কল্যাণ ভূঞা (ইংৰাজী: Kalyan Bhuyan, জ. ১৯৭৫) এগৰাকী কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু লোকবোধ্য বিজ্ঞান লেখক।১ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে কৰ্মৰত ড° কল্যাণ ভূঞাই অসমৰ আগশাৰীৰ কাকত-আলোচনীত তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু বিজ্ঞানৰ ইতিহাস বিষয়ক জনপ্ৰিয় বিজ্ঞানধৰ্মী প্ৰবন্ধ নিয়মীয়াকৈ লিখি অহাৰ সমান্তৰালভাৱে চুটি গল্প আৰু কবিতাৰ জৰিয়তে সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনতো খোজ দিবলৈ সক্ষম হৈছে। য়ুভাল নোৱা হাৰাৰি, ইচমত চুগতাই আৰু অমৰ্ত্য সেনৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি তেওঁ এগৰাকী অনুবাদক হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কবিতা বাংলা আৰু ইংৰাজী ভাষালৈ অনূদিত হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশিত হৈছে। তেওঁ কবিতা অধ্যয়ন গোটৰ যুটীয়া সম্পাদক।
জন্ম
১৯৭৫ চনত ধেমাজিৰ চিচিবৰ গাঁৱত কল্যাণ ভূঞাৰ জন্ম। তেওঁৰ পিতৃ আছিল প্ৰয়াত প্ৰভাত ভূঞা আৰু মাতৃ প্ৰয়াত পঞ্চৱতী ভূঞা।
শিক্ষা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পদাৰ্থবিজ্ঞান বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
সাহিত্যকৰ্ম
মৌলিক গ্ৰন্থ
- নিক'লাছ ক'পাৰনিকাছ, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়।
- গৰু আৰু অন্যান্য কবিতা, পাঞ্চজন্য বুকছ, ২০২০, ISBN 978-93-88645-75-1।
- The Sky over the Window, অনুবাদ: আনন্দ বৰমুদৈ, Poetry Without Fear, ২০২৪, ISBN 978-81-975772-3-9।
অনুবাদ
- তুলাপাতৰ আভৰণ, অসম পাবলিচিং কোম্পানী, ২০২১, ISBN 978-93-92305-06-1।
- ছেপিয়েনজ: মানৱ প্ৰজাতিৰ এক চমু ইতিহাস, অসম পাবলিচিং কোম্পানী, ২০২২, ISBN 978-93-92305-47-4I
- পৃথিৱীয়েই মোৰ ঘৰ, অসম পাবলিচিং কোম্পানী, ২০২৪, ISBN 978-93-92305-57-3।
সম্পাদিত গ্ৰন্থ
- ক'ভিড সময়ৰ কবিতা (প্ৰকল্প ৰঞ্জন ভাগৱতীৰ সৈতে যুটীয়াভাৱে), অসম পাবলিচিং কোম্পানী, ২০২০।
- ক'ভিড সময়ৰ গল্প (প্ৰকল্প ৰঞ্জন ভাগৱতীৰ সৈতে যুটীয়াভাৱে), অসম পাবলিচিং কোম্পানী, ২০২১, ISBN 978-93-92305-14-6।
- সমালোচনা কলা আৰু সাধনা (প্ৰকল্প ৰঞ্জন ভাগৱতীৰ সৈতে যুটীয়াভাৱে), Poetry Without Fear, ২০২৪, ISBN 978-81-975772-1-5।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্যাণ ভূঞা” প্ৰবন্ধৰ সংশোধন ৬১৪৫১৬ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।