অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱেব চাৰ্ভাৰ

ৱেব-চাৰ্ভাৰ -এ ইণ্টাৰনেটত তথ্য উপলব্ধ কৰে, এইচ টি এম এল আৰু আনুষংগিক প্ৰট'কলৰ জৰিয়তে। ই মেচিন বা প্ৰগ্ৰেম যিকোনো এটায়েই হ’ব পাৰে। ৱেবচাৰ্ভাৰ যদিও মূলত অকল ৱেবচাইট হ'ষ্ট কৰিবলৈহে ব্যৱহাৰ কৰা হয় তথপিও ইয়াক আন কিছুমান কামত যেনে তথ্য ভাণ্ডাৰ নাইবা এণ্টাৰপ্ৰাইজ এপ্লিকেচন (enterprise applications)…

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৫৮৮ শব্দ · ৩ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ৱেব-চাৰ্ভাৰ -এ ইণ্টাৰনেটত তথ্য উপলব্ধ কৰে, এইছটিএমএল আৰু আনুষংগিক প্ৰট'কলৰ জৰিয়তে। ই মেচিন বা প্ৰগ্ৰেম যিকোনো এটায়েই হ’ব পাৰে।

ৱেবচাৰ্ভাৰ যদিও মূলত অকল ৱেবচাইট হ'ষ্ট কৰিবলৈহে ব্যৱহাৰ কৰা হয় তথপিও ইয়াক আন কিছুমান কামত যেনে তথ্য ভাণ্ডাৰ নাইবা এণ্টাৰপ্ৰাইজ এপ্লিকেচন (enterprise applications) জাতীয় চফ্টৱেৰ চলোৱাতো ব্যৱহাৰ কৰা হয়।

কাৰিকৰী ব্যাখ্যা

ৱেবচাৰ্ভাৰ এটাৰ প্ৰাথমিক কাম হৈছে ক্লায়েণ্ট কম্পিউটাৰ এটাৰ অনুৰোধ ক্ৰমে তালৈ ৱেবপেজৰ যোগান ধৰা। ইয়াৰ অৰ্থ হ'ল এইছ টি এম এল ডকুমেণ্টৰ বিস্তাৰ আৰু লগতে ফ'টো, ষ্টাইল ছিট(style sheets) আৰু স্ক্ৰিপ্ট(scripts) জাতীয় যিকোনো তথ্যৰ যোগান ধৰা।

এজন ক্লায়েণ্টে (যাৰ অৰ্থ সাধাৰণতে এটা ৱেব ব্ৰাইজাৰ বা ৱেব ক্ৰ'লাৰ) এইছ টি টি পিৰ (HTTP) সহায়ত বিশেষ সম্বল বিছাৰি এটা ৱেব চাৰ্ভাৰৰ লগত সম্বন্ধ স্থাপন কৰে আৰু চাৰ্ভাৰটোৱে সেই অনুৰোধ অনুসৰি সঁহাৰি দিয়ে নাইবা এটা অশুদ্ধ বাৰ্তা দিয়ে যদি একো উত্তৰ দিব নোৱাৰে। এই সম্বল হ'ল প্ৰতীকি অৰ্থত চাৰ্ভাৰটোৰ চেকেণ্ডেৰী মেম'ৰিত সংৰক্ষিত এটা সঁচা ফাইল।

অনুৰোধ অনুসৰি সম্বলৰ যোগান ধৰাই ইয়াৰ কাম যদিও এইছ টি টি পিৰ (HTTP) সম্পূৰ্ণ প্ৰয়োগৰ দ্বাৰা ক্লায়েণ্টৰ পৰাও তথ্য সংগ্ৰহৰ বিভিন্ন উপায় ইয়াৰ অন্তৰ্গত। ইয়াৰ ভিতৰত ৱেব ফৰ্ম ভৰ্তিকৰণ আৰু ফাইল আপলোড ও অন্যতম।

ৱেব চাৰ্ভাৰ সমূহ অকল ৱৰ্ল্ড ৱাইড ৱেবৰ (world wide web) সেৱাতে সদায় ব্যৱহাৰ নহয়। সিহঁতক কেতিয়বা আন কিছুমান সঁজুলি যেনে প্ৰিণ্টাৰ, ৰাউটাৰ (কম্পিউটাৰ সম্বন্ধীয়), ৱেবকেম আদিৰ লগত সন্নিবিষ্ট হৈ এটা স্থানীয় বা সীমিত নেটৱ'ৰ্কত (local network) সেৱা আগবঢ়োৱা দেখা যায়।

ইতিহাস

পৃথিৱীৰ প্ৰথমটো ৱেব চাৰ্ভাৰ
পৃথিৱীৰ প্ৰথমটো ৱেব চাৰ্ভাৰছবি: User:Coolcaesar at en.wikipedia · CC BY-SA 3.0

১৯৮৯ চনত টিম বাৰ্নাৰ্ছ লীয়ে (Tim Berners-Lee) এটা প্ৰকল্পৰ ধাৰণা কৰে যাৰ লক্ষ্য আছিল হাইপাৰটেক্সট (hypertext) পদ্ধতি ব্যৱহাৰ কৰি বৈজ্ঞানিক সকলৰ মাজত তথ্যৰ আদান প্ৰদান প্ৰক্ৰিয়া সহজ কৰি তোলা। তাৰ বাবে লীয়ে ১৯৯০ চনত দুটা কম্পিউটাৰ প্ৰ'গ্ৰাম (program) লিখি উলিয়ায়:

  • ৱৰ্ল্ড ৱাইড ৱেব নামৰ এটা ব্ৰাউজাৰ
  • পৃথিৱীৰ প্ৰথমটো ৱেব চাৰ্ভাৰ, যি পিছত চাৰ্ন এইছ টি টি পি ডি (CERN httpd) বুলি জনাজাত হৈছিল আৰু যিটো নেক্সটষ্টেপত (NeXTSTEP) চলিছিলে।

১৯৯১ ৰ পৰা ১৯৯৪ ৰ ভিতৰত ৱৰ্ল্ড ৱাইড ৱেবত তথ্যৰ আদান প্ৰদান আৰু বিস্তাৰৰ বাবে ব্যৱহৃত পুৰ্বৰ প্ৰযুক্তিবিদ্যাসমূহৰ উন্নতকৰণৰ ফলত সেইবিলাকক বেলেগ বেলেগ অ'পাৰেটিং চিষ্টেমত ব্যৱহাৰ কৰিব পৰা হৈছিল আৰু বিভিন্ন ধৰণৰ সংস্থা সমূহৰ মাজত ব্যৱহৃত হবলৈ ধৰিছিল, যেনে প্ৰথমে বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় সমূহত আৰু তাৰ পিছত লাহে লাহে উদ্যোগসমূহত।

সামূহিক লক্ষণসমূহ

  • ভাৰ্চুৱেল হষ্টিং (Virtual hosting): একেটা আই পি এড্ৰেছৰ সহায়ত একাধিক ৱেবচাইট হ'ষ্ট কৰা।
  • লাৰ্জ ফাইল চাপৰ্ট (Large file support): ৩২ বিটৰ অপাৰেটিং চিষ্টেমত ২ জিবিতকৈ ও ডাঙৰ ফাইল ৰখাৰ সুবিধা।
  • বেণ্ডউইথ থ্ৰ'ট্‌লিঙ (Bandwidth throttling): একাধিক ক্লায়েণ্ট কম্পিউটাৰক একে সময়তে উপযুক্ত সেৱা আগবঢ়াবলৈ নিয়ন্ত্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা।
  • চাৰ্ভাৰ চাইদ স্ক্ৰিপ্টিঙ (Server-side scripting): ৱেব চাৰ্ভাৰ আৰু ৱেবচাইটত সঁজুলি সমূহৰ পৃঠকিকৰণৰ বাবে ডাইনামিক ৱেব পেজৰ সৃষ্টি কৰা।

সংযোগী পথৰ অনুবাদ

ৱেব চাৰ্ভাৰ এটাই ইউনিফৰ্ম ৰিসৰ্চ ল'কেট'ৰ (Uniform Resource Locator or URL) এটাৰ সংযোগী পথৰ অনুবাদ কৰি দুটা বিষায়ৰ সৃষ্টি কৰে, যেনে:

  • এটা স্থানীয় ফাইল চিচ্…ষ্টেম (ষ্টেটিক অনুৰোধৰ কাৰণে )
  • এটা আভ্যন্তৰিক বা বহিৰাগত কম্পিউটাৰ প্ৰ'গ্ৰাম ( ডাইনামিক অনুৰোধৰ কাৰণে )

ষ্টেটিক অনুৰোধ এটাৰ ক্ষেত্ৰত ক্লায়েণ্ট কম্পিউটাৰ এটাই নিৰ্ধাৰণ কৰা ইউ আৰ এল সংযোগী পথটো ৱেব চাৰ্ভাৰ এটাৰ ৰুট ডাইৰেক্ট'ৰীৰ সম্বন্ধীয় হয়।

উদাহৰণ স্বৰূপে তলৰ ইউ আৰ এলটো চোৱা যাওক, এইটো ক্লায়েণ্টৰ এটা অনুৰোধ:

www.example.com/path/file.html

তলত উল্লিখিত HTTP 1.1 অনুৰোধেৰে সেই ক্লায়েণ্টৰ ইউজাৰ এজেণ্টএ ইয়াক www.example.com ৰ সংযোগলৈ অনুবাদ কৰিব:

GET /path/file.html HTTP/1.1 Host: www.example.com

www.example.com ৰ ৱেব চাৰ্ভাৰে উক্ত সংযোগী পথক তাৰ ৰুট ডাইৰেক্ট'ৰীৰ শেষত জোৰা দিব। আপাচি চাৰ্ভাৰ (Apache server) এটাত সাধাৰণতে /home/www এনেকুৱা হয় আৰু ইউনিক্স (Unix)ত /var/www এনেকুৱা। ফলত উৎপন্ন হয় স্থানীয় ফাইল চিচ্…ষ্টেম

/home/www/path/file.html

তাৰ পিছত ৱেব চাৰ্ভাৰ টোৱে ফাইলটো পঢ়ে আৰু যদি বিছাৰি পায় তেন্তে ক্লায়েণ্টৰ ৱেব ব্ৰাউজাৰক সঁহাৰি জনায়। সঁহাৰি অনুসৰি অনুৰোধ কৰা পৃষ্টাৰ বৰ্ণনা আৰু পৃষ্ঠাটোৰ প্ৰদৰ্শন কৰা হয় বা পৃষ্ঠাটো উপলব্ধ নহয় বুলি বাৰ্তা দিয়া হয়।

বাহ্যিক সংযোগ

  • RFC 2616, the Request for Comments document that defines the HTTP 1.1 protocol.
  • C64WEB.COM — Commodore 64 running as a web server using Contiki

সম্পৰ্কিত শ্ৰেণী

ইণ্টাৰনেটতথ্য প্ৰযুক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱেব চাৰ্ভাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৯৩ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।