প্ৰচাৰ মাধ্যম
৭ প্ৰবন্ধ
-
ভাৰতৰ ৰাজপত্ৰ
ভাৰতৰ ৰাজপত্ৰ ভাৰত চৰকাৰৰ এখন চৰকাৰী প্ৰকাশনা। ইয়াত চৰকাৰৰ বিভিন্ন জাননী, আদেশ, বিধি, নিয়ম, নিযুক্তি আৰু অন্যান্য চৰকাৰী তথ্য প্ৰকাশ কৰা হয়। ৰাজপত্ৰখন নিয়মীয়াকৈ প্ৰকাশ কৰা হয়। ইয়াৰ সাধাৰণ সংখ্যা প্ৰতি সপ্তাহে প্ৰকাশ পায়।
-
জিঅ' টিভি
জিঅʼ টিভি (JioTV) হৈছে জিঅʼ প্লেটফৰ্মছৰ অধীনস্থ ৰিলায়েন্স ইণ্ডষ্ট্ৰিজৰ এটা ভাৰতীয় ষ্ট্ৰিমিং টেলিভিছন সেৱা। জিঅʼ টিভিয়ে হাজাৰৰো অধিক লাইভ টেলিভিছন চেনেল আৰু ৭ দিনৰ ‘কেচ আপ’ বিষয়-বস্তু উপলব্ধ কৰায়।
-
নাৰীবাদ আৰু প্ৰচাৰ মাধ্যম
নাৰীবাদৰ সামাজিক-ৰাজনৈতিক আন্দোলন আৰু মতাদৰ্শৰ বিষয়ে বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে। এই মাধ্যমসমূহৰ ভিতৰত আছে:বাতৰি কাকত, সাহিত্য, ৰেডিঅ’, টেলিভিছন, ছ’চিয়েল মিডিয়া, চলচ্চিত্ৰ, ভিডিঅ’ গেম আদি। বহু নাৰীবাদী আন্দোলনৰ সফলতাৰ বাবে এইবোৰ অপৰিহাৰ্য হিচাপে বিবেচিত হৈছে।
-
কাৰ এণ্ড বাইক
কাৰ এণ্ড বাইক (Carandbike.com) হৈছে ২০১৫ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় অটোমোটিভ নিউজ প'ৰ্টেল আৰু ব্যৱহৃত গাড়ীৰ অনলাইন বজাৰ। ই অটোমোবাইল উদ্যোগৰ বিষয়ে বাতৰি সামৰি লয় আৰু বৰ্তমান ই এনডিটিভিৰপৰা অধিগ্ৰহণ কৰা মহিন্দ্ৰা গ্ৰুপৰ মালিকানাধীন ৱেবছাইট।
-
কৰ্মা নিউজ
দ্য কৰ্মা নিউজ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ডিজিটেল সংবাদ প'ৰ্টেল। এই প'ৰ্টেলটো ২০১৪ চনত ভিন্স মেথিউৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। কেৰালাৰ উপৰি তামিলনাডু আৰু কৰ্ণাটকতো ইয়াৰ ব্যুৰ' আছে। এই প'ৰ্টেলটো ভাৰতীয় কোম্পানী আইন ২০১৩-ৰ অধীনত পঞ্জীয়ন হোৱা দ্য কৰ্মা মিডিয়া প্ৰাইভেট লিমিটেডৰ অধীনত চলি আছে।
-
ফাৰ্ষ্ট প'ষ্ট
ফাৰ্ষ্টপোষ্ট (Firstpost) হৈছে নেটৱৰ্ক১৮ গ্ৰুপৰ মালিকানাধীন ভাৰতীয় সংবাদ ৱেবছাইট, যিয়ে চিএনএন-নিউজ১৮ আৰু চিএনবিচি টিভি১৮ও নিয়ন্ত্ৰণ কৰে। নেটৱৰ্ক ১৮ গ্ৰুপটো প্ৰথমে ৰাঘৱ বাহলৰ মালিকানাধীন আছিল। ২০১২ চনৰ জানুৱাৰী মাহত গোটটোৱে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰা ২৭ বিলিয়ন বিনিয়োগ লাভ কৰে।
-
লাইভ ইণ্ডিয়া
লাইভ ইণ্ডিয়া (Live India) হৈছে ৰাষ্ট্ৰীয় বাতৰি আৰু ভাইৰেল কণ্টেণ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰতীয় হিন্দী ভাষাৰ বাতৰি আৰু সংবাদ মাধ্যমৰ ৱেবছাইট। ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ নইডাত।