অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ইমেজেন (টেক্সট-টু-ইমেজ মডেল)

ইমেজেন হৈছে গুগল ডিপমাইণ্ডদ্বাৰা বিকশিত টেক্সট-টু-ইমেজ মডেলসমূহৰ এটা শৃংখল। ২০২৩ এপ্ৰিলত ডিপমাইণ্ডৰ সৈতে একত্ৰীকৰণ হোৱাৰ আগলৈকে ইয়াক গুগল ব্ৰেইনৰদ্বাৰা বিকশিত কৰা হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৫ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইমেজেন হৈছে গুগল ডিপমাইণ্ডদ্বাৰা বিকশিত টেক্সট-টু-ইমেজ মডেলসমূহৰ এটা শৃংখল। ২০২৩ এপ্ৰিলত ডিপমাইণ্ডৰ সৈতে একত্ৰীকৰণ হোৱাৰ আগলৈকে ইয়াক গুগল ব্ৰেইনৰদ্বাৰা বিকশিত কৰা হৈছিল।১ ইমেজেনৰ প্ৰধান ব্যৱহাৰ হৈছে টেক্সট প্ৰম্প্টৰপৰা ছবি সৃষ্টি কৰা, যি Stability AI-ৰ ষ্টেবল ডিফিউজন, OpenAI-ৰ DALL-E, বা মিডজাৰ্নিৰ দৰে। এই মডেলটোৰ মূল সংস্কৰণ প্ৰথমে ২০২২ চনৰ মে’ মাহত প্ৰকাশিত এখন বৈজ্ঞানিক প্ৰবন্ধত আলোচনা কৰা হৈছিল।২ এই সঁজুলিয়ে উচ্চ-মানৰ ছবি সৃষ্টি কৰে আৰু গুগল একাউণ্ট থকা সকলো ব্যৱহাৰকাৰীৰ বাবে জিমিনি (চাটবট), ImageFX, আৰু Vertex AI-ৰ জৰিয়তে উপলব্ধ হয়।৩

ইতিহাস

ইমেজেনৰ প্ৰথম সংস্কৰণ ২০২২ চনৰ মে’ মাহত প্ৰকাশিত এটা প্ৰবন্ধত পেশ কৰা হৈছিল। ইয়াত প্ৰাকৃতিক ভাষাৰপৰা উচ্চ-মানৰ ছবি সৃষ্টি কৰাৰ ক্ষমতা আছিল।২ দ্বিতীয় সংস্কৰণ ইমেজেন ২ ২০২৩ চনৰ ডিচেম্বৰত মুক্তি পায়।৪ ইয়াৰ বিশেষ বৈশিষ্ট্য আছিল টেক্সট আৰু লোগো সৃষ্টি।৫ ইমেজেন ৩ ২০২৪ চনৰ আগষ্টত মুক্তি পায়।৬ গুগলে দাবী কৰিছিল যে নতুন সংস্কৰণত ছবিৰ বিস্তাৰিত আৰু আলোকৰ মান উন্নত কৰা হৈছে।৭ ২০২৫ চনৰ ২০ মে’ তাৰিখে Google I/O 2025-ত ইমেজেন ৪ মুক্তি পায়।৮

প্ৰযুক্তি

ইমেজেনে দুটা মুখ্য প্ৰযুক্তি ব্যৱহাৰ কৰে। প্ৰথমটো হৈছে ট্ৰান্সফৰ্মাৰ-ভিত্তিক বৃহৎ ভাষা মডেল, বিশেষকৈ T5, যাৰদ্বাৰা টেক্সট বুজি লয় আৰু ইমেজ সংশ্লেষণৰ বাবে এনক’ড কৰে। দ্বিতীয়টো হৈছে স্তৰভিত্তিক ডিফিউজন মডেল, যাৰদ্বাৰা উচ্চ-মানৰ ছবি সৃষ্টি হয়। ই তিনিটা পৰ্যায়ত ছবি সৃষ্টি কৰে: প্ৰথমে 64x64, তাৰপাছত 256x256 আৰু শেষত 1024x1024লৈ আপস্কেল কৰা হয়।২

ক্ষমতা

ইমেজেনে টেক্সট প্ৰম্প্টৰপৰা ফটো-বাস্তৱ ছবি সৃষ্টি কৰিব পাৰে।৩ ই বিভিন্ন ধৰণৰ শৈলী সৃষ্টি কৰিব পাৰে, যেনে সিনেমাটিক, 35mm ফিল্ম, ইলাষ্ট্ৰেচন, আৰু সুৰ্ৰিয়েল। আন টেক্সট-টু-ইমেজ মডেলৰ দৰে য়ো মানুহৰ আঙুলি, লিখনী, এম্বিগ্ৰাম আৰু টাইপোগ্ৰাফীৰ ক্ষেত্ৰত অসুবিধা ভোগে।

মডেলটোৱে পাঁচটা অনুপাতত ছবি সৃষ্টি কৰিব পাৰে: 9:16, 3:4, 1:1, 4:3, আৰু 16:9। লগতে, ই আগতে সৃষ্টি কৰা ছবিসমূহ প্ৰম্প্ট সম্পাদনা কৰি পুনৰ উন্নত কৰিবও পাৰে।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Roth, Emma; Peters, Jay. (April 20, 2023). Google's big AI push will combine Brain and DeepMind into one team. The Verge
  2. ↑ Saharia, Chitwan; Chan, William; Saxena, Saurabh. (2022). Photorealistic Text-to-Image Diffusion Models with Deep Language Understanding
  3. ↑ Peterson, Jake. (2024-08-16). Anyone With a Google Account Can Try Google's Latest AI Image Generator Right Now. Lifehacker
  4. ↑ (2025-03-12). Imagen 2 - our most advanced text-to-image technology. Google DeepMind
  5. ↑ Wiggers, Kyle. (2023-12-13). Google debuts Imagen 2 with text and logo generation. TechCrunch
  6. ↑ Schoon, Ben. (2024-08-16). Google opens access to Imagen 3, its latest model for AI image generation. 9to5Google
  7. ↑ Christian Rowlands. (2025-02-26). Some of the most realistic AI images you'll see were created with this free tool. TechRadar
  8. ↑ Kyle Wiggers. (2025-05-20). Imagen 4 is Google’s newest AI image generator. techcrunch.com

সম্পৰ্কিত শ্ৰেণী

গুগলকৃত্ৰিম বুদ্ধিমত্তা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমেজেন (টেক্সট-টু-ইমেজ মডেল)” প্ৰবন্ধৰ সংশোধন ৫৩৫০৩৮ (২৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।