গোপীনাথ পাঠক ৰামসৰস্বতীৰ পুতেক আছিল। মহাভাৰত অনুবাদ কাৰ্যত এওঁ পিতাকক বিশেষভাবে সহায় কৰিছিল। দ্ৰোণপৰ্বত শুক্ৰধ্বজৰ পাঠক ৰাম-সৰস্বতীৰ পুতেক বুলি গোপীনাথে আত্মপৰিচয় দিছে। সম্ভৱতঃ পিতাকৰ ৰজাঘৰীয়া পাঠক বাবটো গোপীনাথেও লাভ কৰিছিল। গোপীনাথে দ্ৰোণ-পৰ্ব, সভা-পৰ্ব, আৰু স্বৰ্গ-ৰোহণ-পৰ্ব, ৰচনা কৰে। গোপীনাথে দৰঙৰাজ ধৰ্মনাৰায়ণৰ পৃষ্ঠাপোষকতা লাভ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা. (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃ. 172
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোপীনাথ পাঠক” প্ৰবন্ধৰ সংশোধন ৪২৩০৫৯ (১৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।