৰবীন্দ্ৰ সৰকাৰে সত্তৰ দশকত কাব্যচৰ্চাৰে সাহিত্যৰ পথাৰত পদাৰ্পণ কৰে। সত্তৰ দশকতে তেওঁ ভাৰতীয় গণ‍নাট্য সংঘত যোগদান কৰে আৰু পাচলৈ অসম শাখাৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল।৮ এই সময়তে তেওঁ গীত ৰচনা, নাটক, কবিতা আবৃত্তি আদি অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। বঙালী ভাষাটো তেওঁ বহুকেইখন পুথি ৰচনা কৰিছে।৭

ষাঠিৰ দশকৰ শেষৰ ফালে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সম্পাদনা কৰা 'নৱযুগ' আলোচনীত এটি কবিতাৰে ৰবীন্দ্ৰ সৰকাৰে সাহিত্যিক জীৱনৰ পাতনি মেলে। ১৯৭১-৭৫ চনলৈকে তেখেতে 'অসমীয়া কবিতা' নামৰ কবিতাৰ এখন মাহেকীয়া আলোচনীৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। অৱনী চক্ৰৱৰ্তীৰ প্ৰকাশক হিচাপে জড়িত থকা আলোচনীখন অসমীয়া ভাষাৰ প্ৰথমখন কাব্যিক আলোচনী আছিল। পাচলৈ এই আলোচনীখন 'নক্সা' আলোচনীৰ লগত সংযুক্ত ৰূপত প্ৰকাশ পাবলৈ ধৰে।৫১০

তেওঁৰ সাহিত্যিক অৱদানসমূহ তলত উল্লেখ কৰা হ'ল:

অসমীয়া ভাষাত লিখা গ্ৰন্থৰাজি

কবিতা

  1. বৃত্ত ভঙা সময় (প্ৰথম প্ৰকাশ: ১৯৭২,কবিতা প্ৰকাশন, গুৱাহাটী। )
  2. সত্তৰ‍ৰ পদাতিক (প্ৰথম প্ৰকাশ: ১৯৮০, ভৱানী পাব্লিছিং, কলিকতা। )
  3. কালান্তৰ‍ৰ কবিতা (প্ৰথম প্ৰকাশ: ১৯৮২, কামৰূপা প্ৰকাশন, গুৱাহাটী। )
  4. শান্তি কল্যাণ কবিতা (প্ৰথম প্ৰকাশ: ১৯৮‍৮, শান্তি প্ৰকাশন, গুৱাহাটী। )
  5. তুমি মোক স্পৰ্শ কৰা (প্ৰথম প্ৰকাশ:১৯৮৭, শান্তি প্ৰকাশন, গুৱাহাটী। )
  6. নিজানত ৰাতিৰ শব্দ (প্ৰথম প্ৰকাশ: ১৯‍৯০, শান্তি প্ৰকাশন, গুৱাহাটী। )
  7. পৰমা প্ৰকৃতি (প্ৰথম প্ৰকাশ: ২০‍০১, শান্তি প্ৰকাশন, গুৱাহাটী। )
  8. মৌনতাৰ শব্দ (প্ৰথম প্ৰকাশ: ২০‍০৮, সেউজী সেউজী প্ৰকাশন, নলবাৰী। )
  9. ধূলিয়ৰি ভৰিৰ সাঁচ (প্ৰথম প্ৰকাশ: ২০১‍১, ষ্টুডেণ্ট ষ্টোৰচ্, গুৱাহাটী। )
  10. অৰূপ কথাৰ জঁকা, প্ৰথম প্ৰকাশ: ২০১‍১, অন্বেষা, গুৱাহাটী। )
  11. ৰবীন্দ্ৰ সৰকাৰ‍ৰ কবিতা (স্ব-নিৰ্বাচিত),প্ৰথম প্ৰকাশ: ২০১৭, পেপিৰাছ, গুৱাহাটী। )

অনূদিত কবিতা

  1. হো চি মিনৰ কবিতা (প্ৰথম প্ৰকাশ: ১৯৬৯, কামৰূপা প্ৰকাশন,গুৱাহাটী। )*
  2. ফয়জ আহমদ ফয়জ, (অৱনী চক্ৰৱৰ্তী লগত যৌথভাৱে অনূদিত) [প্ৰথম প্ৰকাশ: ১৯৮৫, কামৰূপা প্ৰকাশন, গুৱাহাটী। )**
  3. নিকোলাচ্ গিৱেনৰ কবিতা [প্ৰথম প্ৰকাশ: ১৯৮৭, ষ্টুডেণ্ট ষ্টোৰচ্,গুৱাহাটী। ]***
  4. নাজিম হিকমতৰ কবিতা, (প্ৰথম প্ৰকাশ:১৯৮‍৮, শান্তি প্ৰকাশন,গুৱাহাটী; দ্বিতীয় প্ৰকাশ: ২০১০, ষ্টুডেণ্ট ষ্টোৰচ্, গুৱাহাটী। )†
  5. য়ান্নিচ ৰিৎচচৰ কবিতা (প্ৰথম প্ৰকাশ: ২০০১, শান্তি প্ৰকাশন, গুৱাহাটী; দ্বিতীয় প্ৰকাশ: ২০১‍১, আঁক-বাঁক, গুৱাহাটী। )††
  6. কস্তিচ পপাংগচৰ কবিতা (প্ৰথম প্ৰকাশ: ২০১৭,নতুন পদাতিক প্ৰকাশন, গুৱাহাটী। )†††

প্ৰবন্ধ

  1. চিন্তা আৰু মনিষা (প্ৰথম প্ৰকাশ: ১৯৮৬, শান্তি প্ৰকাশন, গুৱাহাটী। )
  2. অন্তৰঙ্গ অনুভৱ (প্ৰথম প্ৰকাশ: ২০‍০৫, শান্তি প্ৰকাশন,গুৱাহাটী। )
  3. লেখ‍কৰ অভিপ্ৰায় আৰু কালচেতনা (প্ৰথম প্ৰকাশ: ২০১০, শান্তি প্ৰকাশন, গুৱাহাটী)

আত্মকথা

  1. দিনবোৰ মোৰ সোণৰ সঁজাত, (প্ৰথম প্ৰকাশ: ২০১৩,অন্বেষা,গুৱাহাটী। )

প্ৰকাশিতব্য

  1. চেতনাৰ বৈভৱ [প্ৰবন্ধ সংকলন (যন্ত্ৰস্থ), পেপিৰাছ, গুৱাহাটী]
  2. বিভিন্ন দেশৰ কবিতা (কবিতা সংকলন, পেপিৰাছ, গুৱাহাটী)

বঙালী ভাষাত লিখা গ্ৰন্থৰাজি

কবিতা

  1. মৃত্যুৰ সীমান্তে দাঁড়িয়ে (প্ৰথম প্ৰকাশ: ১৯৬৮, কবিতা শান্তি পৰিষদ, কলিকতা। )
  2. নাজিম হিকমতেৰ দুষ্প্ৰাপ্য কবিতা (প্ৰথম প্ৰকাশ: ১৯৮০,বুকমাৰ্ক, কলিকতা। )
  3. কস্তিচ পপাংগচেৰ কবিতা (প্ৰথম প্ৰকাশ: ১৯‍৯১,অনুস্তুপ প্ৰকাশন, কলিকতা। )
  4. খসেছে সৌখিন পালক (প্ৰথম প্ৰকাশ: ২০‍০৭, কবিতা প্ৰতিমাসে, কলিকতা। )
  5. নাজিম হিকমতেৰ কবিতা (প্ৰথম প্ৰকাশ: ২০১০, প্ৰতিভাস, কলিকতা। )
  6. য়ানিচ ৰিৎস‍সেৰ কবিতা (প্ৰথম প্ৰকাশ: ২০১২, প্ৰতিভাস, কলিকতা। )
  7. ধোলোমাখা পায়েৰ ছাপ ও অন্যান্য কবিতা (প্ৰথম প্ৰকাশ: ২০১৭, সাহিত্য অকাডেমি, দিল্লী। )

অসমীয়াৰ পৰা বঙালীলৈ অনূদিত পুথি

  1. নীলমণি ফুকনেৰ কবিতা [প্ৰথম প্ৰকাশ: ২০‍০৭,প্ৰতিভাস, কলিকতা। )

প্ৰবন্ধ

  1. কালপুৰুশেৰ তৰবাৰি (প্ৰবন্ধ সংকলন) [প্ৰথম প্ৰকাশ: ২০১২, ভি.পি.পাব্লিছাৰ্চ, গুৱাহাটী।

তেখেতৰ কবিতা কানাড়া, নেপালী, গুজৰাটী, মাৰাঠী, উড়িয়া, বঙালী আদি বিভিন্ন ভাৰতীয় ভাষাৰ লগতে ইংৰাজী ভাষালৈয়ো অনূদিত হৈছে।৩

বঁটা

  1. ১৯৭৩ চনত ‘কালান্তৰ‍ৰ কবিতা’ পুথিৰ বাবে অসম সাহিত্য সভা প্ৰদত্ত ৰঘুনাথ চৌধাৰী বঁটা৯,
  2. ২০০৩ চনত সাহিত্যৰ বিষয়ৰ বাবে টংলাৰ দামল গোষ্ঠী প্ৰদত্ত দামল সাহিত্য সন্মান,
  3. ২০১৩ চনত সাহিত্য বিষয়ৰ বাবে নৱকান্ত বৰুৱা স্মৃতি সমিতি, গুৱাহাটী প্ৰদত্ত নৱকান্ত বৰুৱা সাহিত্য সন্মান,
  4. ২০১৩ চনত 'ধূলিয়ৰি ভৰিৰ সাঁচ'ৰ বাবে ভাৰত চৰকাৰ‍ৰ সাহিত্য অকাডেমি প্ৰদত্ত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা৯।

মৃত্যু

২০২৩ চনৰ ১ ছেপ্টেম্বৰৰ ৰাতি প্ৰায় ২ বাজি ৩০ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ থাপা, বীৰ্কে বি. (২০১৯). প্ৰগতিশীল চিন্তা আৰু সাহিত্যৰ ভৱিষ্যৎ
  2. ↑ (২২ জানুৱাৰী, ২০১৪). দৈনিক বাতৰি কাকতত প্ৰকাশিত বাতৰি
  3. ↑ ৰবীন্দ্ৰ সৰকাৰ‍ৰ কবিতা (স্ব-নিৰ্বাচিত),প্ৰথম প্ৰকাশ: ২০১৭, পেপিৰাছ, গুৱাহাটীৰবীন্দ্ৰ সৰকাৰ. (২০১৭). ৰবীন্দ্ৰ সৰকাৰ‍ৰ কবিতা (স্ব-নিৰ্বাচিত)
  4. ↑ (২ ছেপ্টেম্বৰ, ২০২৩). 'ধূলিয়ৰি ভৰিৰ সাঁচ'ৰ কবি ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগ. অসমীয়া প্ৰতিদিন
  5. ↑ (২০১৩). দিনবোৰ মোৰ সোণৰ সঁজাত. অন্বেষা
  6. ↑ Assam: Noted Assamese poet Rabindra Sarkar passes away in Kolkata. NE now
  7. ↑ দিনবোৰ মোৰ সোণৰ সঁজাতসৰকাৰ, ৰবীন্দ্ৰ. (২০১৩). দিনবোৰ মোৰ সোণৰ সঁজাত. অন্বেষা, গুৱাহাটী
  8. ↑ দ্য আসাম ট্ৰিবিউন
  9. ↑ (২২ জানুৱাৰী, ২০১৪). আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি
  10. ↑ টাইমছ অৱ ইণ্ডিয়া-(ক)

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন্দ্ৰ সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৬০৯১ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।