অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয় শংকৰ বৰ্মন

বিজয় শংকৰ বৰ্মন (১৯৮০-) অসমৰ এগৰাকী কবি আৰু অনুবাদক। তেখেতে ২০০৭ চনত 'দেও' গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে আৰু ২০১৩ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে। ২০১২ চনত Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী শ্ৰেষ্ঠ ভাৰতীয় যুৱ লেখকৰ অন্যতম।

হালনাগাদ: ১৬ জুন ২০২৬ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিজয় শংকৰ বৰ্মন (১৯৮০-) অসমৰ এগৰাকী কবি আৰু অনুবাদক। তেখেতে ২০০৭ চনত 'দেও' গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে আৰু ২০১৩ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।১ ২০১২ চনত Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী শ্ৰেষ্ঠ ভাৰতীয় যুৱ লেখকৰ অন্যতম। তেখেতৰ কবিতা ইংৰাজী ভাষাৰ উপৰিও ইটালীয়ান, ফৰাছী, স্পেনিছ, ইষ্টনিয়ান, মেক্সিকান স্পেনিছ আদি ভাষালৈ অনূদিত হৈছে।২

জন্ম আৰু শিক্ষা

তেখেতৰ জন্ম হয় ১৯৮০ চনত নলবাৰী জিলাৰ ৰূপীয়াবাথানত। তেখেতৰ পিতৃৰ নাম হোমেশ্বৰ বৰ্মন আৰু মাতৃৰ নাম ৰীনা বৰ্মন। ৪২৩ নং জাতিৰাম মিলন চামতা প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা, কুলবিল উত্তম সুন্দৰী মজলীয়া বিদ্যালয়ৰপৰা মজলীয়া শিক্ষা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা ১৯৯৬ চনত হাইস্কুল শিক্ষান্ত আৰু কটন কলেজৰপৰা ১৯৯৮ চনত উচ্চতৰ মাধ্যমিক আৰু ২০০২ চনত ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১০ চনত পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰপৰা সমাজশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২০১২ চনত ইংৰাজী সাহিত্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বৰ্মনে ২০১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ৩

সাহিত্যৰাজি

কাব্যগ্ৰন্থ

  • দেও, ২০০৬
  • অশোকাষ্টমী, ২০১১
  • বৰ্ণমুক্তি, ২০১৫
  • মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ, ২০২০
  • আমাৰ প্ৰেমত দেখোন কবিতা নাই, আই গোসাঁনী, ২০২১ (প্ৰেমৰ কবিতাৰ সংকলন)
  • বিষুৱৰ সীয়নি, ২০২২ (কবিতাঃ ২০০০-২০)
  • কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান, ২০২৫

ইংৰাজীত প্ৰকাশিত কবিতাপুথি

  • Tug at the Gillnet, ২০২১ (অনুবাদ- নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া)

বিদেশৰ পৰা প্ৰকাশিত কবিতাপুথি

  • Pisarateoja, Ketetong, ২০১৬ (অনুবাদ- মথুৰা মাৰ্গাছ লাত্তিক; ইষ্টোনিয়ান ভাষাত)

অন্য ভাৰতীয় ভাষাত প্ৰকাশিত কবিতাপুথি

  • আমাৰ আঙুলগুলিৰ অঙ্কুৰোদ্গম, ২০১৯ (অনুবাদ-সঞ্জয় চক্ৰবৰ্তী; বঙালী)

অনুবাদ কবিতাপুথি

  • কুৰুনদোহেইৰ কবিতা, ২০১৪ (মূল-তামিল)৪
  • লাইলাকৰ দাঁতিৰ সমাধি, ২০২৪ (মূল-ইষ্টোনিয়ান)

কাব্য উপন্যাস

  • মাৰ্ঘেৰিটা মোৰ বিষাদ বৈভৱ, ২০১০

শিশুগ্ৰন্থ

  • আমি কিমান দুষ্ট আছিলোঁ, ২০১০

(পায়েল হাজৰিকাৰ লগত যুটীয়াভাৱে)

সম্পাদিত গ্ৰন্থ

  • কাব্যচৰ্চা, ২০১২
  • মায়াৰ আবেলিটোঃ জুবিন গাৰ্গৰ সৈতে ৯টি কিশোৰৰ আন্তৰিক আলাপ, ২০২৬

অন্যান্য বিষয়ক গ্ৰন্থ

  • নিজান নিসৰ্গৰ কবি, ২০০৫
  • ৰূপীয়াবাথানৰ কবি প্ৰান্তিকৰ কবিতা, ২০০৮

বঁটা আৰু সন্মান

  • মুনীন বৰকটকী বঁটা, ২০০৭
  • সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ, ২০১৩
  • Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী ভাৰতীয় শ্ৰেষ্ঠ যুৱ লেখকৰ অন্যতম।
  • শব্দ যুৱ সাহিত্য বঁটা, ২০১৮
  • পাগলাদিয়া বঁটা ২০২০-২১
  • DoRa স্কলাৰশ্বিপ, ২০১৫ (European Union)

তথ্যসূত্ৰ

  1. ↑ Das, Gaurav. (23 September 2016). Assamese poet first to find Estonian audience. The Times of India
  2. ↑ আৰ্কাইভ কপি
  3. ↑ তৰুণ প্ৰজন্মৰ কবিতাঃ বিজয় শংকৰ বৰ্মন/অভিব্যঞ্জনাঃ আধুনিক অসমীয়া কবিতাৰ তিনিটা পৰ্ব/জয়ন্ত ডেকা/পেপিৰাছঃ ২০১৭/পৃ. ২১৪-২২০
  4. ↑ Assamese poet first to find Estonian audience

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিমুনীন বৰকটকী বঁটা বিজয়ীসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় শংকৰ বৰ্মন” প্ৰবন্ধৰ সংশোধন ৬১২৫১৭ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।