ভাৰতৰ পাৰ্বত্য ৰেল
৪ প্ৰবন্ধ
-
দাৰ্জিলিং হিমালয়ান ৰেল
দাৰ্জিলিং হিমালয়ান ৰেল (Darjeeling Himalayan Railway) পশ্চিমবংগৰ শিলিগুড়িৰ পৰা দাৰ্জিলিং চহৰলৈ চলাচল কৰা এখন নেৰ'গজ ৰেল পৰিসেৱা। এই ৰেল টয় ট্ৰেন বা পুতলা ৰেল নামে জনাজাত। দাৰ্জিলিং হিমালয়ান ৰেল ভাৰতীয় ৰেল কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হয়।
-
নীলগিৰি পাৰ্বত্য ৰে’লৱে
নীলগিৰি পাৰ্বত্য ৰে’লৱে’ ১৯০৮ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ভাৰতৰ তামিলনাডু ৰাজ্যৰ এক মিটাৰগজ ৰেলসেৱা। আৰম্ভণিতে মাদ্ৰাজ ৰে’লৱে’ই এই ৰেলসেৱা পৰিচালনা কৰিছিল। এতিয়াও ইয়াত ভাপ ইঞ্জিনে সেৱা আগবঢ়াই আছে। নীলগিৰি পাৰ্বত্য ৰে’লৱে’ বৰ্তমান দক্ষিণ ৰে’লৱে’ জ'নৰ নব-গঠিত চালেম ডিভিজনৰ অন্তৰ্গত।
-
ভাৰতৰ পাৰ্বত্য ৰেলপথ
দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ (Mountain Railways of India ) নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান তালিকাত অন্তৰ্ভুক্ত। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল।
-
কালকা-চিমলা ৰেলৱে
কালকা-চিমলা ৰেলৱে উত্তৰ-পশ্চিম ভাৰতৰ কালকা আৰু চিমলাৰ মাজত পৰ্বতীয়া পথেৰে চলাচল কৰা এটা নেৰগজ ৰেলসেৱা। পাহাৰ আৰু চৌপাশৰ মনোমোহা সৌন্দৰ্যৰ এই ৰেলসেৱা বিশেষভাৱে জনাজাত। ব্ৰিটিছ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী চিমলাক ভাৰতীয় ৰেল প্ৰণালীটোৰ সৈতে সংযোগ কৰিবলৈ কালকা-চিমলা ৰেলপথ নিৰ্মাণ কৰা হৈছিল।