অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নগেন ঠাকুৰ

নগেন ঠাকুৰ (Nagen Thakur, জন্মঃ ২৯ আগষ্ট ১৯৩৯, মৃত্যুঃ ১০ এপ্ৰিল ২০২৫) অসম,ভাৰতৰ এগৰাকী ভাষাবিদ, লেখক, কবি, সম্পাদক আৰু অধ্যাপক। তেখেতে অসমীয়া ভাষা বিষয়ক ১৩খন গ্ৰন্থ প্ৰকাশ কৰিছে৷ পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক তেখেতৰ গৱেষণামূলক গ্ৰন্থকেইখনে অসমীয়া ভাষাটোক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

নগেন ঠাকুৰ (Nagen Thakur, জন্মঃ ২৯ আগষ্ট ১৯৩৯, মৃত্যুঃ ১০ এপ্ৰিল ২০২৫) অসম,ভাৰতৰ এগৰাকী ভাষাবিদ, লেখক, কবি, সম্পাদক আৰু অধ্যাপক।১২ ৩ তেখেতে অসমীয়া ভাষা বিষয়ক ১৩খন গ্ৰন্থ প্ৰকাশ কৰিছে৷৪ পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক তেখেতৰ গৱেষণামূলক গ্ৰন্থকেইখনে অসমীয়া ভাষাটোক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছে৷৩ তেখেতে হাফলং মহাবিদ্যালয়, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত কিছুকালৰ বাবে অধ্যাপনা কৰাৰ লগতে পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগতো অধ্যাপনা কৰে৷ আৰু বিভাগীয় মুৰব্বী আৰু ৰীডাৰৰ পদ অলংকৃত কৰে৷৫ ১০ এপ্ৰিল, ২০২৫ তাৰিখে তেখেতৰ মৃত্যু ঘটে।

শিক্ষা

  • প্ৰাথমিক শিক্ষাঃ নামতি মাইগুৰি প্ৰাথমিক বিদ্যালয়। ১
  • মাধ্যমিক শিক্ষাঃ দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয় (বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়)।
  • মেট্ৰিকুলেশনঃ ১৯৫৭ চন, দেৰগাঁও উঃ মাঃ বিদ্যালয়ৰ পৰা।
  • আই এ পৰীক্ষাঃ ১৯৫৯ চন, জে, বি, কলেজ, যোৰহাট।
  • স্নাতকঃ ১৯৬২ চন, অসমীয়া বিষয়ত অৰ্নাছসহ কটন কলেজৰ পৰা।
  • স্নাতকোত্তৰঃ ১৯৬৪ চন, গুৱাহাটী বিশ্ববিদ্যালয়। তেখেতে অসমীয়া বিষয়ত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছিল।
  • ১৯৮২ চনত তেখেতে "Elements of Non-Indo Aryan Languages in the formation of Assamese Language শীৰ্ষক বিষয়ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

কৰ্মজীবন

তেখেতে ১৯৬৫ চনৰ ১৫ ফেব্ৰুৱাৰীত হাফলং মহাবিদ্যালয়ত প্ৰবক্তাৰূপে যোগদান কৰে। পৰৱৰ্তী সময়ত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ২০ জুন, ১৯৬৬ চনত অসমীয়া বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে। এই মহাবিদ্যালয়ত তেখেতে ২৪ ছেপ্তেম্বৰ, ১৯৮৫ পৰ্যন্ত অধ্যাপনা কৰিছিল।৫ ২৫ ছেপ্তেম্বৰ, ১৯৮৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তাৰূপে তেখেতে যোগদান কৰে। কম সময়ৰ ভিতৰতে ১৯৮৯ চনত তেখেত ৰীডাৰ হয়।৪ পাছত ১৯৯৫ চনত প্ৰফেছৰ হয় আৰু ১৯৯৯ চনত বিভাগটোৰ একাদশগৰাকী মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেখেতে ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত অবসৰ গ্ৰহণ কৰে যদিও ২০০৪ চনলৈ তিনি বছৰ অতিৰিক্তভাবে অধ্যাপনা কৰে।

গৱেষণামূলক কাম

"Elements of Non-Indo Aryan Languages in the formation of Assamese Language শীৰ্ষক বিষয়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰদ্বাৰা প্ৰথম প্ৰৱৰ্তিত "শিক্ষক গবেষক বৃত্তি' লাভ কৰি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পিএইছ.ডিৰ বাবে গবেষণা কৰিছিল।৫ ১৯৮২ চনত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে।৩

সাহিত্যিক জীৱন

দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ি থাকোঁতে ঠাকুৰৰ "আজিৰ কবিতা" নামৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল। সেইটোৱে আছিল তেখেতৰ প্ৰথম লেখা। কটন বিশ্ববিদ্যালয়ত পঢ়া কালত ঠাকুৰৰ সাহিত্য প্ৰতিভা বিকশিত হৈছিল। মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত কবিতা আহৃত্তি, ৰচনা প্ৰতিযোগিতাত বঁটা পাইছিল।৫ ১৯৬১-৭৮ কালচোৱাত মণিদ্বীপ, আমাৰ প্ৰতিনিধি, ৰামধেনু, আৱাহন আলোচনীত তেখেতৰ শতাধিক কবিতা প্ৰকাশ পাইছিল। অধ্যয়নৰত কালত একাংকিকা, নাটক, গল্প-উপন্যাসো লিখিছিল। তেখেতে নিজে লিখা নাটক-একাংকিকাত অভিনয়ো কৰিছিল। তেখেতৰ ডেককুৰি নিৰ্বাচিত কবিতাৰে "মোৰ গানৰ শব্দ" নামৰ ক্ষুদ্ৰ গ্ৰন্থ সংকলন ১৯৮২ চনত প্ৰকাশ কৰিছিল।৪ (প্ৰকাশক: বিপুল ওহ, অসম বুক ডিপো, কলকাতা)।১ ঠাকুৰৰ কবিতাসমূহৰ একত্ৰ সংকলন 'নগেন ঠাকুৰৰ কবিতা' নামেৰে ড' চণ্ডীচৰণ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পাইছিল ২০১৬ চনত।৫

ভাষা বিষয়ক গ্ৰন্থ

  • পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা (১৯৬৭), প্ৰকাশক: অসম বুক ডিপো, কলকতা১
  • পালি-প্ৰকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য (১৯৮৪) প্ৰকাশক: নিউ বুক ষ্টল, দেৰগাঁও৬
  • ভাৰতীয় ভাষাৰ পৰিচয় (১৯৮৪) প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট’ৰ্‌চ, গুৱাহাটী সংস্কৰণ, জ্যোতি প্ৰকাশন
  • প্ৰাকৃত সাহিত্য চয়ন (১৯৮৯) প্ৰকাশক: জ্যোতি প্ৰকাশন
  • বিশ্বৰ বিভিন্ন ভাষা (১৯৮৪) প্ৰকাশক: জ্যোতি প্ৰকাশন
  • প্ৰাকৃত সাহিত্যৰ অধ্যয়ন (১৯৮১) প্ৰকাশক: জ্যোতি প্ৰকাশন
  • ভাষা আৰু ভাষা চিন্তা (২০০৩)। প্ৰকাশক: প্ৰথম সংস্কৰণ কে. এম, পাব্লিছিং গুৱাহাটী, দ্বিতীয় সংস্কৰণ: বনলতা
  • 'গাহাসত্তসঈ' এশ এটা প্ৰেমৰ কবিতা (১৯৯৯), প্ৰকাশক: লয়াৰ্ছ বুক ষ্টল
  • অশোকৰ অনুশাসনমালা (১৯৯২) প্ৰকাশক: জ্যোতি প্ৰকাশন
  • ভাৰতীয় ভাষা আৰু সাহিত্য (২০১৬) প্ৰকাশক: জ্যোতি প্ৰকাশন৭
  • ভাষ্য অধ্যয়ন পৰিচিতি (২০২৪) প্ৰকাশক: জ্যোতি প্ৰকাশন

অনুবাদ

  • নবেল বঁটা বিজয়ী মিখাইল ছলোকভৰ And quite flows the Don নামৰ উপন্যাসখনৰ অসমীয়া অনুবাদ "ধীৰে বৈ যায় ডন" মহাগ্ৰন্থখনৰ দুটা খণ্ডত প্ৰকাশ পায় (১৯৭২) প্ৰকাশক: প্ৰথম সংস্কৰণ প্ৰগেছিভ বুক হাউচ, গুৱাহাটী, দ্বিতীয় সংস্কৰণ লয়াৰ্ছ বুক ষ্টল১

সম্পাদনা কৰা গ্ৰন্থসমূহ

  • অসমীয়া ভাষা আৰু ব্যাকৰণ, (১৯৮১) তুলতুল বৰুৱা সম্পাদিত অসমীয়া ৰচনা সংকলনত সন্নিবিষ্ট
  • এশ বছৰৰ অসমীয়া উপন্যাস, ২০০১, জ্যোতি প্ৰকাশন
  • নিৰ্জনতাৰ পৰা কোলাহললৈ, প্ৰখ্যাত কবি নীলমণি ফুকনৰ কৃতি, কৃতিত্ব আৰু ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰা গ্ৰন্থৰ সম্পাদনা। প্ৰকাশক: গোলাঘাট জিলা সাহিত্য সভা, ২০০৬
  • শিৱসাগৰ জিলা কবি চক্ৰৰ অধিবেশনৰ স্মৃতিগ্ৰন্থৰ সম্পাদনা, ১৯৭৪
  • পণ্ডিত হেমচন্দ্ৰ গোস্বামী শতবৰ্ষৰ স্মৃতিগ্ৰন্থৰ সম্পাদনা, ১৯৭২
  • ভাষা চিন্তা বিচিত্ৰা" গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থৰ যুটীয়াভাবে সম্পাদনা- ২০০০
  • অসম সাহিত্য সভাৰ দেৰগাঁও অধিবেশনৰ (২০১১) স্মৃতি গ্ৰন্থ "দিচৈ-দৰিয়া"ৰ সম্পাদনা সমিতিৰ সভাপতি৷

তদুপৰি ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়, ডি.পি.ই আৰু এন.চি.ই. আৰ.টি ৰ বাবে অসমীয়া বিষয়ত তেখেতে ৩৯খন ক্ষুদ্ৰ পাঠ্যপুথি সম্পাদনা কৰে। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ বাবে অসমীয়া ভাষাত ভিত্তিস্থাপন পাঠ্যক্ৰমৰ (Foundation Course) চাৰিটা খণ্ড যুটীয়াভাবে সম্পাদনা কৰে।১ সেইদৰে হেমকোষ'ৰ চতুৰ্দশ সংস্কৰণত ৫০ হাজাৰৰ নতুন শব্দ অন্তৰ্ভুক্ত কামত নগেন ঠাকুৰ জড়িত আছিল। তেখেতৰ ভাৰতীয় ভাষা বিষয়ক ২৩টা লেখা ‘অসমীয়া বিশ্বকোষ’ৰ চতুৰ্থখণ্ডত অন্তৰ্ভুক্ত হৈছে। (২০০৭- ২০১১)৫

বঁটা আৰু সন্মান

  • ৰবীন্দ্ৰ পৰিষদ পুৰস্কাৰ, ১৯৬৪ চনত এম.এ পৰীক্ষাত অসমীয়া বিষয়ত প্ৰথম স্থান পোবা বাবে ৰবীন্দ্ৰ পৰিষদ, গুৱাহাটীয়ে এই বঁটা প্ৰদান কৰিছিল।
  • ছোভিয়েট দেশ নেহৰু বঁটা (১৯৭৩) "ধীৰে বৈ যায় ডন" নামৰ উপন্যাসৰ অনুবাদ কৰ্মৰ বাবে এই বঁটা লাভ কৰিছিল।
  • ঠাকুৰৰ অধীনত গবেষণা কৰি ইতিমধ্যে কুৰিজনৰো অধিক গবেষকে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।
  • ১৯৭২-৭৩ চনত দেৰগাঁও শাখা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বত আছিল।
  • ২০১৬ চনত তেখেতক ৰাজহুৱাভাবে অভিনন্দন-সম্বৰ্ধনা জনোৱা হয় আৰু ৰাজেন পূজাৰী আৰু সুৰেন্দ্ৰমোহন হাজৰিকাৰ সম্পাদনাত 'ভাষা-অন্বেষক ডঃ নগেন ঠাকুৰ' শীৰ্ষক এখন অভিনন্দন জ্ঞাপক গ্ৰন্থ প্ৰকাশ হৈ ওলায়। ৫
  • মহাৰজত জয়ন্তী ভাষা বঁটা (২০২৪): গুৱাহাটী বিশ্ববিদ্যালয়, অসমীয়া বিভাগ।
  • জীৱনজোৰা সাধনা বঁটা (২০২৪): এনাজৰী গুৱাহাটী।
  • জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন সাহিত্য বঁটাঃ শতবৰ্ষ উদ্‌যাপন সমিতি, দেৰগাঁও সাহিত্য সভা (২০২৪)
  • শৰৎ চন্দ্ৰ শৰ্মা ভাষা সাধনা বঁটা, অসমীয়া সাহিত্য সন্মিলনী, ২০২৫৮২
  • প্ৰয়াত লিলি দেৱী সোঁৱৰণি দ্বি - বাৰ্ষিক সাহিত্য-সংস্কৃতি বঁটা (২০২৩)

তথ্যসূত্ৰ

  1. ↑ মৃদুল কুমাৰ সন্দিকৈ. (১৬ ফেব্ৰুৱাৰী, ২০২৫). অসমীয়া প্ৰতিদিন ৷ নগেন ঠাকুৰৰ সৈতে মৃদুল কুমাৰ সন্দিকৈৰ সাক্ষাৎকাৰ. অসমীয়া প্ৰতিদিন. পৃ. ৬
  2. ↑ (৫ ফেব্ৰুৱাৰী). বিশিষ্ট ভাষাতত্ত্ববিদ নগেন ঠাকুৰলৈ অসমীয়া সাহিত্য সন্মিলনীৰ শৰৎ চন্দ্ৰ শৰ্মা ভাষা সাধনা বঁটা. অগ্ৰদূত
  3. ↑ সাক্ষাৎকাৰঃ সাহিত্য ডট অৰ্গ৷ সাক্ষাৎগ্ৰহণ- মণ্টু কুমাৰ বৰঠাকুৰ আৰু অন্যান্য. সাহিত্য ডট অৰ্গ
  4. ↑ সম্পা. ভাস্কৰ ভূঞা. (২ ফেব্ৰুৱাৰী). অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা গ্ৰন্থ. অসমীয়া সাহিত্য সন্মিলনী
  5. ↑ (২০১৬). ভাষা-অন্বেষক ডঃ নগেন ঠাকুৰ৷ অভিনন্দন গ্ৰন্থ. ৰাজেন পূজাৰী আৰু সুৰেন্দ্ৰমোহন হাজৰিকা
  6. ↑ পালি-প্ৰাকৃত-অপভ্ৰংশ ভাষা আৰু সাহিত্য৷ লেখকঃ নগেন ঠাকুৰ
  7. ↑ ভাৰতীয় ভাষা আৰু সাহিত্য গ্ৰন্থ৷ লিখক নগেন ঠাকুৰ৷
  8. ↑ (৩, ২, ২০২৫). অসমীয়া সাহিত্য সন্মিলনীৰ বঁটা প্ৰদান অনুষ্ঠান ২০২৩-২৫ সম্পন্ন. গণ অধিকাৰ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমৰ ব্যক্তিঅসমীয়া কবিঅনুবাদক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগেন ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৩০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।