প্ৰযুক্তি
কম্পিউটাৰ, ইণ্টাৰনেট, অভিযান্ত্ৰিক আৰু উদ্ভাৱন · ৩৮২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাইক্ৰ'ছফ্ট অনুবাদক
মাইক্ৰ'ছফ্ট অনুবাদক (ইংৰাজী: Microsoft Translator) হৈছে মাইক্ৰ'ছফ্ট দ্বাৰা প্ৰদান কৰা এটা বহুভাষিক মেচিন অনুবাদ ক্লাউড সেৱা। মাইক্ৰ'ছফ্ট অনুবাদক হ'ল মাইক্ৰ'ছফ্ট কগনিটিভ চাৰ্ভিচেছৰ এটা অংশ আৰু একাধিক গ্ৰাহক, বিকাশক, আৰু উদ্যোগ পণ্যৰ মাজেৰে সংহত; উইণ্ড'জ, উইণ্ড'জ ফোন, আইফোন আৰু এপল ৱাচৰ বাবে বিং,…
-
য়াহু!
য়াহু! এক ৱে'ব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই অ'থ ইন্ক'ৰ্প'ৰেচনৰ জৰিয়তে ভেৰিজ'ন কমিউনিকেচন্ছৰ মালিকানাধীন। মূল য়াহু! কোম্পানীটো জেৰী য়াং আৰু ডেভিদ ফিল'ই ১৯৯৪ চনত খুলিছিল আৰু ১৯৯৫ চনৰ ২ মাৰ্চত কাম আৰম্ভ হৈছিল।
-
যোগাযোগ
যোগাযোগ বুলিলে সাধাৰণতে তথ্যৰ সম্প্ৰসাৰণক সংজ্ঞায়িত কৰা হয়। ইয়াৰ নিৰ্দিষ্ট সংজ্ঞা সম্পৰ্কে মতানৈক্য আছে। যোগাযোগৰ আৰ্হিসমূহ হৈছে ইয়াৰ মূল উপাদানসমূহ আৰু ইয়াৰ পাৰস্পৰিক ক্ৰিয়াৰ সৰলীকৃত আভাস।
-
ৱিকিউদ্ধৃতি
ৱিকিউদ্ধৃতি (Wikiquote (ৱিকিকোৱ'ট)) বা ৱিকিউক্তি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। ডেনিয়েল এলষ্টনৰ পৰিকল্পনা আৰু ব্ৰায়'ন ৱিবাৰৰ কাৰ্যকাৰিতাত জন্মলাভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে সমিলমিলেৰে উল্লেখযোগ্য ব্যক্তি, গ্ৰন্থ, চলচ্চিত্ৰ বা…
-
ৱেবেক মেচিন
ৱেবেক মেচিন (ইংৰাজী: Wayback Machine) হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ এটা ডিজিটেল আৰ্কাইভ। ইয়াক কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত অৱস্থিত এটা আমেৰিকান অলাভকাৰী সংস্থা ইণ্টাৰনেট আৰ্কাইভে প্ৰতিষ্ঠা কৰিছিল।
-
অমনিগ্ল'ত
অমনিগ্ল'ত হৈছে এখন অনলাইন বিশ্বকোষ, য'ত বিভিন্ন ভাষা আৰু লিখন পদ্ধতি সামৰি লোৱা হৈছে। অমনিগ্ল'ত শব্দটো লেটিন উপসৰ্গ অমনি (সমস্ত) আৰু গ্ৰীক শব্দ গ্ল'ত (জিভা) যোগ হৈ উৎপত্তি হৈছে।
-
অসমীয়া অভিধান
অসমীয়া আৰু ইংৰাজী ডিজিটেল অভিধান (Assamese & English Digital Lexicon) হৈছে অসমীয়া আৰু ইংৰাজী ভাষাৰ এটা বৃহৎ কলেবৰৰ মুক্ত অনলাইন অভিধান আৰু ভাষিক তথ্যভঁৰাল।
-
অসমীয়া ৱিকিউৎস
অসমীয়া ৱিকিউৎস (Assamese Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি।
-
ইনফোচিচ লিমিটেড
ইনফোচিছ লিমিটেড হৈছে এক ভাৰতীয় বহুজাতিক প্ৰযুক্তি কোম্পানী যি ব্যৱসায়িক পৰামৰ্শ, তথ্য প্ৰযুক্তি, আৰু আউটচৰ্চিং সেৱা আগবঢ়ায়। পুনেত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত।
-
এড'বী এক্সডি
এড'বী এক্সডি (এড'বী এক্সপিৰিয়েঞ্চ ডিজাইন বুলিও জনা যায়) হৈছে এড'বী ইন্ক'ৰ্পৰেশ্যনদ্বাৰা বিকশিত আৰু প্ৰকাশিত ৱেব এপ্ আৰু ম'বাইল এপৰ বাবে এক ভেক্টৰ-ভিত্তিক ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণ সঁজুলি।
-
কম্পিউটাৰ ভাইৰাছ
কম্পিউটাৰ ভাইৰাছ (Computer Virus) এটা কম্পিউটাৰ প্ৰ’গ্ৰাম যি নিজে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰিব পাৰে। ভাইৰাছবোৰক মেলৱেৰ (Malware) বা এডৱেৰ (Adware) বা স্পাইৱেৰৰ (Spyware) লগত একে বুলি ভবা হয় যদিও, এইবোৰৰ নিজৰ প্ৰতিলিপি তৈয়াৰ কৰাৰ ক্ষমতা নাথাকে।
-
খান একাডেমী
খান একাডেমী হৈছে ২০০৮ চনত বাংলাদেশী মূলৰ আমেৰিকান নাগৰিক ছলমান খানে ছাত্ৰ-ছাত্ৰীসকলক অনলাইনযোগে শিক্ষাপ্ৰদানৰ বাবে প্ৰতিষ্ঠা কৰা এটা অলাভজনক শিক্ষা সংস্থা। সংস্থাটোৱে সংক্ষিপ্ত ভিডিঅ'ৰ ৰূপত বিভিন্ন বিষয়ৰ শিক্ষাদান কৰে। খান একাডেমীৰ ৱেবছাইটটোত অনুশীলনীৰ বাবে প্ৰশ্ন আৰু পঠনসামগ্ৰীও উপলব্ধ আছে।
-
জি বোৰ্ড
জি-বোৰ্ড হৈছে এণ্ড্ৰইড আৰু আইঅ'এছ ডিভাইচৰ বাবে গুগলে বিকশিত কৰা এক ভাৰ্চুৱেল কী-বোৰ্ড এপ। ইয়াক প্ৰথমবাৰৰ বাবে মে' ২০১৬ ত আইঅ'এছ-ত মুকলি কৰা হৈছিল, তাৰ পিছত ডিচেম্বৰ ২০১৬ বৰ্ষত এণ্ড্ৰইডত মুকলি কৰি দিয়া হৈছিল।
-
নেন'প্ৰযুক্তি
নেন'প্ৰযুক্তি বা নেন'টেকন’লজী (Nanotechnology) হৈছে বস্তুৰ এনে এক পৰ্যায়ৰ ব্যৱহাৰ য’ত অন্ততঃ এটা মাপ ১-ৰ পৰা ১০০ নেন'মিটাৰ (nm)-ৰ ভিতৰত হয়। এই পৰ্যায়টো নেন'স্কেল (nanoscale) নামেৰে জনাজাত, য’ত পৃষ্ঠৰ এলাকা আৰু কোৱাণ্টাম বলবিদ্যাৰ প্ৰভাৱ বস্তুৰ গুণৰ ব্যাখ্যাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ উঠে।
-
ফিগমা (ছফ্টৱেৰ)
ফিগমা হৈছে এক ৱেব-ভিত্তিক ভেক্টৰ গ্ৰাফিক্স সম্পাদক আৰু প্ৰ'ট'টাইপিং সঁজুলি। অথচ মেকঅ'এছ আৰু ৱিণ্ড'জৰ বাবে নিৰ্মিত ডেস্কটপ এপ্লিকেশ্যনত কিছুমান অতিৰিক্ত অফলাইন সুবিধা পোৱা যায়।
-
বন্দে ভাৰত এক্সপ্ৰেছ
বন্দে ভাৰত এক্সপ্ৰেছ, পূৰ্বতে ট্ৰেইন ১৮ বুলি জনাজাত, ভাৰতীয় ৰেলৱেৰ দ্বাৰা পৰিচালিত এখন বৈদ্যুতিক বহু ইউনিটযুক্ত ৰেল। পৰীক্ষাৰ সময়ত ৰে’লখনে ঘণ্টাত ১৮৩ কিলোমিটাৰ (ঘণ্টাত ১১৪ মাইল) সৰ্বোচ্চ গতি লাভ কৰিছিল।
-
মাইক্ৰছফ্ট বিং
মাইক্ৰছফ্ট বিং (Microsoft Bing; পূৰ্বতে বিং বুলি জনা যায়) হৈছে মাইক্ৰছফ্টৰ মালিকানাধীন আৰু পৰিচালিত এক ৱেব অনুসন্ধান ইঞ্জিন (ৱেব চাৰ্চ ইঞ্জিন)। মাইক্ৰছফ্ট বিংৰ উৎস হৈছে MSN সন্ধান, উইণ্ডোজ লাইভ সন্ধান আৰু পিছত লাইভ সন্ধান।
-
যান্ত্ৰিক অনুবাদকৰ তালিকা
অল ট্ৰেন্সলেচন হ'ল দুই শতাধিক ভাষা সমৰ্থিত অনুবাদ সেৱা। ইয়াত ২৬টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাষাবিলাক হ'ল: অসমীয়া, অৱধী, বাংলা, ভোজপুৰী, গুজৰাটী, হিন্দী, কন্নড়, খাচী, ককবৰক, কোঙ্কণী, মৈথিলী, মালয়ালম, মাৰাঠী, মাৰোৱাৰী, মেইতেই, মিজো, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, চাঁওতালি,…
-
স্কেট্চ (ছফ্টৱেৰ)
স্কেট্চ (বা পূৰ্বতে কোৱা বহেমিয়ান ক'ডিং) হৈছে ওলন্দাজ কোম্পানী স্কেট্চ বি.ভি.-দ্বাৰা বিকশিত মেকঅ'এছৰ বাবে এক ভেক্টৰ গ্ৰাফিক্স সম্পাদক। ইয়াক প্ৰথমবাৰৰ বাবে ২০১০ চনৰ ৭ ছেপ্টেম্বৰত মুকলি কৰা হৈছিল আৰু ই ২০১২ চনত এপল ডিজাইন বঁটা লাভ কৰিছিল।
-
ৰবট
ৰবট হৈছে বিশেষভাবে কম্পিউটাৰৰ দ্বাৰা প্ৰগ্ৰেম কৰা স্বয়ংক্ৰিয়ভাবে কিছুমান জটিল কাৰ্য শৃংখল সম্পাদন কৰিব পৰা এক প্ৰকাৰৰ যন্ত্ৰ। ৰবটবোৰক বাহ্যিকভাবে নাইবা তাৰ ভিতৰতে থকা এক প্ৰকাৰৰ নিয়ন্ত্ৰকৰ যোগেদি নিয়ন্ত্ৰণ কৰা হয়।
-
ৰাউটাৰ (কম্পিউটাৰ সম্বন্ধীয়)
কম্পিউটাৰ নেটৱৰ্ক বোৰৰ মাজত ডেটা পেকেট সমূহ সৰবৰাহ কৰিবলৈ ৰাউটাৰ বা ৰুটাৰ (Router) নামৰ সঁজুলি বিধ ব্যৱহাৰ কৰা হয়। ৰাউটাৰ এটা সাধাৰণতে দুটা বা ততোধিক ডেটা লাইনৰ সহয়ত বিভিন্ন নেটৱৰ্কৰ লগত সংযুক্ত কৰা হয়।
-
ৱিক্স্যনেৰী
ৱিক্স্যনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প য'ত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰু dictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১টা ভাষা আৰু সৰল ইংৰাজীত এই প্ৰকল্প উপলব্ধ।
-
ৱেব চাৰ্ভাৰ
ৱেব-চাৰ্ভাৰ -এ ইণ্টাৰনেটত তথ্য উপলব্ধ কৰে, এইচ টি এম এল আৰু আনুষংগিক প্ৰট'কলৰ জৰিয়তে। ই মেচিন বা প্ৰগ্ৰেম যিকোনো এটায়েই হ’ব পাৰে। ৱেবচাৰ্ভাৰ যদিও মূলত অকল ৱেবচাইট হ'ষ্ট কৰিবলৈহে ব্যৱহাৰ কৰা হয় তথপিও ইয়াক আন কিছুমান কামত যেনে তথ্য ভাণ্ডাৰ নাইবা এণ্টাৰপ্ৰাইজ এপ্লিকেচন (enterprise applications)…
-
ৱেব পেজ
ৱেব পেজ বা ৱেব পৃষ্ঠা (Web page) হৈছে এটা একক দস্তাবেজ, যি ৱেব ব্ৰাউজাৰৰ জৰিয়তে প্ৰদৰ্শিত হয়। এটা ৱেবছাইট সাধাৰণতে বহুতো ৱেব পৃষ্ঠাৰদ্বাৰা গঠিত হয় যিটো এটা সাধাৰণ ডমেইন নামৰ অধীনত একেলগে সংযুক্ত কৰা হয়।
-
অভিস্ৰৱন
অভিস্ৰৱন আস্ৰৱন হৈছে নিবাচক-ভেদ্য পৰ্দাৰ মাজেৰে দ্ৰাৱক অণুবোৰৰ স্বতঃস্ফূৰ্ত নিট চলাচল বা বিস্তৰণ, উচ্চ জল বিভৱৰ অঞ্চলৰ পৰা (কম দ্ৰাৱ্য ঘনত্বৰ অঞ্চল) নিম্ন জল বিভৱৰ অঞ্চললৈ (উচ্চ দ্ৰাৱ্য ঘনত্বৰ অঞ্চল), যিটো দিশে দুয়োফালৰ দ্ৰাৱ্য ঘনত্ব সমান কৰাৰ প্ৰৱণতা থাকে।
-
আগ্নেয়াস্ত্ৰ
আগ্নেয়াস্ত্ৰ হ’ল যিকোনো ধৰণৰ বন্দুক যিয়ে বিস্ফোৰক চাৰ্জ ব্যৱহাৰ কৰে আৰু ইয়াক কোনো ব্যক্তিয়ে সহজে কঢ়িয়াই নিব পৰা আৰু চলাব পৰাকৈ ডিজাইন কৰা হয়। এই শব্দটোক বিভিন্ন দেশত আইনগতভাৱে অধিক সংজ্ঞায়িত কৰা হৈছে।
-
ইউটিউব মিউজিক
ইউটিউব মিউজিক (ইংৰাজী: YouTube Music) হৈছে গুগলৰ সহযোগী কোম্পানী আমেৰিকান ভিডিঅ' প্লেটফৰ্ম ইউটিউবে বিকশিত কৰা এটা সংগীত ষ্ট্ৰীমিং সেৱা। এই সেৱাটো এনে এটা আন্তঃপৃষ্ঠৰ সৈতে ডিজাইন কৰা হৈছে যিয়ে ব্যৱহাৰকাৰীসকলক একেলগে ইউটিউব ভিত্তিক ধাৰা, প্লেলিষ্ট আৰু পৰামৰ্শৰ সংগীত অডিঅ’ আৰু মিউজিক ভিডিঅ’সমূহ…
-
ইমেজেন (টেক্সট-টু-ইমেজ মডেল)
ইমেজেন হৈছে গুগল ডিপমাইণ্ডদ্বাৰা বিকশিত টেক্সট-টু-ইমেজ মডেলসমূহৰ এটা শৃংখল। ২০২৩ এপ্ৰিলত ডিপমাইণ্ডৰ সৈতে একত্ৰীকৰণ হোৱাৰ আগলৈকে ইয়াক গুগল ব্ৰেইনৰদ্বাৰা বিকশিত কৰা হৈছিল।
-
ইলেক্ট্ৰনিকছ
ইলেক্ট্ৰনিকছ বা অণুবিদ্যুৎ হৈছে এটা বৈজ্ঞানিক আৰু অভিযান্ত্ৰিক শাখা যিয়ে পদাৰ্থ বিজ্ঞানৰ নীতিসমূহ অধ্যয়ন আৰু প্ৰয়োগ কৰি ইলেক্ট্ৰন আৰু অন্যান্য বৈদ্যুতিক আধানযুক্ত কণাসমূহক হেঁচা মাৰি ধৰা যন্ত্ৰৰ ডিজাইন, সৃষ্টি আৰু পৰিচালনা কৰে।
-
এয়াৰ ইউনিয়নৰ ফাৰ্মান এফ.৬০ গলিয়াথ দুৰ্ঘটনা, মে’
১৯২৩ চনৰ মে’ মাহত এয়াৰ ইউনিয়নৰ ফাৰ্মান গলিয়াথ দুৰ্ঘটনা ১৯২৩ চনৰ ১৪ মে'ত ফ্ৰান্সৰ ছমৰ মনছুৰছত উৰণৰ সময়ত এটা উইঙৰ গাঁথনিগত বিকলতাৰ ফলত এয়াৰ ইউনিয়নৰ ফাৰ্মান এফ.৬০ গলিয়াথ এফ-এ-ই-বি-ওৱাই বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানত থকা ছয়জন লোকৰ আটাইকেইজন লোকেই নিহত হয়।