অৱনী চক্ৰৱৰ্তী(Abani Chakraborty) হৈছে এগৰাকী অসমীয়া প্ৰগতিশীল কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ। তেখেত সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।
জন্ম
১৯৪১ চনৰ ৩ জানুৱাৰীত নলবাৰীৰ বৰনৰ্দ্দীত অৱনী চক্ৰৱৰ্তীৰ জন্ম হয়।১
শৈক্ষিক জীৱন
তেওঁ অসম সংস্কৃত বোৰ্ড, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি আদি প্ৰতিষ্ঠানৰপৰা শিক্ষা লাভ কৰে।২
কৰ্ম জীৱন
তেওঁ গুৱাহাটীস্থ ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।৩
বিষয়বাব
- সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি।
- সদৌ অসম কবি সন্মিলনৰ সভাপতি।
- অন্তৰংগ (১৯৬৯) আলোচনীৰ সম্পাদক।
- অসমীয়া কবিতা (১৯৭০) আলোচনীৰ সম্পাদক।
- চিৰন্তন (১৯৭২) আলোচনীৰ সম্পাদক৪
সাহিত্যৰাজি
কবিতাপুথি
- দেহা ৰমেৰমায় মোৰ (১৯৭০)
- শ্লোগান (১৯৮০)৫
সম্পাদিত কবিতাপুথি
- বৃত্ত ভঙা সময় (১৯৭২)
- এই সময় (১৯৭২)
- পৰশু গোস্বামীৰ কবিতা (১৯৮৯)
- অমূল্য বৰুৱাৰ জীৱন আৰু কবিতা (১৯৯০)৬
যুটীয়া ভাৱে সম্পাদনা, অনুবাদ আৰু সংকলন কৰা কবিতাপুথি
- মাও চে টুঙৰ কবিতা (১৯৭৯)
- টুং পি টুৰ কবিতা (১৯৭৯)
- হো চি মিনৰ কবিতা (১৯৭৯)
- কৃষ্ণাংগ কবিৰ কবিতা (১৯৮২)
- ফয়জ আহমদ ফয়জৰ কবিতা (১৯৮৫)
- মুছা জলিলৰ কবিতা (১৯৮৭)৭
আত্মজীৱনীমূলক উপন্যাস
- শংকৰদেৱ উদ্যান, সি আৰু অপূৰ্ব (১৯৯০)৮
তেওঁৰ সাহিত্যৰাজিক কেন্দ্ৰ কৰি আনে প্ৰকাশ কৰা গ্ৰন্থসমূহ
- অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কবিতা (১৯৯৬, পুথি নিকেতনৰ পৰা প্ৰকাশিত)
- অৱনী চক্ৰৱৰ্তীৰ স্ব-নিৰ্বাচিত কবিতা (২০০৪)
- চক্ৰৱৰ্তী: স্মৃতি আৰু সৃষ্টি (২০০৯, কবিতা প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত)
- सपनो के साथ एक दिन ठिठोली (অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কেইটামান কবিতা দিনকৰ কুমাৰে ২০১০ চনত হিন্দীলৈ অনুবাদ কৰে)
- উলোপী (অৱনী চক্ৰৱৰ্তীৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই হিন্দী আলোচনীখন ২০০৪ চনত প্ৰকাশ পায়)৯১০

নিৰুদ্দেশ
১৯৯৪ চনৰ ১২ নৱেম্বৰৰ সন্ধিয়া সান্ধ্য ভ্ৰমণলৈ বুলি গুৱাহাটী খাৰঘুলিস্থ বাসভৱনৰ পৰা ওলাই যোৱা এই কবিজন নিৰুদিষ্ট হয়।১১
তথ্যসূত্ৰ
- ↑ সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬

- ↑ www.telegraphindia.com/1050504/asp/guwahati/stor
- ↑ indiankanoon.org/doc/1503719/
- ↑ সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱনী চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৫৮৬৯১৫ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।