জোৱলা বৰা (Jwala Bora) হৈছে নগাঁও, অসমৰ এগৰাকী লেখিকা। ২০১০ চনত অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰা জোৱলা বৰাৰ আত্মজীৱনীখনৰ নাম হৈছে 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ''৷ গ্ৰন্থখন ২০১৬ চনত প্ৰকাশিত হৈছিল৷
সংক্ষিপ্ত জীৱনী
জোৱলা বৰাৰ জন্ম হৈছিল ১৯৮১ চনৰ ১৯ জুন তাৰিখে, অসমৰ নগাঁও জিলাৰ কুজাৰবড়ি গাঁৱত৷ ১৯৯৫ চনলৈকে অৰ্থাৎ দশম শ্ৰেণী পৰ্যন্ত জোৱলা বৰাই এটা সাধাৰণ আৰু পৰিচিত জীৱনেই যাপন কৰি আছিল৷ কিন্তু সেই বছৰৰে ২২ ফেব্ৰুৱাৰী তাৰিখে তেখেতে আকস্মিকভাৱে খোজ কাঢ়িব নোৱাৰা হৈ পৰে৷ ইয়াৰ পিছতেই আৰম্ভ হয় জোৱলা বৰাৰ এক দীঘলীয়া পৰ্যায়ৰ চিকিৎসা৷ প্ৰথমে অসম আৰু পৰৱৰ্তী সময়ত ২০০৩ চনত চেন্নাইৰ ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজত ছমাহজোৰা চিকিৎসা আৰম্ভ হয়৷ ২০০৪ চনতো কিছুদিনৰ বাবে চেন্নাইলৈ চিকিৎসাৰ বাবে নিয়া হয়৷ এক স্নায়ুজনিত অক্ষমতাৰ বাবে জোৱলা বৰাৰ মগজু আৰু ভৰিৰ মাজত সংযোগ বিচ্ছিন্ন হোৱা বুলি চিকিৎসকসকলে মত পোষণ কৰে৷ তেখেতৰ ভৰি দুখন অচল হৈ পৰে৷ ইয়াৰ এটা পৰিণতিহিচাপে জোৱলা বৰাই নিত্য-নৈমিত্তিক কামবোৰ কৰাতো ভীষণ অসুবিধাৰ সন্মুখীন হয়৷ ইয়াৰ পিছত জোৱলা বৰাই চিকিৎসকৰ পৰামৰ্শমতে হুইল চেয়াৰৰ সহায় লয়৷ সেইছোৱা সময়ৰ পৰা বিগত প্ৰায় ১৮-১৯ বছৰ জোৱলা বৰাই বিচনা আৰু হুইল চেয়াৰতে জীৱন কটাইছে৷ ১ডিমৌ চাৰিআলিৰ শালমৰা হাইস্কুল আৰু ভোগেশ্বৰ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা জোৱলা বৰাই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে৷
অসমীয়া বাতৰি কাকত 'আমাৰ অসম'ত ২০১০ চনৰ ৩১ ডিচেম্বৰ তাৰিখে জোৱলা বৰাৰ প্ৰথমটো লেখা প্ৰকাশিত হয়৷ লেখাটোৰ নাম আছিল দুখ আৰু জীৱনৰ লগৰী৷ এই লেখাটোৰ জৰিয়তে জোৱলা বৰাই একাধিক পাঠকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷ লেখিকাই আত্মজীৱনীত লিখিছে-লেখাটোৰ লগত মোৰ ফোন নম্বৰটো দিয়া গতিকে ইটোৰ পিছত সিটো ফোন লানি নিছিগাকৈ আহিবলৈ ধৰিলে৷ অসমৰ সাহিত্যিক হোমেন বৰগোহাঞিৰ দ্বাৰা জোৱলা বৰাৰ সৃজনীশীল প্ৰতিভা প্ৰভাৱান্বিত৷ ২
জোৱলা বৰাৰ প্ৰথমখন গ্ৰন্থ হৈছে 'বেদনাৰ মিঠা মাদকতা'৷ এই গ্ৰন্থখন হৈছে জোৱলা বৰাৰ ছবি আৰু কবিতাৰ সংকলন৷ ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত কাব্য-সংকলনখন তেওঁলোকৰ ঘৰতে উন্মোচিত হৈছিল৷ গ্ৰন্থখন প্ৰকাশ কৰে তেজপুৰৰ চিকিৎসক ডা০ গোপেন্দ্ৰ মোহন দাসে৷ আনহাতে অসমৰ সাহিত্যিক, সংগীতশিল্পী ডা০ অঞ্জন জ্যোতি চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে৷ ৩
জোৱলা বৰাৰ আত্মজীৱনী 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ'২০১৬ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত হয়৷ গুৱাহাটীৰ প্ৰকাশন গোষ্ঠী ষ্টুডেণ্টচ্ ষ্ট'ৰচ্'-এ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়৷ গ্ৰন্থখনত লেখিকাৰ ডুখৰীয়া বাস্তৱ জীৱনৰ কিয়দংশ শব্দ আকাৰে ভুমুকি মাৰিছে৷''৪ গ্ৰন্থখনে ২০১৭ চনত গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা লাভ কৰে৷ ৫
জোৱলা বৰাৰ তৃতীয়খন গ্ৰন্থ 'মৌনতাৰ কোলাহল' এখনি উপন্যাস৷ ২০২০ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন অৰ্থাৎ ৮ মাৰ্চৰ কামৰূপ মহানগৰ জিলা জিলাৰ কটন বিশ্ববিদ্যালয়ৰ এটি অনুষ্ঠানত এই গ্ৰন্থখন উন্মোচন কৰা হয়৷ উন্মোচক আছিল অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি৷ গ্ৰন্থখন শ্ৰীকল্যাণী প্ৰকাশনে প্ৰকাশ কৰি উলিয়ায়৷ ৬ গ্ৰন্থখনৰ সম্পৰ্কে অসমৰ লেখিকা নীলিমা গোস্বামীয়ে কৈছে যে-কাহিনীৰ প্ৰতিটো চৰিত্ৰকে আপোনকৈ সজাই-পৰাই নিজস্ব গতিত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত লেখকৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়৷ ৭
সাহিত্যিক কৰ্মৰাজি
- বেদনাৰ মিঠা মাদকতা, (কাব্য আৰু ছবিৰ সংকলন), ২০১৩
- মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ, (আত্মজীৱনী) ২০১৬
- মৌনতাৰ কোলাহল, (উপন্যাস), ২০২০
বঁটা-বাহন
- দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য বঁটা(২০২১),৮
- অসম চৰকাৰৰ (অসম ভাষা গৌৰৱ আঁচনিৰ অন্তৰ্গত) বঁটা(২০২১)
- গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা (২০১৭)৯
তথ্যসূত্ৰ
- ↑ 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ'. খবৰ লাইভ
- ↑ বৰা, জোৱলা. (২০১৬, ডিচেম্বৰ). মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ. ষ্টুডেণ্টচ; ষ্টৰচ্. পৃ. ১৬৬. ISBN ৯৭৮৮১৭৬৬৫৬৪৪৩
- ↑ বৰা, জোৱলা. (২০১৬, ডিচেম্বৰ). মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ. ষ্টুডেণ্টচ; ষ্টৰচ্. পৃ. ১৬৭. ISBN ৯৭৮৮১৭৬৬৫৬৪৪৩
- ↑ বৰা, জোৱলা. (২০১৬, ডিচেম্বৰ). মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ. ষ্টুডেণ্টচ; ষ্টৰচ্. পৃ. ৩. ISBN ৯৭৮৮১৭৬৬৫৬৪৪৩
- ↑ বৰা, জোৱলা. (২০২০, মাৰ্চ). মৌনতাৰ কোলাহল. শ্ৰী কল্যাণী প্ৰকাশন. পৃ. ৫
- ↑ www.sentinelassam.com/guwahati-city/specially-ab
- ↑ বৰা, জোৱলা. (২০২০, মাৰ্চ). মৌনতাৰ কোলাহল. শ্ৰী কল্যাণী প্ৰকাশন. পৃ. ৫-৬
- ↑ (১৮ অক্টোবৰ ২০২১). সাহিত্যিক জোৱলা বৰালৈ দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা. ইটিভি ভাৰত
- ↑ www.etvbharat.com/assamese/assam/state/nagaon/ph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোৱলা বৰা” প্ৰবন্ধৰ সংশোধন ৩১৭৭৩০ (২৭ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।