অসমীয়া কবি
১৭১ প্ৰবন্ধ
-
গণেশ গগৈ
গণেশ গগৈ (Ganesh Gogoi; ১৯০৭- ১৯৩৮) অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও, তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল।
-
দণ্ডিনাথ কলিতা
দণ্ডিনাথ কলিতা (Dandinath Kalita) এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।
-
দুৰ্গাবৰ কায়স্থ
দুৰ্গাবৰ কায়স্থ এগৰাকী পাঁচালী কবি আছিল। জন্মৰ সময় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় যদিও তেওঁ ৰজা বিশ্বসিংহৰ দিনৰ কবি আছিল। সেই অনুসৰি ১৫১৫ আৰু ১৫৪০ চনৰ আগে পিছেই তেওঁৰ জন্ম-মৃত্যু বুলি অনুমান কৰা হয়। কবি দুৰ্গাবৰৰ কায়স্থ কুলত জন্ম হয়।
-
দুৰ্গেশ্বৰ শৰ্মা
দুৰ্গেশ্বৰ শৰ্মা এজন অসমীয়া কবি আৰু নাট্যকাৰ। তেওঁৰ কবিতা পুথি দুখন হৈছে অঞ্জলি আৰু নিবেদন। তেওঁৰ কবিতাসমূহত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কবিতাৰ দৰে নাট্য ৰচনাতো খ্যাতি অৰ্জন কৰা শৰ্মাই অমিত্ৰাক্ষৰ ছন্দত পাৰ্থ পৰাজয় আৰু বালী বধ নমাৰ দুখন পৌৰাণিক নাটক ৰচনা কৰে।
-
নীলিম কুমাৰ
নীলিম কুমাৰ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু ঔপন্যাসিক। আধুনিক অসমীয়া কবিতাৰ জগতত তেওঁ অন্যতম জনপ্ৰিয় কবি। তেওঁৰ প্ৰকৃত নাম "হেমেন কুমাৰ শৰ্মা"। ১৯৬১ চনৰ ৯ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ পাঠশালাত তেওঁৰ জন্ম হয়। পাঠশালাতেই তেওঁৰ শৈশৱকাল অতিবাহিত হয়। তেওঁ কৰ্মসূত্ৰে এজন চৰকাৰী চিকিৎসক।
-
শ্ৰীধৰ কন্দলি
শ্ৰীধৰ কন্দলি (Shridhar Kandali) মধ্যযুগৰ এগৰাকী বিশিষ্ট অসমীয়া কবি আৰু বৈষ্ণৱ সাহিত্যৰ লেখক। তেওঁ মুখ্যতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিত আছিল। তেওঁক ১৫ শতিকাৰ শেষভাগৰ পৰা ১৬ শতিকাৰ মাজভাগলৈকে (শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালৰ সময়ছোৱাত) সক্ৰিয় আছিল বুলি ধৰা হয়।
-
সনন্ত তাঁতি
সনন্ত তাঁতি (Sananta Tanty; ৪ নৱেম্বৰ ১৯৫২-২৫ নৱেম্বৰ ২০২১) সত্তৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী আৰু উল্লেখযোগ্য কবি। তেওঁ অসমৰ কালীনগৰ চাহবাগিচাৰ এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বঙলা ভাষাত শিক্ষা লৈ অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু কেইটা বঁটা লাভ কৰাৰ…
-
সীতানাথ ব্ৰহ্মচৌধুৰী
সীতানাথ ব্ৰহ্মচৌধুৰী (Sitanath Brahmachoudhury) অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল।
-
হৰিবৰ বিপ্ৰ
মধ্যযুগীয় অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা…
-
ৰামচৰণ ঠাকুৰ
ৰামচৰণ ঠাকুৰ এগৰাকী বৈষ্ণৱ সাহিত্যিক, চৰিতকাৰ, নাট্যকাৰ, অনুবাদক আছিল। আনুমানিক ১৫২১ খ্ৰীষ্টাব্দত তেওঁ জন্মলাভ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ আছিল ৰামদাস আৰু মাধৱদেৱৰ ভনীয়েক উৰ্বশী। শিশু অৱস্থাৰে পৰা ৰামচৰণ ঠাকুৰে মাধৱদেৱৰ সান্নিধ্য লাভ কৰিছিল।
-
অনুভৱ তুলসী
অনুভৱ তুলসী (Anubhav Tulasi) একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই আহিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
-
কবীন ফুকন
কবীন ফুকন এগৰাকী অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ। "এই অনুৰাগী এই উদাস" নামৰ কাব্যগ্ৰন্থৰ বাবে ফুকনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ২০১১ চনৰ সাহিত্য অকাডেমি বঁটা। মৰণোত্তৰভাৱে এই সন্মান লাভ কৰা তেখেত চতুৰ্থজন অসমীয়া লেখক।
-
কমলানন্দ ভট্টাচাৰ্য্য
কমলানন্দ ভট্টাচাৰ্য্য (২ জুন, ১৮৯৪- ৪ জানুৱাৰী, ১৯৫১) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ। ১৮৯৪ চনত নগাঁৱত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম মহদানন্দ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম ৰত্নেশ্বৰী দেৱী। নগাঁও, গুৱাহাটী আৰু কলিকতাত শিক্ষা সমাপণ কৰি তেখেতে শিক্ষক হিচাপে কাম কৰিবলৈ লয়।
-
তৰুণ চন্দ্ৰ পামেগাম
তৰুণ চন্দ্ৰ পামেগাম (Tarun Chandra Pamegam, মিচিং: Torun Sondro Pa:megam জন্মঃ ১৬ আগষ্ট ১৯২৪) অসমীয়া তথা মিচিং ভাষাত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ।
-
পীতাম্বৰ কবি
পীতাম্বৰ কবি এজন কবি সাহিত্যিক আছিল। তেওঁ চিলাৰায় আৰু শংকৰদেৱৰ সমসাময়িক আছিল যদিও পীতাম্বৰ কবি আনুমানিক শংকৰদেৱতকৈ বয়সত ডাঙৰ আছিল। পীতাম্বৰ কবিৰ জন্মৰ তাৰিখ সম্পৰ্কে নিৰ্দিষ্ট তথ্য পোৱা নাযায়। তেওঁ কবি মনকৰ আৰু দুৰ্গাবৰ কায়স্থৰ পিছৰ কবি। তেওঁ ৰজা বিশ্বসিংহৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল।
-
ৰাম গগৈ
ৰাম গগৈ(Ram Gogoi, জন্ম:, মৃত্যু: ৯ ছেপ্টেম্বৰ, ১৯৯৪) ৰামধেনু যুগৰ অন্যতম বিশিষ্ট কবি। তেওঁ মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য চৰ্চা কৰিছিল। খাটি খোৱা হালোৱা-হজুৱা, কৃষক-বনুৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁ কবিতাৰে বিপ্লৱ ঘোষণা কৰিছিল।
-
দৈত্যাৰি ঠাকুৰ
দৈত্যাৰি ঠাকুৰ (Daityari Thakur) শংকৰোত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য চৰিতকাৰ আৰু নাট্যকাৰ। তেওঁ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰ জীৱনভিত্তিক চৰিতপুথি লিখাৰ লগতে একাধিক নাট ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ দৈত্যাৰি ঠাকুৰ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ পুত্ৰ।
-
নাৰায়ণদেৱ
সুকবি নাৰায়ণদেৱ হৈছে এগৰাকী পাঁচালী কবি। ষোড়শ শতাব্দীৰ সময়তে বৈষ্ণৱ আন্দোলনৰ মূল ধাৰাটোৰপৰা প্ৰভাৱমুক্ত এগৰাকী কবি। শংকৰদেৱৰ সমসাময়িক সময়ছোৱাত বা পঞ্চদশ শতিকাৰ শেষভাগৰপৰা ষোড়শ শতিকাৰ আদিভাগৰ ভিতৰত কেইবাজনো পাঁচালী কবিৰ উদ্ভৱ হৈছিল।
-
বীৰেশ্বৰ বৰুৱা
বীৰেশ্বৰ বৰুৱা (Bireswar Baruah; ১৯৩৩ - ২০১০)অসমৰ এগৰাকী কবি আৰু সমালোচক। ৰামধেনু যুগত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী কালত গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল।
-
ভবেন বৰুৱা
ভবেন বৰুৱা (১৯৪১- ) অসমৰ এগৰাকী কবি, প্ৰবন্ধকাৰ আৰু সমালোচক। প্ৰতীকধৰ্মীতা আৰু নব্য-ৰমন্যাসবাদৰ দ্বাৰা অনুপ্ৰাণিত হোৱা অসমীয়া কবিসকলৰ ভিতৰত তেখেত অন্যতম। 'সোণালী জাহাজ' তেখেতৰ শ্ৰেষ্ঠ কাব্য-কৃতি বুলি গণ্য কৰা হয়।
-
মনকৰ
মনকৰ মনসা বিষয়ক পাঁচালী সাহিত্যৰ পৰম্পৰা নিৰ্মাতা। খৃষ্টাব্দ দ্বাদশ-ত্ৰয়োদশ শতিকাত মনকৰৰ বিকাশ হৈছিল বুলি কোৱা হয় যদিও ই সম্পূৰ্ণ ৰূপে বিশ্বাস যোগ্য নহয়। তেওঁ ৰজা জল্পেশ্বৰৰ ৰাজত্ব কালৰ লোক। তেওঁৰ মাকৰ নাম আছিল কালিন্দ্ৰী। তেওঁৰ দেউতাকৰ নাম জনা নাযায়। ককাকৰ নাম আছিল কামাখ্যা বন্দো ঢেকেৰিয়া।
-
মৃদুল হালৈ
মৃদুল হালৈ (Mridul Haloi) এগৰাকী অসমীয়া কবি আৰু সাংবাদিক। প্ৰান্তিক আলোচনীৰ পাতত তেওঁ কবি হিচাপে আত্মপ্ৰকাশ কৰে। অকলে আছোঁ কুশলে আছোঁ কাব্য সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী বঁটা আৰু সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰে।
-
যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
যতীন্দ্ৰ কুমাৰ বৰগোহাঞি (Jatindra Kumar Borgohain) অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল। ২০১৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
-
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (১৮৮৭-১৯৬১) অসমৰ এগৰাকী অভিনেতা, কবি, নাট্যকাৰ, চিত্ৰশিল্পী, ভাস্কৰ, সঙ্গীতজ্ঞ আৰু শিক্ষাবিদ। অসমৰ নাট্যজগতলৈ অৱদানৰ বাবে তেখেতক "নাট্যাচাৰ্য্য" বুলি অভিহিত কৰা হয়। শিৱসাগৰত জন্মলাভ কৰি তেখেতে সৰুতেই নানান বাদ্যৰ জ্ঞান লাভ কৰিছিল।
-
কবিৰত্ন সৰস্বতী
কবিৰত্ন সৰস্বতী (Kabiraj Chakravarty, আনুমানিক ১৫ শতিকা) কমতা ৰজা ইন্দ্ৰনাৰায়ণৰ সময়ৰ কবি আছিল। বৰপেটা অঞ্চলৰ 'ছোটশিলা' নামে গাঁৱত জন্ম হৈছিল। পিতৃ আছিল কায়স্থ কুলৰ চক্ৰপাণি শিকদাৰ। চক্ৰপাণি শিকদাৰ ৰজা দুৰ্লভনাৰায়ণৰ প্ৰিয়পাত্ৰ আছিল।
-
জীৱন নৰহ
জীৱন নৰহ অসমৰ এজন কবি-ঔপন্যাসিক,শিক্ষক তথা সমাজ কৰ্মী। তেওঁ ১৯৭০ চনত গোলাঘাট জিলাৰ গেলাবিল নদীৰ পাৰত অৱস্থিত মৰঙিয়াল গাঁৱত জন্ম গ্ৰহণ কৰে। তেওঁৰ কবিতাসমূহ দেশী-বিদেশী বহু ভাষালৈ অনুবাদ হৈছে আৰু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় কবিতা উৎসৱ সমূহতো ভাগ লৈ আহিছে।
-
বীৰেণ বৰকটকী
বীৰেন বৰকটকী (Biren Borkataki) (১৯২৪-২০০২) বিশিষ্ট কবি, সাহিত্যিক, সাংবাদিক, সমালোচক আৰু শিক্ষাবিদ আছিল তেওঁ। ১৯৪২ চনত মহাত্মা গান্ধীৰ লগত স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি কাৰাবাসো খাটিছিল।
-
ভোলানাথ দাস
ভোলানাথ দাস (১৮৫৮-১৯২৯) এগৰাকী অসমীয়া কবি। তেখেতে ১৮৫৮ চনৰ জুলাই মাহত নগাঁৱত জন্মগ্ৰহণ কৰে। পিতৃৰ নাম আছিল বাপিৰাম দাস আৰু মাতৃৰ নাম পদ্মাৱতী। মহেশ্বৰ নেওগ আৰু অন্যান্য গৱেষকসকলে ভোলানাথ দাসক লোকশিল্পী বাখৰা বৰা বংশৰ লোক বুলি উল্লেখ কৰিছে।
-
মৃণাল কলিতা
ড° মৃণাল চন্দ্ৰ কলিতা (Dr. Mrinal Chandra Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক।
-
শৰ্মিষ্ঠা প্ৰীতম
শৰ্মিষ্ঠা প্ৰীতম (Sarmistha Pritam) এগৰাকী অসমীয়া লেখিকা, ঔপন্যাসিকা আৰু আত্মজীৱনীকাৰ। শৰ্মিষ্ঠা প্ৰীতমে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথাৰ বাবে ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে। ২০২০ বৰ্ষৰ বাবে উত্তৰ-পুৰুষৰ মঞ্চই তেওঁক ‘অক্লান্ত উত্তৰ-পুৰুষ বঁটা’ প্ৰদান কৰে।