অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্ঞাননাথ বৰা

জ্ঞাননাথ বৰা (Gyannath Bora; ১৮৯০ - ১৯৬৮) এগৰাকী কবি, প্ৰৱন্ধকাৰ আৰু শিক্ষাবিদ আছিল। গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক হৈছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

জ্ঞাননাথ বৰা (Gyannath Bora; ১৮৯০ - ১৯৬৮) এগৰাকী কবি, প্ৰৱন্ধকাৰ আৰু শিক্ষাবিদ আছিল। গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক হৈছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। সভাপতিৰ কাৰ্যকাল শেষ নৌহওঁতেই এখেতৰ মৃত্যু হয়।

জন্ম আৰু শিক্ষাজীৱন

জ্ঞাননাথ বৰাৰ জন্ম ১৮৯০ চনত গুৱাহাটীত হৈছিল। এখেতৰ পিতৃৰ নাম আছিল সত্যনাথ বৰা আৰু মাতৃৰ নাম ভুবনমোহিনী। গুৱাহাটীতে স্কুলীয়া শিক্ষা আৰম্ভ কৰা জ্ঞাননাথে ১৯১৬ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু ১৯২০ চনত "আৰ্ল ল কলেজ"ৰ পৰা বি.এল পাছ কৰে। তাৰ পাছত গুৱাহাটীতে উকীলৰ কাম আৰম্ভ কৰে।১

কৰ্মজীৱন

গুৱাহাটীত পাঁচ বছৰ কাল উকীল হিচাপে কাম কৰাৰ পাছত ১৯২৭ চনত কলিকতালৈ যায় আৰু ১৯৪৭ চনলৈ কলিকতা উচ্চ নায়্যালয়ত ওকালতি কৰে। ১৯৫১ চনত গুৱাহাটীত ল কলেজৰ অধ্যক্ষ নিযুক্ত হয় আৰু ১৯৫৮ চনলৈ এই পদতে কাম কৰে।১

সাহিত্যিক অৱদান

ছাত্ৰজীৱনত কবিতা ৰচনাত মনোনিবেশ কৰা জ্ঞাননাথ বৰাৰ কবিতা 'উষা'-ত প্ৰকাশ পাইছিল। পাছলৈ বাঁহী, আৱাহন, মণিদীপ আদি আলোচনীত ৰাজনৈতিক আৰু সাহিত্যিক বিষয়ৰ ওপৰত প্ৰৱন্ধ লিখিছিল। অসমীয়াৰ উপৰিও ইংৰাজী ভাষাটো তেখেতে প্ৰৱন্ধ ৰচনা কৰিছিল। এলডুছ হাক্সলি-ৰ "The Brave New World"ৰ গ্ৰন্থ 'নতুন পৃথিৱী' নাম দি অসমীয়া ভাঙনি কৰিছিল।১

১৮৬৮ চনত তেজপুৰত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। কিন্তু কাৰ্যকাল শেষ হোৱাৰ আগতেই ১৯৬৮ চনৰ ৩০ নৱেম্বৰ তাৰিখে জ্ঞাননাথ বৰাৰ মৃত্যু হয়।১

সাংগঠনিক কাম-কাজ

জ্ঞাননাথ বৰা গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু প্ৰথম সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ লগতো জড়িত আছিল আৰু ১৯১৮ চনত বহা ইয়াৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক নিযুক্ত আছিল। অসম ৰাজ্যিক মহাসভাৰ সভাপতিৰ দায়িত্বও বহন কৰিছিল।১

সাহিত্যিক কৰ্ম

  • আলোচনাত্মক
    • আসামত বিদেশী (১৯২২)
    • যুগতত্ত্ব (১৯২৪)
    • শ্ৰীহট্ট বিচ্ছেদ (১৯৩৫)
    • অসমীয়া পুৰণি সাহিত্য (১৯৫০)
    • A Plea For Sanskrit As National Language (১৯৫৪)
    • Provincialism (১৯৫৫)
    • আধুনিক অসমীয়া সাহিত্য (১৯৬০)
  • অনুবাদ
    • নতুন পৃথিৱী (১৯৪৫) (The New World-ৰ অসমীয়া ভাঙনি)

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ১০৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমীয়া প্ৰবন্ধকাৰঅসম সাহিত্য সভাৰ সভাপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞাননাথ বৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯৮১২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।