অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

জি বোৰ্ড

জি-বোৰ্ড হৈছে এণ্ড্ৰইড আৰু আইঅ'এছ ডিভাইচৰ বাবে গুগলে বিকশিত কৰা এক ভাৰ্চুৱেল কী-বোৰ্ড এপ। ইয়াক প্ৰথমবাৰৰ বাবে মে' ২০১৬ ত আইঅ'এছ-ত মুকলি কৰা হৈছিল, তাৰ পিছত ডিচেম্বৰ ২০১৬ বৰ্ষত এণ্ড্ৰইডত মুকলি কৰি দিয়া হৈছিল।

হালনাগাদ: ১০ জানুৱাৰী ২০২৫ ৬০৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জি-বোৰ্ড হৈছে এণ্ড্ৰইড আৰু আইঅ'এছ ডিভাইচৰ বাবে গুগলে বিকশিত কৰা এক ভাৰ্চুৱেল কী-বোৰ্ড এপ। ইয়াক প্ৰথমবাৰৰ বাবে মে' ২০১৬ ত আইঅ'এছ-ত মুকলি কৰা হৈছিল, তাৰ পিছত ডিচেম্বৰ ২০১৬ বৰ্ষত এণ্ড্ৰইডত মুকলি কৰি দিয়া হৈছিল।

সুবিধা সমূহ

জিবোৰ্ডত গুগল চাৰ্চ সংলগ্ন হৈ আছে, লগতে আছে ৱেব ফলাফল (এপ্ৰিল ২০২০-ৰ পৰা আঁতৰোৱা হৈছে)১আৰু পূৰ্বানুমান কৰা উত্তৰ, জিআইএফ আৰু ইমোজিৰ সহজে অনুসন্ধান আৰু ভাগ বতৰা, প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী শব্দৰ পৰামৰ্শ দিয়া এক পূৰ্বানুমান কৰিব পৰা টাইপিং ইঞ্জিন, আৰু বহুভাষিক ভাষাৰ ভঁৰাল। কীবৰ্ডৰ আপডেটবোৰে অতিৰিক্ত কাৰ্যক্ষমতা অন্তৰ্ভু্ত কৰিছে, যাৰ ভিতৰত আছে জিআইএফ পৰামৰ্শ, ডাঠ ৰঙৰ থীমৰ বিকল্প বা কীবৰ্ড পৃষ্ঠভূমি হিচাপে ব্যক্তিগত ছবি যোগ দিয়া, নিজৰ মাতৰ দ্বাৰা লিখাৰ সুবিধা, পৰৱৰ্তী-বাক্যাংশ পূৰ্বানুমান, আৰু হাতেৰে অঁকা ইমোজি চিনাক্তকৰণ। আই.অ'.এছ.-ত মুকলি কৰাৰ সময়ত, কীবৰ্ডখনে ইংৰাজী ভাষা অন্তৰ্ভূ্ক্ত কৰিছিল, পৰৱৰ্তী মাহবোৰত ক্ৰমান্বয়ে অধিক ভাষা যোগ দিয়া হৈছিল, আনহাতে এণ্ড্ৰইডত, কীবৰ্ড খনে মুকলিৰ সময়ত ১০০ তকৈও অধিক ভাষা অন্তৰ্ভু্ক্ত কৰিছিল। আগষ্ট ২০১৮ ত, জিবোৰ্ডে গুগল প্লে ষ্টোৰত ১ বিলিয়ন ইনষ্টল অতিক্ৰম কৰে, যাৰ ফলত ই আটাইতকৈ জনপ্ৰিয় এণ্ড্ৰইড এপ্পসমূহৰ ভিতৰত এটা হৈ পৰে। ইয়াক গুগল প্লে ষ্টোৰৰ দ্বাৰা জোখা হয় আৰু ইয়াত ব্যৱহাৰকাৰীৰ দ্বাৰা ডাউনলোডৰ লগতে এপৰ পূৰ্ব-ইনষ্টল কৰাৰ ইতিহাসো অন্তৰ্ভুক্ত থাকে।২গুগলে ব্যক্ত কৰিছে যে জিবোৰ্ডে "আগন্তুক মাহবোৰত" অধিক ভাষা যোগ দিব। অক্টোবৰ ২০১৯ লৈকে, ৯১৬টা ভাষা জি বোৰ্ড এ অন্তৰ্ভুক্ত কৰে। ৩ জিবোৰ্ডত ওপঙা কীবোৰ্ডআৰু গুগল অনুবাদক ও আছে।৪ জিবোৰ্ডে মে' ২০১৬ চনৰ আপডেটৰ পিছত এণ্ড্ৰইডত এখন হাতৰ সমৰ্থন সংলগ্ন কৰে। যেতিয়া ইয়াক গুগল কীবৰ্ড হিচাপে ব্ৰেণ্ড কৰা হৈছিল তেতিয়া এই কাৰ্যক্ষমতা এপটোত যোগ কৰা হৈছিল।জিবোৰ্ডত QWERTY, QWERTZ, AZERTY, Dvorak আৰু Colemak কে ধৰি বিভিন্ন কীবৰ্ড লেআউট সংযোজিত হৈ আছে।

আগষ্ট ২০১৬-ত মুকলি কৰা আই.অ'.এছ. এপৰ বাবে এক আপডেটত ফৰাচী, জাৰ্মান, ইটালিয়ান, পৰ্তুগীজ আৰু স্পেনিছ ভাষা যোগ দিয়া হৈছে, লগতে "স্মাৰ্ট জি.আই.এফ. পৰামৰ্শ" প্ৰদান কৰা হৈছে, য'ত কীবৰ্ডে লিখা পাঠৰ সৈতে প্ৰাসঙ্গিক জি.আই.এফ.-ৰ পৰামৰ্শ দিব। কীবোৰ্ডখনে ডাৰ্ক থীমৰ বাবে নতুন বিকল্প প্ৰদান কৰে বা কীবৰ্ডৰ পৃষ্ঠভূমি হিচাপে কেমেৰা ৰোলৰ পৰা ব্যক্তিগত ছবি যোগ দিয়ে। ৫ মাৰ্চ ২০১৮-ত আন এটা নতুন আপডেটত ক্ৰোৱেচিয়ান, চেক, ডেনিছ, ডাচ্চ, ফিনিছ, গ্ৰীক, পোলিছ, ৰোমানিয়ান, বেলুচি, চুইডিছ, কাতালান, হাংগেৰিয়ান, মালয়, ৰাছিয়ান, লেটিন আমেৰিকান স্পেনিছ আৰু তুৰ্কী ভাষা যোগ দিয়া হয়, যাৰ ফলত ব্যৱহাৰকাৰীসকলে "স্পেচ বাৰত মাইক বুটামটো দীঘলীয়াকৈ টিপিব পাৰে আৰু কথা পাতিব পাৰে"। ২০১৭ চনৰ এপ্ৰিল মাহত গুগলে জিবৰ্ডত সমৰ্থিত ভাৰতীয় ভাষাৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰি ১১ টা নতুন ভাষা যোগ দিয়ে, যাৰ ফলত সমৰ্থিত ভাৰতীয় ভাষাৰ মুঠ সংখ্যা ২২ লৈ বৃদ্ধি পায়।

৬ জুন ২০১৭-ত, এণ্ড্ৰইড এপটো হাতেৰে অঁকা ইমোজিৰ চিনাক্তকৰণ আৰু একক শব্দৰ সলনি সম্পূৰ্ণ বাক্যাংশৰ পূৰ্বানুমান কৰাৰ সামৰ্থ্য সমৰ্থন কৰিবলৈ আপডেট কৰা হৈছিল। কাৰ্যক্ষমতা পৰৱৰ্তী সময়ত আইঅ'এছ এপলৈ আহিব বুলি আশা কৰা হৈছে।মাৰ্চ 2019-ত অফলাইন মাত চিনাক্তকৰণ যোগ কৰা হৈছিল। ১২ ফেব্ৰুৱাৰী ২০২০ তাৰিখে, এটা নতুন সুবিধা "ইমজি কিটচেন"(ইমজি পাকঘৰ ) প্ৰৱৰ্তন কৰা হৈছিল যিয়ে ব্যৱহাৰকাৰীসকলক বিভিন্ন ইমজি "mash up" কৰিবলৈ আৰু মেচেজ কৰোঁতে সেইবোৰ ষ্টিকাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সুবিধা দিছিল। ২০২১ চনৰ অক্টোবৰত ব্যাকৰণ সংশোধন আৰম্ভ কৰা হৈছিল প্ৰথমে "পিক্সেল ৬ ছিৰিজ"ত। ৭

প্ৰাপ্তি

২০১৬ চনত, The Wall Street Journal এ কীবৰ্ড খনৰ প্ৰশংসা কৰিছিল, বিশেষকৈ একত্ৰিত গুগল সন্ধান সুবিধাৰ। অৱশ্যে, এইটো মন কৰা হৈছিল যে এপটোৱে বৰ্তমান ডিভাইচৰ আন এপৰ সৈতে একত্ৰীকৰণ সমৰ্থন নকৰে, অৰ্থাৎ "Buy Captain America movie tickets" ৰ দৰে প্ৰশ্নবোৰে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ফোনত ইনষ্টল কৰা চিনেমা টিকটৰ বাবে এপৰ সলনি ৱেব ব্ৰাউজাৰলৈ প্ৰেৰণ কৰে। The Wall Street Journal এ পূৰ্বানুমান মূলক টাইপিং ইঞ্জিনৰ প্ৰশংসা কৰি কয় যে ই "blows past most competitors" আৰু "it gets smarter with use"। তেওঁলোকে এইটোও আৱিষ্কাৰ কৰিছিল যে জিবোৰ্ডে "আপুনি শব্দ টাইপ কৰাৰ লগে লগে চতুৰতাৰে ইমজিৰ পৰামৰ্শ দিয়ে"। এইটো উল্লেখ কৰা হৈছিল যে এণ্ড্ৰইডৰ বাবে এখন হাতৰ মোডৰ অভাৱ আছিল (এণ্ড্ৰইডৰ বাবে মে 2016 ত যোগ কৰা এটা সুবিধা), লগতে অভাৱ আছিল ৰং সলনি কৰাৰ বাবে বিকল্পৰ অভাৱ বা চাবিৰ আকাৰ; লিখিছিল যে "যদি আপুনি কীবৰ্ড এটা অনুকূলিত কৰিব বিচাৰে, জিবোৰ্ড আপোনাৰ বাবে নহয়।"

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ APKMirror
  2. ↑ www.androidpolice.com/2018/08/22/gboard-passes-o
  3. ↑ support.google.com/gboard/answer/6380730
  4. ↑ https://support.google.com/gboard/answer/7421372?co=GENIE.Platform%3DAndrodhl=en
  5. ↑ Olá Gboard: new languages, personal keyboards and more
  6. ↑ Google dramatically improves support for Indian languages across Translate, Gboard and more
  7. ↑ Gboard on the Pixel 6 series can now catch your silly grammatical errors

সম্পৰ্কিত শ্ৰেণী

গুগল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জি বোৰ্ড” প্ৰবন্ধৰ সংশোধন ৪৬৩০২০ (১০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।