অসমীয়া কবি
১৭১ প্ৰবন্ধ
-
ৰীতা চৌধুৰী
ড॰ ৰীতা চৌধুৰী (জন্ম: ১৭ আগষ্ট, ১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। মাকাম, দেওলাংখুই, পপীয়া তৰাৰ সাধু, মায়াবৃত্ত ইত্যাদি তেওঁৰ উল্লেখযোগ্য সাহিত্যিক অৱদান।
-
ৰঘুনাথ চৌধাৰী
ৰঘুনাথ চৌধাৰী (Raghunath Choudhary) অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত হয়।
-
অজিৎ বৰুৱা
অজিৎ বৰুৱা (Ajit Barua; ১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল।
-
অমলেন্দু গুহ
ড॰ অমলেন্দু গুহ (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল। তেওঁ দৰং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল আৰু দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰিছিল।
-
যতীন্দ্ৰ নাথ দুৱৰা
যতীন্দ্ৰ নাথ দুৱৰা (Jatindra Nath Duwara; ১৮৯২–১৯৬৪) অসমৰ এগৰাকী কবি আৰু সাহিত্যিক আছিল। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ তেওঁ সভাপতিত্ব কৰিছিল।
-
আনন্দ চন্দ্ৰ বৰুৱা
আনন্দ চন্দ্ৰ বৰুৱা (Ananda Chandra Barua; ১৯০৭- ১৯৮৩) এগৰাকী অসমীয়া সাহিত্যিক। তেওঁক বকুল বনৰ কবি নামেৰে জনা যায়। কলেজীয়া দিনৰেপৰা কবিতা লিখিবলৈ আৰম্ভ কৰা বৰুৱাৰ প্ৰথম কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত 'বাঁহী'ত প্ৰকাশ পায়।
-
কমলাকান্ত ভট্টাচাৰ্য্য
কমলাকান্ত ভট্টাচাৰ্য্য (Kamalakanta Bhattacharya; ১৮৫৩-১৯৩৬) অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম এগৰাকী কবি অৰু প্ৰবন্ধকাৰ। ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ওচৰৰ গড়েহাগি গাঁৱত তেখেতে জন্মলাভ কৰিছিল। তেখেতক 'অগ্নিকবি' বুলি অভিহিত কৰা হয়।
-
ত্ৰৈলোক্য নাথ গোস্বামী
ত্ৰৈলোক্য নাথ গোস্বামী (Trailokya Nath Goswami; জন্ম: ১৯০৬ - মৃত্যু: ১৯৮৮) একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
নীলমণি ফুকন (জ্যেষ্ঠ)
নীলমণি ফুকন (Nilmoni Phukan; ২২ জুন, ১৮৮০-২০ জানুৱাৰী, ১৯৭৮) হৈছে অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল।
-
অনন্ত কন্দলি
অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ।
-
গোপালদেৱ
গোপালদেৱ (১৫৪০-১৬১১) বৈষ্ণৱ যুগৰ এগৰাকী কবি, নাট্যকাৰ আৰু উজনি অসমত ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা আছিল। তেওঁক মাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰা হয়। ভৱানীপুৰৰ হোৱা বাবে তেওঁক ভৱানীপুৰীয়া গোপালদেৱ বোলা হয়। এওঁ মহাপুৰুষীয়া ধৰ্মৰ অন্যতম শাখা ‘কাল-সংহতি’ৰ প্ৰৱৰ্তক৷
-
নলিনীধৰ ভট্টাচাৰ্য
নলিনীধৰ ভট্টাচাৰ্য (Nalinidhar Bhattacharya; ১৯২১-২০১৬) অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰবন্ধকাৰ, সমালোচক তথা অনুবাদক। জ্ঞানপীঠ বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ নলিনীধৰ ভট্টাচাৰ্যই ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰে।
-
বেণুধৰ ৰাজখোৱা
বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) (১৮৭২-১৯৫৫) অসমৰ এগৰাকী সাহিত্যিক আৰু ভাষা-গৱেষক। বেণুধৰ ৰাজখোৱাই ইংৰাজ চৰকাৰৰ পৰা ৰায়চাহাব খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৮৮৯ চনৰ পৰা নাটক ৰচনাৰ কাম আৰম্ভ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ লগলাগি বিজুলী নামৰ আলোচনীখন প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল।
-
হেমাঙ্গ বিশ্বাস
হেমাঙ্গ বিশ্বাস (Hemanga Biswas; ১৪ ডিচেম্বৰ ১৯১২ - ২২ নৱেম্বৰ ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
-
প্ৰকল্প ৰঞ্জন ভাগৱতী
প্ৰকল্প ৰঞ্জন ভাগৱতী (ইংৰাজী: Prakalpa Ranjan Bhagawati, জ. ১৯৭৬) এগৰাকী কবি, সমালোচক, অনুবাদক আৰু সম্পাদক। তেওঁ প'য়েট্ৰী উইডাউট ফীয়াৰ নামৰ তিনিমহীয়া দ্বিভাষিক অনলাইন কবিতা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
হিমাংশু প্ৰসাদ দাস
হিমাংশু প্ৰসাদ দাস (Himanshu Prasad Das) অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত। তেওঁ ৰচনা আৰু আবৃত্তি কৰা এই ছোৱালী এবাৰ ভালপাই চাবা নেকি শীৰ্ষক কবিতাটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।
-
হেম সৰস্বতী
হেম সৰস্বতী এজন মধ্যযুগীয় প্ৰাক-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷
-
অনিৰুদ্ধদেৱ
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক আছিল।
-
ইমৰান শ্বাহ
ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ (Imran Shah, জন্ম: ১৯৩৩) অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা" আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেখেতে ঘাইকৈ অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি আহিছে।
-
হৰিদেৱ
হৰিদেৱ (Harideva) আছিল অসমত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। তেখেতে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লেখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল।
-
প্ৰসন্নলাল চৌধুৰী
প্ৰসন্নলাল চৌধুৰী (Prasannalal Choudhury) (১৮৯৮-১৯৮৬)বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক আছিল। তেওঁ সাপ্তাহিক কাকত প্ৰকাশৰ সম্পাদক আছিল। তেওঁ এগৰাকী চিকাৰী আৰু সু-অভিনেতাও আছিল। প্ৰধানকৈ কবি হিচাপে তেওঁ বিদ্ৰোহী কবি নামেৰেহে জনাজাত আৰু সকলোৰে মাজত জনপ্ৰিয় আছিল।
-
হিতেশ্বৰ বৰবৰুৱা
হিতেশ্বৰ বৰবৰুৱা এগৰাকী অসমীয়া কবি আৰু বুৰঞ্জীবিদ। 'জোনাকী' আৰু 'বিজুলী' কাকত দুখনৰ জৰিয়তে কবিতা চৰ্চাত খোজ পেলোৱা বৰবৰুৱাই ঢোপকলি, কমতাপুৰ ধ্বংস, মালচ, চকুলো আদি গ্ৰন্থৰ প্ৰকাশেৰে খ্যাতি অৰ্জন কৰে।
-
ৰত্নকান্ত বৰকাকতী
ৰত্নকান্ত বৰকাকতী (Ratnakanta Borkakati) অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি “শেৱালি’’ৰ নামেৰে তেওঁক শেৱালি কবি হিচাপে জনা যায়। তেওঁ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সভাপতি আছিল৷
-
বিনন্দ চন্দ্ৰ বৰুৱা
বিনন্দ চন্দ্ৰ বৰুৱা (১৯০১ - ১৯৯৪) এগৰাকী অসমীয়া ভাষাৰ কবি। এখেত 'ধ্বনি-কবি' হিচাপেও পৰিচিত। ১৯৬৬ চনত বহা অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিবেশনৰ সভাপতি আছিল। 'শংখধ্বনি', 'প্ৰতিধ্বনি', আদি এখেতৰ উল্লেখযোগ্য গ্ৰন্থ।
-
মফিজুদ্দিন আহমদ হাজৰিকা
মফিজুদ্দিন আহমদ হাজৰিকা (; ৩০ আগষ্ট ১৮৭০ – ২৯ অক্ট’বৰ ১৯৫৮) আছিল বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক। বিখ্যাত কবিতা পুথি ‘জ্ঞান মালিনী(১৮৯৬)’ৰ ৰচক। মফিজুদ্দিন আহমদ হাজৰিকা ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল।
-
ৰাজীৱ বৰা
ৰাজীৱ বৰা (১৯৭০-) একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। ইয়াৰোপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে।
-
পদ্মধৰ চলিহা
পদ্মধৰ চলিহা (১৮৯৫–১৯৬৯) এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আছিল। তেখেতে গীত আৰু নাটকো ৰচনা কৰিছিল। কৰ্মজীৱনত প্ৰথমে অধিবক্তা আছিল আৰু পাছলৈ শিৱসাগৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। ১৯৫৮ চনত তিনিচুকীয়াত হোৱা অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিবেশনৰ সভাপতি আছিল।
-
ৰাম সৰস্বতী
ৰাম সৰস্বতী ষোড়শ শতিকাৰ এগৰাকী অসমীয়া কবি। তেওঁ প্ৰাচীন অসমীয়া কবিসকলৰ ভিতৰত সৰ্বাধিক পদ ৰচনা কৰিছিল বুলি কোৱা হয়। ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথাবস্তুলৈ দৃষ্টি ৰাখি ৰাম সৰস্বতীক ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই "অসমীয়া ব্যাস" আখ্যা দিছে।
-
অমূল্য বৰুৱা
অমূল্য বৰুৱা আছিল এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক 'কালান্তৰৰ কবি' বুলি কোৱা হয়। এইজনা কবিয়ে ছাত্ৰাৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে।
-
কৰবী ডেকা হাজৰিকা
কৰবী ডেকা হাজৰিকা ( জন্ম: ২৩ জানুৱাৰী, ১৯৫৩) এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক৷ তেখেতে ভালেসংখ্যক কবিতা সংকলন, সমালোচনা গ্ৰন্থ, উপন্যাস আৰু ভ্ৰমণ কাহিনী আদিৰ ৰচনাৰে অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই আহিছে৷ সাহিত্যিক অৱদানৰ বাবে কৰবী ডেকা হাজৰিকাই ইতিমধ্যে বসন্ত বৰদলৈ বঁটা আৰু প্ৰবীণা শইকীয়া বঁটা লাভ…