অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ইনফোচিচ লিমিটেড

ইনফোচিছ লিমিটেড হৈছে এক ভাৰতীয় বহুজাতিক প্ৰযুক্তি কোম্পানী যি ব্যৱসায়িক পৰামৰ্শ, তথ্য প্ৰযুক্তি, আৰু আউটচৰ্চিং সেৱা আগবঢ়ায়। পুনেত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ইনফোচিছ লিমিটেড হৈছে এক ভাৰতীয় বহুজাতিক প্ৰযুক্তি কোম্পানী যি ব্যৱসায়িক পৰামৰ্শ, তথ্য প্ৰযুক্তি, আৰু আউটচৰ্চিং সেৱা আগবঢ়ায়। ১পুনেত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত। ২০২১ চনৰ ২৪ আগষ্টত ইনফোচিছ ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ বজাৰ মূলধন প্ৰাপ্ত কৰা চতুৰ্থ ভাৰতীয় কোম্পানী হিচাপে পৰিগণিত হয়।২৩ ২০২৪ চনলৈকে ৰাজহ আৰু বজাৰ মূলধনৰ ক্ষেত্ৰত ইনফোচিছ হৈছে দ্বিতীয় সৰ্ববৃহৎ ভাৰতীয় ডাঙৰ প্ৰযুক্তিৰ কোম্পানী।১

ইতিহাস

ইনফোচিছ ১৯৮১ চনৰ ২ জুলাইত পুনেত এন আৰ নাৰায়ণ মূৰ্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁৰ সৈতে আন ছয়জন আছিল: নন্দন নিলেকানি, এন এছ ৰাঘৱন, ক্ৰিছ গোপালকৃষ্ণন, এছ ডি শিবুলাল, কে. দিনেশ আৰু অশোক অৰোৰা। আনুষ্ঠানিকভাৱে ৰাঘৱনৰ সৈতে কোম্পানীটোৰ প্ৰথম কৰ্মচাৰী। মূৰ্তিয়ে তেওঁৰ পত্নী সুধা মূৰ্তিৰ পৰা ১০,০০০ টকাৰে কোম্পানীটো আৰম্ভ কৰিছিল। যাৰ প্ৰাৰম্ভিক মূলধন আছিল $২৫০। ৪ ১৯৮১ চনৰ ২ জুলাইত ইয়াক ইনফোচিছ কনছাল্টেণ্ট প্ৰাইভেট লিমিটেড হিচাপে পঞ্জীয়ন কৰা হৈছিল।৫ ১৯৮৩ চনত ই কৰ্ণাটকৰ বেংগালুৰুলৈ স্থানান্তৰিত হয়।

কোম্পানীটোৱে ১৯৯২ চনৰ এপ্ৰিলত ইয়াৰ নাম সলনি কৰি ইনফোচিছ টেকন'লজিছ প্ৰাইভেট লিমিটেড ৰাখিছিল আৰু ১৯৯২ চনৰ জুন মাহত ৰাজহুৱা সীমিত কোম্পানী হোৱাৰ সময়ত ইনফোচিছ টেকন'লজিছ লিমিটেড হৈ পৰিছিল।৬ ২০১১ চনৰ জুন মাহত কোম্পানীটোৰ নাম সলনি কৰি ইনফোচিছ লিমিটেড ৰখা হয়।৭

ভৌগোলিক অৱস্থিতি

২০২৪ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে ইনফোচিছে বিশ্বব্যাপী ৯৪টা বিক্ৰী আৰু বিপণন কাৰ্যালয় আৰু ১৩৯টা উন্নয়ন কেন্দ্ৰ পৰিচালনা কৰি আহিছে। কোম্পানীটোৰ কাৰ্যকলাপ ভাৰত, আমেৰিকা যুক্তৰাজ্য, কানাডা, চীন, অষ্ট্ৰেলিয়া, জাপান, মধ্য প্ৰাচ্য আৰু ইউৰোপকে ধৰি মুখ্য অঞ্চলবোৰত বিয়পি আছে।৮ ২০২৩-২০২৪ বিত্তীয় বৰ্ষত, ইনফোচিছে ইয়াৰ ৰাজহৰ প্ৰায় ৬১%, উত্তৰ আমেৰিকাৰ পৰা ২৫%, ইউৰোপৰ পৰা ৩%, ভাৰতৰ পৰা ৩% আৰু মধ্য প্ৰাচ্য, অষ্ট্ৰেলিয়া আৰু জাপানকে ধৰি অন্যান্য অঞ্চলৰ পৰা ১১% ৰাজহ উপাৰ্জন কৰিছিল।৯

২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনআক্ৰমণৰ পিছত ইনফোচিছে পৰীক্ষাৰ সন্মুখীন হৈছিল। কোম্পানীটোৱে স্পষ্ট কৰিছিল যে ৰাছিয়ান প্ৰতিষ্ঠানসমূহৰ সৈতে ইয়াৰ কোনো সক্ৰিয় সম্পৰ্ক নাই।১০১১

কৰ্মচাৰী

২০২৪ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে ইনফোচিছে মুঠ ৩৪৩,২৩৪জন লোকক নিযুক্তি দিছিল। কৰ্মচাৰী সকলক সাধাৰণতে "ইনফোস্কিয়ন" বুলি কোৱা হয়। ইয়াৰ ভিতৰত ৪০.১% মহিলা আছিল। ১২এই কৰ্মচাৰীসকলৰ ভিতৰত ৩০২,৮৫০জন ছফটৱেৰ পেছাদাৰী, আনহাতে বাকী ৪০,৩৮৪জন বিক্ৰী আৰু সমৰ্থন ভূমিকাত নিয়োজিত।১২

মহীশূৰত থকা প্ৰশিক্ষণ কেন্দ্ৰ

মহীশূৰ চৌহদৰ উন্নয়ন কেন্দ্ৰ
মহীশূৰ চৌহদৰ উন্নয়ন কেন্দ্ৰছবি: Indianhilbilly · CC BY-SA 3.0

বিশ্বৰ সৰ্ববৃহৎ কৰ্পোৰেট বিশ্ববিদ্যালয় হিচাপে ৩৩৭ ১৩একৰ চৌহদত অৱস্থিত ইনফোচিছ গ্লোবেল এডুকেশ্বন চেণ্টাৰত ৪০০জন প্ৰশিক্ষক আৰু ২০০ ৰো অধিক শ্ৰেণীকোঠা আছে। ১৪এই প্ৰশিক্ষণ কেন্দ্ৰ‌ই আন্তৰ্জাতিক মানদণ্ড অনুসৰণ কৰে। ২০০২ চনত স্থাপিত আৰু ২০১৫ চনৰ জুনৰ ভিতৰত প্ৰায় ১২৫,০০০ অভিযান্ত্ৰিক স্নাতকক প্ৰশিক্ষণ দিয়া হৈছিল।১৪ কেন্দ্ৰটোৱে বিভিন্ন প্ৰযুক্তিৰ যিকোনো সময়তে ১৪,০০০ কৰ্মচাৰীক আসন আৰু প্ৰশিক্ষণ দিব পাৰে।১৫

মুখ্য কাৰ্যবাহী বিষয়া

১৯৮১ চনত ইনফোচিছ প্ৰতিষ্ঠা হোৱাৰ পৰা ২০১৪ চনলৈকে ইনফোচিছৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল ইয়াৰ প্ৰতিষ্ঠাপক প্ৰাৰম্ভিক ২১ বছৰৰ বাবে এন. আৰ. নাৰায়ণ মূৰ্তি। এইখিনি সময়ত তেওঁ কোম্পানীটোৰ নেতৃত্ব দিছিল। ড. বিশাল চিক্কা আছিল প্ৰথম বাহ্যিক মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ প্ৰায় তিনি বছৰ সেৱা আগবঢ়াইছিল। ১৬

বিতৰ্ক

আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ জালিয়াতীৰ নিষ্পত্তি

২০১৯ চনৰ ডিচেম্বৰত কেলিফৰ্ণিয়াৰ এটৰ্নি জেনেৰেল জেভিয়াৰ বেকাৰে ইনফোচিছ আৰু ইয়াৰ বিপিএম (ব্যৱসায় প্ৰক্ৰিয়া ব্যৱস্থাপনা) সহায়ক কোম্পানীৰ সৈতে জড়িত ৮০০,০০০ ডলাৰৰ নিষ্পত্তি ঘোষণা কৰিছিল। কেলিফৰ্ণিয়া ৰাজ্যৰ ৱেবছাইটত এক চৰকাৰী বিবৃতি অনুসৰি, ২০০৬ আৰু ২০১৭ চনৰ ভিতৰত প্ৰায় ৫০০ ইনফোচিছ কৰ্মচাৰীয়ে প্ৰয়োজনীয় এইচ-1বি ভিছাৰ পৰিৱৰ্তে ইনফোচিছ-পৃষ্ঠপোষকতাত বি-1 ভিছাত ৰাজ্যখনত কাম কৰি থকা দেখা গৈছিল।১৭১৮

তথ্যসূত্ৰ

  1. ↑ Infosys Overview. Infosys
  2. ↑ Infosys becomes 4th Indian company to touch $100 bn market cap. The Times of India
  3. ↑ Salil, K. (2021-08-24). Infosys becomes fourth Indian company to reach market cap of $100 billion. The Federal
  4. ↑ Major events in the history of Infosys. Rediff.com Business
  5. ↑ Company History of Infosys. Moneycontrol.com
  6. ↑ (2023-10-12). Not Just Narayana Murthy, Here's The Untold Story Of Infosys' Six Other Co-Founders. IndiaTimes
  7. ↑ About Infosys. Infosys
  8. ↑ About Us. Infosys.com
  9. ↑ Infosys Annual Report 2023-24. Infosys.com
  10. ↑ (2022-03-25). Rishi Sunak faces questions over wife Akshata Murty's non-dom tax status. BBC News
  11. ↑ (2022-06-26). Infosys has team of less than 100 in Russia, transitioning them outside: CEO Parekh. Business Today
  12. ↑ Ltd., Infosys. (April 2024). Infosys Annual Report FY23-24. Infosys. infosys.com
  13. ↑ Infosys campus reflects commitment to a greener world. Infosys
  14. ↑ (1 June 2012). Infosys has trained 100,000 graduates at Mysore campus. Mathrubhumi
  15. ↑ (9 September 2013). Infosys builds world's biggest training centre in Mysore. Mysore Samachar
  16. ↑ (12 June 2014). Infosys Names Vishal Sikka First External CEO; Chairman Murthy to Step Down. NDTV Gadgets
  17. ↑ (17 December 2019). Attorney General Becerra Announces $800,000 Settlement Against Infosys for Misclassification of Foreign Workers and Tax Fraud. State of California – Department of Justice – Office of the Attorney General
  18. ↑ (18 December 2019). Infosys to Settle Visa Violation Case in California for $800,000. The Hindu

সম্পৰ্কিত শ্ৰেণী

প্ৰযুক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইনফোচিচ লিমিটেড” প্ৰবন্ধৰ সংশোধন ৫৭২৫৮৯ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।