গুগল
২৭ প্ৰবন্ধ
-
গুগল
গুগল ইন্কৰ্পোৰেটেড (Google Incorporated) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত অৱস্থিত।
-
গুগল প্লে’
গুগলপ্লে’ নতুবা গুগল প্লে’ ষ্ট’ৰ (Google Play or Google Play Store) (পূৰ্বতে এণ্ড্ৰইড মাৰ্কেট বুলিও জনাজাত) হৈছে গুগলৰ দ্বাৰা পৰিচালিত আৰু বিকশিত এক ডিজিটেল বিতৰণ সেৱা। ই এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম আৰু ইয়াৰ ডেৰাইভেটীভসমূহত চলি থকা প্ৰমাণিত ডিভাইচসমূহৰ বাবে অফিচিয়েল এপ ষ্ট’ৰ হিচাপে কাম কৰে।
-
জিমেইল
জিমেইল (Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা। ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল। কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল। ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি বিশ্বজুৰি জিমেইলৰ ১২০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে।
-
গুগল ভাঙনি
গুগল ভাঙনি বা গুগল অনুবাদ (Google Translate, গুগল ট্ৰেন্সলেট) হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে সজা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত ম'বাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। ডিচেম্বৰ, ২০২৪ লৈকে গুগল ভাঙনিত ২৪৯টা ভাষা সংযোগ কৰা হৈছে।
-
গুগল মেপ
গুগল মেপ (Google Maps) হৈছে গুগলৰ দ্বাৰা বিকশিত এক ৱেব মেপিং সেৱা। ই উপগ্ৰহৰ ছবি, এয়াৰিয়েল ফ'টোগ্ৰাফী, ষ্ট্ৰীট মেপ, ৰাজপথৰ ৩৬০° ইণ্টাৰেক্টিভ পেনোৰামিক দৃশ্য (ষ্ট্ৰীট ভিউ), বাস্তৱ সময়ৰ ট্ৰেফিক পৰিস্থিতি, আৰু পথ পৰিবহণৰ বাবে পথ পৰিকল্পনা প্ৰদান কৰে।
-
গুগল ড্ৰাইভ
Google Drive হৈছে Google-ৰ দ্বাৰা বিকশিত এটা ফাইল সংৰক্ষণ আৰু সমন্বয় সেৱা। ২০১২ চনৰ ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল গুগল ড্ৰাইভৰ যাত্ৰা। ই ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ চাৰ্ভাৰত নথিপত্ৰ সংৰক্ষণ, একাধিক ডিভাইচসমূহৰ মাজত নথিপত্ৰ সমন্বয় আৰু নথিপত্ৰ অংশীদাৰী প্ৰদান কৰে।
-
গুগল বুকছ
গুগল বুকছ (Google books; পূৰ্বতে গুগল বুক চাৰ্চ, গুগল প্ৰিণ্ট, আৰু ইয়াৰ ক'ড-নাম প্ৰজেক্ট অ'চেন) হৈছে গুগল ইনকৰ্পৰেশ্যনৰ এটা সেৱা যিয়ে গুগলে স্কেন কৰা কিতাপ আৰু আলোচনীৰ সম্পূৰ্ণ পাঠ্য সন্ধান কৰাৰ উপৰি এই পাঠ্য ব্যৱহাৰ কৰি লিখনীলৈ ৰূপান্তৰিত কৰে, আলোকীয় আখৰ চিনাক্তকৰণ (OCR), আৰু ইয়াৰ ডিজিটেল…
-
গুগল ক্ৰ'ম
গুগল ক্ৰ'ম হৈছে গুগলে বিকশিত কৰা এটা ক্ৰছ-প্লেটফৰ্ম ৱেব ব্ৰাউজাৰ। ইয়াক প্ৰথমবাৰৰ বাবে ২০০৮ চনত মাইক্ৰ'ছফ্ট উইণ্ড'জৰ বাবে মুকলি কৰা হৈছিল, এপল ৱেবকিট আৰু মজিলা ফায়াৰফক্সৰ পৰা মুক্ত চফ্টৱেৰ উপাদানসমূহৰ সৈতে নিৰ্মিত।
-
গুগল এআই
গুগল এআই (Google AI) হৈছে গুগলৰ কৃত্ৰিম বুদ্ধিমত্তাক লৈ গঠিত এটা বিভাগ। এই বিভাগটো Google I/O 2017-ত গুগলৰ CEO সুন্দৰ পিচায়ে ঘোষণা কৰিছিল। এই বিভাগে বিশ্বৰ বিভিন্ন ঠাইত যেনে জুৰিখ, পেৰিছ, ইজৰাইল, বেইজিঙৰ গৱেষণাৰ সুবিধাৰে নিজৰ প্ৰসাৰ ঘটাইছে।
-
গুগল নিউজ
গুগল নিউজ হৈছে গুগলে বিকশিত কৰা এটা বাতৰি সংগ্ৰহকাৰী সেৱা। ইয়াত হাজাৰ হাজাৰ প্ৰকাশক আৰু আলোচনীৰ পৰা আয়োজিত প্ৰবন্ধৰ লিংকৰ এক অবিৰত প্ৰবাহ উপস্থাপন কৰা হৈছে। গুগল নিউজ এণ্ড্ৰইড, আইঅ'এছ, আৰু ৱেবত এপ হিচাপে উপলব্ধ।
-
গুগল পে
গুগল পে (পূৰ্বতে এণ্ড্ৰইড পে) হৈছে মোবাইল পে'মেণ্ট সেৱা। গুগলে নিৰ্মাণ কৰা এই সেৱাৰ জৰিয়তে যোগযোগবিহীনভাৱে টকা-পইছা লেনদেনৰ সুবিধা কৰিব পৰা যায়। ব্যৱহাৰকাৰীসকলে এণ্ড্ৰয়েড ফোন, টেবলেট বা ঘড়ী জৰিয়তে ধন পৰিশোধ কৰিব পাৰে।
-
জি বোৰ্ড
জি-বোৰ্ড হৈছে এণ্ড্ৰইড আৰু আইঅ'এছ ডিভাইচৰ বাবে গুগলে বিকশিত কৰা এক ভাৰ্চুৱেল কী-বোৰ্ড এপ। ইয়াক প্ৰথমবাৰৰ বাবে মে' ২০১৬ ত আইঅ'এছ-ত মুকলি কৰা হৈছিল, তাৰ পিছত ডিচেম্বৰ ২০১৬ বৰ্ষত এণ্ড্ৰইডত মুকলি কৰি দিয়া হৈছিল।
-
ইমেজেন (টেক্সট-টু-ইমেজ মডেল)
ইমেজেন হৈছে গুগল ডিপমাইণ্ডদ্বাৰা বিকশিত টেক্সট-টু-ইমেজ মডেলসমূহৰ এটা শৃংখল। ২০২৩ এপ্ৰিলত ডিপমাইণ্ডৰ সৈতে একত্ৰীকৰণ হোৱাৰ আগলৈকে ইয়াক গুগল ব্ৰেইনৰদ্বাৰা বিকশিত কৰা হৈছিল।
-
গুগল আৰু ৱিকিপিডিয়াৰ মাজত সম্পৰ্ক
গুগল আৰু ৱিকিপিডিয়াৰ মাজৰ সম্পৰ্কটো ৱিকিপিডিয়াৰ ইতিহাসৰ আৰম্ভণিতে সহযোগমূলক আছিল, যেতিয়া গুগলে ব্যাপকভাৱে বিস্তৃত, সম্পাদনাযোগ্য নহোৱা আৰু বিজ্ঞাপনভিত্তিক ৱিকিপিডিয়া ক্লোনসমূহৰ পেইজৰেংক হ্ৰাস কৰাত সহায় কৰিছিল।
-
গুগল কেলেণ্ডাৰ
গুগল কেলেণ্ডাৰ (Google Calendar) হৈছে গুগলৰ দ্বাৰা উন্নীত কৰা এটা বিনামূলীয়া সময় ব্যৱস্থাপনা আৰু সময়সূচী (scheduling) প্ৰদান কৰা সেৱা। এই সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ দৈনন্দিন কাম-কাজ, অনুষ্ঠান, সভা, পৰীক্ষা, জন্মদিন আদি তাৰিখ আৰু সময় অনুসৰি সংৰক্ষণ, সম্পাদনা আৰু স্মৰণ কৰিব পাৰে।
-
গুগল ক্লাছৰুম
গুগল ক্লাছৰুম (Google Classroom) হৈছে গুগলদ্বাৰা বিকশিত এক অনলাইন শিক্ষা-ব্যৱস্থাপনা প্লেটফৰ্ম (Learning Management System)। ই শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ডিজিটেল মাধ্যমৰ জৰিয়তে পাঠদান, গৃহকাৰ্য, মূল্যায়ন আৰু যোগাযোগ সহজ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
-
গুগল ছাইটচ
গুগল ছাইট হৈছে গুগলৰ দ্বাৰা প্ৰদান কৰা বিনামূলীয়া, ৱেব-ভিত্তিক গুগল ডকচ্ সম্পাদক চুইটৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা এটা গঠনমূলক ৱিকি আৰু ৱেব পৃষ্ঠা সৃষ্টি সঁজুলি। এই সেৱাত আছে গুগল ডকচ্, গুগল শ্বীট, গুগল স্লাইড, গুগল ড্ৰয়িং, গুগল ফৰ্ম, আৰু গুগল কিপ৷ গুগল চাইটসমূহ কেৱল ৱেবতহে উপলব্ধ।
-
গুগল ডক্স
গুগল ডক্স (Google Docs) হৈছে গুগলৰ দ্বাৰা প্ৰদান কৰা বা বিকশিত এক বিনামূলীয়া ৱেব-ভিত্তিক লিখনি বা নথি-পত্ৰ প্ৰস্তুতকাৰী সেৱা বা সজুঁলি।ই গুগল ৱৰ্কস্পেছ আৰু গুগল ড্ৰাইভৰ এক অংশ। গুগল ডক্সত ব্যৱহাৰকাৰীয়ে অনলাইনতে নথি-পত্ৰ সৃষ্টি, সম্পাদনা, সংৰক্ষণ আৰু অন্য লোকৰ সৈতে ভাগ-বতৰা কৰিব পৰে।
-
গুগল প্লে গেমচ্
গুগল প্লে গেমচ্ হৈছে গুগলৰদ্বাৰা উন্নয়ন কৰা এটা অনলাইন ভিডিঅ’ গেমিং সেৱা, যিটো Windows 10 আৰু 11, ক্ৰ'মবুক আৰু এণ্ড্ৰইড ডিভাইচৰ বাবে উপলব্ধ। এণ্ড্ৰইডত গুগল প্লে গেমচ্ ২০১৩ চনত আৰম্ভ কৰা হৈছিল।
-
গুগল ফটোছ
গুগল ফটোছ (Google Photos) গুগলে উন্নয়ন বা বিকশিত কৰা এটা ক্লাউড–ভিত্তিক ফটো আৰু ভিডিঅ’ সংৰক্ষণ, পৰিচালনা আৰু ভাগ-বতৰা সেৱা। গুগ্লে ২০১৫ চনৰ ২৮ মেত এই সেৱাটোক চৰ্চিত Google+ Photos-ৰপৰা পৃথক কৰি স্বতন্ত্ৰ ৰূপত উন্মোচন কৰে।
-
গুগল যোগাযোগ
গুগল যোগাযোগ (Google Contacts) হৈছে গুগলৰ দ্বাৰা বিকশিত এটা যোগাযোগ ব্যৱস্থাপনা সেৱা। ই এটা এণ্ড্ৰইড মোবাইল এপ, এটা ৱেব এপ, বা গুগল ৱৰ্কস্পেচৰ অংশ হিচাপে জিমেইলৰ চাইডবাৰত উপলব্ধ।
-
ফটোমেথ
ফটোমেথ হৈছে এটা শিক্ষা প্ৰযুক্তি-ভিত্তিক ম’বাইল এপ্লিকেশ্যন, যাৰ মালিক হৈছে গুগল। এই এপটোৱে এটা কম্পিউটাৰ এলজেব্ৰা ছিষ্টেম ব্যৱহাৰ কৰে, যাক উন্নত অপটিকেল কেৰেক্টাৰ ৰেকগনিশ্যন প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰা হৈছে।
-
ফাইণ্ড হাব
ফাইণ্ড হাব (আগতে ফাইণ্ড মাই ডিভাইচ নামে জনা গৈছিল) হৈছে গুগলৰদ্বাৰা প্ৰদান কৰা এটা সম্পত্তি অনুসৰণ সেৱা, যাৰ জৰিয়তে ফাইণ্ড মাই ডিভাইচ নেটৱৰ্কৰ সৈতে সামঞ্জস্য থকা ডিভাইচসমূহ দূৰৰপৰা অনুসৰণ, অৱস্থান নিৰ্ণয় আৰু মচি পেলোৱা যায়। এই সেৱাটো প্ৰথমবাৰৰ বাবে ২ আগষ্ট ২০১৩ তাৰিখে আৰম্ভ কৰা হৈছিল।
-
ফাইলচ (গুগল)
ফাইলচ (Files)(আগতে ফাইলচ গ নামে জনা গৈছিল) হৈছে গুগলৰ দ্বাৰা উন্নীত কৰা এটা ফাইল ব্যৱস্থাপনা এপ, যাৰ জৰিয়তে ফাইল ব্ৰাউজিং, মিডিয়া ব্যৱহাৰ, সংৰক্ষণ পৰিষ্কাৰ আৰু অফলাইন ফাইল স্থানান্তৰ কৰা যায়। এই এপটো ৫ ডিচেম্বৰ ২০১৭ তাৰিখে গুগলে মুক্তি দিয়ে।
-
লাইভ ট্ৰেন্সক্ৰাইব
লাইভ ট্ৰেন্সক্ৰাইব হৈছে এটা ৰিয়েল-টাইম কেপশ্যনিং ম’বাইল এপ, যাক গুগলে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমৰ বাবে উন্নয়ন কৰিছে। এই এপ্লিকেশ্যনটো গেল’ডেট বিশ্ববিদ্যালয়ৰ সৈতে অংশীদাৰিত্বত উন্নয়ন কৰা হৈছিল।
-
ৰিড এলং
ৰিড এলং (পূৰ্বতে বলো নামে পৰিচিত) হৈছে শিশুসকলৰ বাবে এটা এণ্ড্ৰইড ভাষা-শিক্ষণ এপ, যাক গুগলে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমৰ বাবে উন্নয়ন কৰিছে। এই এপ্লিকেশ্যনটো প্লে ষ্ট’ৰত ৭ মাৰ্চ ২০১৯ তাৰিখে মুক্তি পায়।
-
গুগল লেন্স
গুগল লেন্স (Google Lens) হৈছে গুগল কোম্পানীৰদ্বাৰা বিকশিত এক চিত্ৰ চিনাক্তকৰণ সঁজুলি বা ভিজুৱেল চাৰ্চ সঁজুলি। যিয়ে ব্যৱহাৰকাৰীৰ ফোনৰ কেমেৰা ব্যৱহাৰ কৰি কোনো বস্তু, ফুল, ফল, জন্তু, লিখনি, স্থান বা অন্য কোনো সামগ্ৰী চিনাক্তকৰণ কৰি সেই সম্পৰ্কীয় তথ্যৰ যোগান ধৰে।