জ্যোতিৰেখা হাজৰিকা (Jyotirekha Hazarika) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত একাধাৰে কবি, গল্পকাৰ, সম্পাদক, জীৱনীকাৰ, পাঠ্যপুথি ৰচক, অধ্যাপক আদি। হাজৰিকাই বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত।১ ২
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম হয় ২৯ এপ্ৰিল, ১৯৬৫ চনত। গাঁও- ন-ভেটা, প্ৰথম শেনচোৱা গাঁও, গোলাঘাট, অসম। তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ হাজৰিকা আৰু মাতৃৰ নাম বীণাপাণি হাজৰিকা।
শিক্ষা
- প্ৰাথমিক শিক্ষা- ন-ভেটা নিম্ন প্ৰাথমিক বিদ্যালয় (১৯৭০-৭৫ চন)
- মাধ্যমিক শিক্ষা- চিনাতলী উচ্চ ইংৰাজী বিদ্যালয় (১৯৭৫-৮০ চন)
- প্ৰাক স্নাতক- জগন্নাথ বৰুৱা মহাবিদ্যালয় (১৯৮১-৮৩ চন)
- স্নাতক- জগন্নাথ বৰুৱা মহাবিদ্যালয় (১৯৮৩-৮৫ চন; সন্মান অসমীয়া)
- স্নাতকোত্তৰ- ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ,(১৯৮৬-৮৮ চন)
- অসমৰ তিব্বত-বৰ্মী ভাষাৰ অধ্যয়নৰ ইতিহাস বিষয়ক গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী, ২০১০ চন, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
চাকৰি জীৱন
তেখেত প্ৰথমতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, উত্তৰ লখিমপুৰ জিলাত (১৯৮৮ চন) চাকৰি কৰে। পৰৱৰ্তী সময়ত কমাৰগাঁও মহাবিদ্যালয়, কমাৰগাঁৱত (১৯৮৯ চন) অধ্যাপক হিচাপে চাকৰি কৰে। পৰৱৰ্তী সময়ত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত (১৯৮৯-১৯৯৫ চন) অধ্যাপনা কৰে আৰু বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ (স্বতন্ত্ৰ), (১৯৯৫ চনৰপৰা বৰ্তমানলৈকে) সহযোগী অধ্যাপিক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২
সাহিত্যৰাজি
কাব্যগ্ৰন্থ
- আকৌ বৃন্দাৱন, ১৯৯৫
- অ মোৰ বুকুৰ জুৰণি, ২০০৬৩
- সেইখন দুৱাৰেদি সূৰ্যোদয় দেখি, ২০০৮
- Song of Myself, ২০১০
- এদিন তেওঁ উলটি আহিব, ২০১১
- ৰাগ বসন্ত, ২০১৪
- ভাৱনাৰ ছিগা সূতা, ২০১৮
চুটিগল্প সংকলন
- শৱৰীৰ প্ৰতীক্ষা, ২০১১
জীৱনী গ্ৰন্থ
- নিৰ্মলপ্ৰভা বৰদলৈৰ জীৱন আধাৰিত নিৰ্মলপ্ৰভাৰ নিৰ্মল আভা (২০০৫)
উপন্যাসিকা
- মৰুভূমিৰ জোনাক (“দৈনিক জনমভূমি’ত প্ৰকাশিত)
- মৌন মুখৰতা (দৈনিক জনমভূমি’ত প্ৰকাশিত)
উল্লেখযোগ্য যে, ‘মৰুভূমিক জোনাক' উপন্যাসিকাখন প্ৰদীপ কুমাৰ বিশ্বালৰদ্বাৰা উড়িয়া ভাষালৈ অনূদিত হৈ ভূবনেশ্বৰৰ উড়িয়া আলোচনী 'লেখালেখি’ (২০১৭)ত প্ৰকাশ পাইছে।
গৱেষণাধৰ্মী গ্ৰন্থ
- অসমীয়া ভাষাৰ অধ্যয়ন (যুটীয়াভাৱে, ১৯৯৭)
- আধুনিক অসমীয়া কবিতাত নাৰীবাদী চেতনা আৰু অন্যান্য নিবন্ধ (২০০৮)
- অসমৰ ভাষা সাহিত্য-সংস্কৃতিৰ ৰেঙণি (২০১৪)
- অসমীয়া লিপি আৰু অসমৰ জনজাতীয় ভাষাৰ লিপি (২০১৮)
- দেউৰী ভাষা-সাহিত্যৰ অধ্যয়ন (২০২১)
- কাৰবি ভাষা-সাহিত্যৰ অধ্যয়ন (২০২৩)
- অসমীয়া কবিতা ভিন্ন প্ৰসংগ ভিন্ন দিশ (২০২৩)
সম্পাদিত গ্ৰন্থ
জ্যোতিৰেখা হাজৰিকাই এতিয়ালৈকে বহুকেইখন গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছে। সেয়া হ’ল- ‘সাহিত্য-জিজ্ঞাসা’ (১৯৯৭), 'মিলন-তীৰ্থ' (যোৰহাট জিলা সাহিত্য সভাৰ প্ৰথম বিশেষ বাৰ্ষিক অধিৱেশনৰ স্মাৰক গ্ৰন্থ, ২০০৪), 'দিচৈৰ কলকণ্ঠ’ শীৰ্ষক গল্প সংকলনৰ যুটীয়া সম্পাদনা (২০০৫), 'প্ৰসঙ্গ: অসমীয়া সাহিত্য আৰু সংস্কৃতি’ (যুটীয়াভাৱে,২০১১), ‘ড° ভূপেন হাজৰিকা: জীৱন আৰু সংগ্ৰাম' (অসম সাহিত্য সভা, ২০১২), ‘ভাষণাৱলী’ (অসম সাহিত্য সভাৰ সভাপতি আৰু সংগীত অধিৱেশনৰ সভাপতি হিচাপে ড° ভূপেন হাজৰিকাই দিয়া অভিভাষণৰ একত্ৰ সংকলন, প্ৰকাশক: অসম সাহিত্য সভা, ২০১২), সত্যনাথ বৰাৰ ‘বহল ব্যাকৰণ’ৰ সম্পাদনা (২০১৩), 'মিৰি দুয়ান’ (সোণাৰাম মিৰি মহৰি, মিচিং ভাষাৰ প্ৰথমখন গ্ৰন্থৰ সংকলন আৰু সম্পাদনা, ২০১৩), ‘অসমীয়া কবিতা: ঐতিহ্য আৰু ৰূপান্তৰ’ (২০১৪) ৪, 'ড° সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী অভিনন্দন গ্ৰন্থ’ (যুটীয়াভাৱে, ২০১৫), ‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ টাই জাতি ভাষা-সমাজ-সংস্কৃতি' (২০১৫); ‘অসমৰ তিব্বত-বৰ্মীমূলীয় জনগোষ্ঠী: ভাষা-সমাজ সংস্কৃতি’ (২০১৬); ‘মিলন’ (অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ, প্ৰথম বছৰ, প্ৰথম সংখ্যা, পুনৰ সংকলন আৰু সম্পাদনাঃ ২০১৬), ‘উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সমন্বয় সাধক ড° ভীমকান্ত বৰুৱা' (মুখ্য সম্পাদক, ২০১৮), ‘অভিনন্দিতা পুষ্পা গগৈ’ (২০১৮), ‘হেম বৰুৱা সম্পাদিত পছোৱাৰ কবিতাসমগ্ৰ' (২০১৮) আদি অন্যতম। বিদ্যাৰ্থীসকলৰ উপযোগীকৈ তেওঁ সম্পাদনা কৰা গ্ৰন্থসমূহ হ’ল মাধৱদেৱ বিৰচিত ‘ভোজন বেহাৰ' ঝুমুৰা (২০০৭), শংকৰদেৱ বিৰচিত ‘পাৰিজাত হৰণ’ নাট (২০০৪), চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বীণ-বৰাগী’ (২০০৫), ‘আধুনিক অসমীয়া ৰচনা’ (যুটীয়াভাৱে,২০১২), মাধ্যমিক অসমীয়া ৰচনা' (যুটীয়াভাৱে, ২০১২) আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্ৰণীত তথা প্ৰকাশিত একাদশ মানৰ পাঠ্যপুথি ‘অসমৰ বিহু উৎসৱ' (প্ৰথম প্ৰকাশ: ২০২০), 'জয়মতী সাহিত্য ' (প্ৰথম খণ্ড: ২০২৪), শিশু -সাহিত্যিক তিলো সোণোৱালৰ অভিনন্দন গ্ৰন্থ 'এই ৰং সেই ৰং নানা ৰং'(২০২৪) ইত্যাদি।
প্ৰসংগপুথি
তেখেতে লিখা দুখন বিদ্যায়তনিক প্ৰসংগপুথি হ’ল-
- জনসম্পৰ্ক আৰু ব্যৱহাৰিক অসমীয়া ভাষা (যুটীয়াভাৱে, ২০১২)
- গণমাধ্যম সমাজ আৰু সাহিত্য (যুটীয়াভাৱে, ২০১৪)
- অসমীয়া ভাষা উপভাষা আৰু লিপি (২০২৩)
অনাতাঁৰ আলেখ্য
- বৰষাৰ গুঞ্জন', ২২ জুলাই, ২০২১-ত সম্প্ৰচাৰিত।
আলোচনী সম্পাদনা
হাজৰিকাই শত বৰ্ষ গৰকা 'অসম সাহিত্য সভাৰ মেৰুদণ্ডস্বৰূপ মুখপত্ৰ 'অসম সাহিত্য সভা পত্ৰিকা’ (২০১১-১৩)-ৰ দ্বিতীয়গৰাকী মহিলা সম্পাদকৰূপে পাঁচোটা বিশেষ সংখ্যা: ‘আশীৰ দশকৰ পৰৱৰ্তী অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতি’, ‘অসমীয়া আখৰ-জোঁটনি বিশেষ সংখ্যা’, ‘ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি সংখ্যা’, ‘মামণি ৰয়ছম গোস্বামী শ্ৰদ্ধাঞ্জলি সংখ্যা’, ‘জনগোষ্ঠীয় বিশেষ সংখ্যা’ সম্পাদনা কৰিছে। ইয়াৰ উপৰি ডিব্ৰুগড়ৰপৰা কাব্য পত্ৰিকা ‘চিন্তাশিল্প’ (১৯৯০) আৰু যোৰহাটৰ পৰা মননশীল মাহেকীয়া আলোচনী ‘অন্তৰা’ (২০০৫-০৬) সম্পাদনা কৰিছিল।
সামাজিক অৱদান
হাজৰিকাৰ কবিতা ইংৰাজীৰ লগতে বাংলা, হিন্দী, উড়িয়া, মণিপুৰী, কন্নড়, কোংকনী, নেপালী, ৰাজস্থানী আদি ভাষালৈ অনূদিত হৈ কাকত-আলোচনীত প্ৰকাশ পাইছে। ফ্ৰান্স আৰু স্পেনিছ ভাষাতো তেখেতৰ কবিতা বিনোদ কুমাৰ গগৈৰ দ্বাৰা অনূদিত হৈ প্ৰকাশ পাইছে। ২০১৩ চনত Assam State Social Welfare Board-এ সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ‘অমলপ্ৰভা সোঁৱৰণী কবিতা প্ৰতিযোগিতা’ত প্ৰথম স্থান লাভ কৰে। ড° হাজৰিকা ইতিমধ্যে অসমৰ উপৰি গোৱা, বাংগালুৰু, দিল্লী, উৰিষ্যা, যোধপুৰ, মণিপুৰ, মুম্বাই আদিত অনুষ্ঠিত হোৱা সাহিত্য অকাডেমিৰ কেইবাখনো ৰাষ্ট্ৰীয় কবি সন্মিলনলৈ আমন্ত্ৰিত হৈছে।
যোৱা ২০২২ চনৰ জুন মাহত ছিমলাত Sahitya Akademi and Ministry of Culture-এ তিনিদিনীয়াকৈ আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ 'উন্মেষা'ত ডঃ হাজৰিকাই কবি হিচাপে অংশগ্ৰহণ কৰিছিল। লগতে এই অনুষ্ঠানৰে সামৰণি হিচাপে যোৱা ৩-৬ আগষ্ট, ২০২৩ তাৰিখে মধ্য প্ৰদেশৰ ভূপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ 'উন্মেষ-২৩'ত তেওঁ এগৰাকী কবি হিচাপে অংশগ্ৰহণ কৰে।
'অসমীয়া আৰু উৰিয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সমন্বয়' বিষয়ত আলোচনা পত্ৰ পাঠ কৰিবলৈ দুবাৰকৈ উৰিষ্যালৈ আমন্ত্ৰিত হোৱা ড° হাজৰিকাই ২০০৫ চনত সাহিত্য অকাডেমিৰ ভ্ৰমণ অনুদান লাভ কৰি উৰিষ্যা আৰু অসমৰ মাজত কবিতাৰে যোগসূত্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল। ২০১৮ চনৰপৰা ২০২২ চনলৈকে সাহিত্য অকাডেমি অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ এগৰাকী সদস্য হিচাপে ড° হাজৰিকা জড়িত হৈ আছিল।৫ প্ৰায় দুশৰো অধিক মৌলিক আৰু গৱেষণাধৰ্মী প্ৰবন্ধ আৰু চল্লিছখনৰো অধিক গৱেষণা-পত্ৰৰ ৰচক ড° হাজৰিকা বিশ্ববিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ৰ বিভিন্ন বিদ্যায়তনিক কৰ্ম; সাহিত্য অকাডেমি, অসম সাহিত্য সভা, প্ৰচাৰ ভাৰতী, সদৌ অসম লেখা সমাৰোহ সমিতি, সদৌ অসম লেখিকা সন্থা’, ‘সদৌ অসম কবি সন্মিলন’কে মুখ্য কৰি সমাজ সাহিত্য-সংস্কৃতিমূলক অনেক অনুষ্ঠান-প্ৰতিষ্ঠানৰ স’তে জড়িত হৈ আছে।
বঁটা আৰু সন্মান
- ড° আম্বেদকাৰ সাহিত্যশ্ৰী ৰাষ্ট্ৰীয় বঁটা (২০১৭)
- সাঁকো শব্দ ৰত্ন বঁটা (২০১৭)
- দৈয়াং-ধনশিৰি উপত্যকা বঁটা (২০১৮)
তথ্যসূত্ৰ
- ↑ জেবি কলেজৰ ৱেবচাইট
- ↑ (২ অক্টোবৰ, ২০১৬). বুকুৱে বুকুৱে বৈ থাকক প্ৰেমৰ নদী ড0 জ্যোতিৰেখা হাজৰিকাৰ সাহিত্যোপলব্ধি. দৈনিক জনমভূমি
- ↑ www.scientiabooks.in/product/o-mor-bukur-juroni/ link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/asamiya-kabitaaitij link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ সাহিত্য একাডেমিৰ আলোচনা চক্ৰৰ বাতৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতিৰেখা হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৩৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।