কমল কুমাৰ তাঁতী ( Kamal Kumar Tanti) হৈছে এগৰাকী অসমীয়া কবি, অনুবাদক, অধ্যপক, প্ৰবন্ধ লেখক আৰু সমালোচক। তেখেতে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই সাহিত্য চৰ্চা কৰি আহিছে। তেওঁ অসমৰ চাহ শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰি আহিছে।১২৩ তেওঁৰ সাহিত্যিক ৰচনাসমূহৰ গভীৰতা আৰু সাংস্কৃতিক তাৎপৰ্য্যৰ বাবে উল্লেখযোগ্য, আৰু এইসমূহে তেওঁৰ সম্প্ৰদায়ৰ অভিজ্ঞতা আৰু ইতিহাসক প্ৰতিফলিত কৰে। তেখেত সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ সদস্য হিচাপেও মনোনীত হৈছিল।৪ ‘মাৰাংবুৰু আমাৰ পিতা’ গ্ৰন্থখনৰ বাবে তেখেতে ২০১২ চনত সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰিছিল আৰু একেখন গ্ৰন্থৰ বাবে ২০০৮ চনত মুনীন বৰকটকী বঁটা লাভ কৰে।৫৬
কবিতা
তেওঁৰ প্ৰথম কবিতা সংকলন মাৰাংবুৰু আমাৰ পিতা-য়ে ২০১২ চনত ৩৫ বছৰৰ তলৰ ২৪ জন যুৱ সাহিত্যিকক সাহিত্য অকাডেমিয়ে দিয়া যুৱপুৰস্কাৰ লাভ কৰে।৭ ২০০৮ চনত মুনিন বৰকটাকী সাহিত্যিক বঁটাও লাভ কৰে।৮ তাঁতীৰ অসমীয়া কবিতাসমূহ বিভিন্ন সংকলন আৰু আলোচনীত প্ৰকাশ হৈ আহিছে। মাজে মাজে তেওঁ কল্পকাহিনী ৰচনা কৰে। এইসমূহৰ কিছুমান চুটিগল্প অসমীয়া কল্পকাহিনীৰ কেইবাটাও সংকলনত সন্নিবিষ্ট কৰা হৈছে।
তেখেতৰ অনুবাদ কবিতা (অসমীয়াৰ পৰা ইংৰাজীলৈ) ইণ্ডিয়ান লিটাৰেচাৰ ৯, দ্য লিটল মেগাজিন, মিউজ ইণ্ডিয়া, কাব্য ভাৰতী, পিৰ্তা, এক্সচেঞ্জছ লিটাৰেৰী জাৰ্নেল১০, চেৰেব্ৰেচন, এনইলিট ৰিভিউ১১, কৃত্য, ভিজুৱেল ভাৰ্চ, ব্ৰাউন ক্ৰিটিক, ষ্টিয়াৰ কুইয়াৰ আদি অসংখ্য আলোচনীত প্ৰকাশ পাইছে। তেওঁৰ কবিতাসমূহ কেইবাখনো ইংৰাজী সংকলনতো অন্তৰ্ভুক্ত কৰা হৈছে, যেনে ৪০ অণ্ডাৰ ৪০১২, শ্বাউট ইট আউট! এন্থলজি, আৰু দ্য ৱৰ্ল্ড আই ৰাইট ইন।
গদ্য
অসমীয়া ভাষাৰ তাঁতীৰ প্ৰথম গদ্য সংকলন নিম্নবৰ্গ সমাজ ঐতিহ্যত বিশেষভাৱে অসমৰ ঔপনিৱেশিক ইতিহাস আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিম্নবৰ্গ সমাজৰ ইতিহাস ৰচনা আৰু উত্তৰ-ঔপনিৱেশিক তত্ত্বৰ সমালোচনাত্মক ৰচনা সন্নিবিষ্ট কৰা হৈছে।১৩
প্ৰকাশিত ৰচনা
কবিতা সংকলন
ৰচনা সংগ্ৰহসমূহ
- নিম্নবৰ্গ সমাজৰ ঐতিহ্য, ২০০৭
- উত্তৰ-ঔপনিৱেশিক সমালোচনা
বঁটা আৰু সন্মান
- ২০০৮ বৰ্ষত ‘মাৰাংবুৰু আমাৰ পিতা’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘মুনীন বৰকটকী’ বঁটা১৫
- ২০১২ বৰ্ষত ‘মাৰাংবুৰু আমাৰ পিতা’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘সাহিত্য অকাডেমী যুৱ বঁটা’।
তথ্যসূত্ৰ
- ↑ Tellis, Ashley. (2010-07-31). In sync with subaltern traditions. The Hindu
- ↑ Saikia, Arunabh. (27 March 2021). Interview: Sanjib Baruah on Assam elections, identity politics and the 'cash-transfer state'. Scroll.in
- ↑ Saikia, Arunabh. (26 March 2021). Assam's large tea worker community has always lacked a political voice. Could this be changing?. Scroll.in
- ↑ Welcome to Sahitya Akademi - Members of Advisory Boards (Assamese). sahitya-akademi.gov.in
- ↑ SAHITYA: Akademi Awards. Sahitya-akademi.gov.in
- ↑ (2012-12-24). Kamal Tanti wins Sahitya Akademi Yuva Puraskar 2012. Assamtimes.org
- ↑ Shekhar, Hansda Sowvendra. (23 March 2019). Kamal Kumar Tanti's poems present the politics and poignance of being marginalised in a distant land. Scroll.in
- ↑ Poet invited. Telegraph India
- ↑ Vol. 59, No. 5 (289), September/October 2015 of Indian Literature on JSTOR. www.jstor.org
- ↑ Seven Poems by Kamal Kumar Tanti. Exchanges: Journal of Literary Translation
- ↑ POSTCOLONIAL POEM: KAMAL KUMAR TANTI. Cerebration
- ↑ (2016). 40 under 40: an anthology of post-globalisation poetry. ISBN 978-93-82749-44-8
- ↑ (2018). Reconciliation in Conflict-Affected Communities: Practices and Insights from the Asia-Pacific. ISBN 978-981-10-6800-3
- ↑ Chandramohan, S. (2019-05-01). Annexing The landscape: Scrutinizing Kamal Kumar Tanti. KochiPost
- ↑ www.muninbarkotoki.org/english/trust/awrdlist.ht
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমল কুমাৰ তাঁতী” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৪৪ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।